ETV Bharat / sports

এছিয়া কাপৰ দল ঘোষণাৰ দুদিন পিছতে ভাৰতীয় ক্ৰিকেটাৰে ত্যাগ কৰিলে অধিনায়কত্ব

ভাৰতীয় প্ৰবীণ ক্ৰিকেটাৰগৰাকীয়ে অধিনায়ক হিচাপে নিজৰ কেৰিয়াৰ অব্যাহত নৰখাৰ সিদ্ধান্ত লৈছে ।

Ajinkya Rahane steps down as captaincy after Asia Cup squad announcement
অজিংক্য ৰহাণে (AP)
author img

By ETV Bharat Assamese Team

Published : August 21, 2025 at 4:47 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: এছিয়া কাপ ২০২৫ৰ দল ঘোষণাৰ মাত্ৰ দুদিন পিছতে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰবীণ ক্ৰিকেটাৰ অজিংক্য ৰহাণে নিজৰ ঘৰুৱা ক্ৰিকেট দল মুম্বাইৰ অধিনায়কত্ব ত্যাগ কৰাৰ কথা ঘোষণা কৰে । ছ’চিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে তেওঁ এই তথ্য সদৰী কৰে । ৰহাণেৰ মতে নতুন অধিনায়ক বাচনি কৰাৰ এইটোৱেই উপযুক্ত সময় ।

ৰহাণে এৰিলে অধিনায়কত্ব

বৃহস্পতিবাৰে (২১ আগষ্ট) নিজৰ এক্স একাউণ্টত অজিংক্য ৰহাণে লিখে, ‘‘মুম্বাই দলৰ অধিনায়কত্ব আৰু চেম্পিয়নশ্বিপ জয় কৰাটো মোৰ বাবে সন্মানৰ কথা । নতুন ঘৰুৱা ছিজনৰ লগে লগে মই বিশ্বাস কৰো যে নতুন অধিনায়কক তৈয়াৰ কৰাৰ সঠিক সময় আৰু সেয়েহে মই অধিনায়কৰ ভূমিকা অব্যাহত নৰখাৰ সিদ্ধান্ত লৈছো ।’’

অৱশ্যে ৩৭ বছৰীয়া ৰহাণে স্পষ্টভাৱে কয় যে তেওঁ বেটছমেন হিচাপে সকলো ফৰ্মেটতে মুম্বাই দলক সেৱা আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিব । তেওঁ এক্সত লিখিছে, ‘‘এজন খেলুৱৈ হিচাপে মোৰ শ্ৰেষ্ঠখিনি দিবলৈ আৰু মুম্বাই ক্ৰিকেট এছ’চিয়েশ্যনৰ সৈতে মোৰ যাত্ৰা অব্যাহত ৰাখিবলৈ মই সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ, যাতে আমি আৰু অধিক ট্ৰফী লাভ কৰিব পাৰো । এই ছিজনৰ বাবে অধিক আগ্ৰহী ।’’

মুম্বাইৰ হৈ ৰহাণেৰ প্ৰদৰ্শন

ৰহাণেৰ অধিনায়কত্বৰ অধীনত ২০২৩-২৪ ছিজনত মুম্বাইয়ে চৈয়দ মুস্তাক আলী ট্ৰফী লাভ কৰি চেম্পিয়নশ্বিপৰ সাত বছৰীয়া ইতিহাস অন্ত পেলাবলৈ সক্ষম হৈছিল । ইয়াৰ উপৰিও তেওঁৰ অধিনায়কত্বৰ অধীনত তেওঁ মুম্বাইক ৰঞ্জী ট্ৰফীৰ ছেমি ফাইনেলতো আগুৱাই লৈ যায় । প্ৰথম শ্ৰেণীৰ মেচত মুম্বাইৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ তালিকাত দ্বিতীয় স্থানত আছে ৰহাণে । তেওঁৰ আগত ৱাছিম ​​জাফাৰ । ৰহাণে ৭৬খন মেচত গড়ে ৫২ ৰাণ কৰি মুঠ ৫৯৩২ ৰাণ সংগ্ৰহ কৰে । য’ত ১৯টা শতকও অন্তৰ্ভুক্ত কৰা হৈছে, যিটো জাফাৰৰ ২৯টা শতকৰ পিছতে দ্বিতীয় স্থানত আছে ।

অজিংক্য ৰহাণেৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট

অজিংক্য ৰহাণে এতিয়াও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰা নাই । ভাৰতৰ হৈ তেওঁ ৮৫খন টেষ্ট, ৯০খন এদিনীয়া আৰু ২০খন টি-২০ মেচ খেলিছে । ইয়াৰ উপৰিও তেওঁ ১৯৮ খন আই পি এল মেচতো খেলিছে । ২০২৫ চনৰ আই পি এলত কেকেআৰে তেওঁক তেওঁলোকৰ দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়ে ।

লগতে পঢ়ক : ICC ৰ এদিনীয়া ৰেংকিঙৰ পৰা অন্তৰ্ধান হ’ল বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ নাম, জানক আচল কাৰণ