নতুন দিল্লী: ১ জুনৰ পৰা কাৰ্যকৰী হ’বলগীয়া খেলুৱৈৰ মৰ্যাদা আৰু স্থানান্তৰ সম্পৰ্কীয় নিয়মাৱলীৰ সংশোধনীৰ কথা ঘোষণা কৰিছে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে । এই তথ্য দিছে এ আই এফ এফে (All India Football Federation চমুকৈ AIFF) ।
সংস্কাৰসমূহে খেলুৱৈৰ কল্যাণ বৃদ্ধি, মহিলা ফুটবল আৰু যুৱ ফুটবলক অধিক ফলপ্ৰসূভাৱে সমৰ্থন কৰা আৰু নিয়ন্ত্ৰণমূলক স্বচ্ছতা উন্নত কৰাত গুৰুত্ব আৰোপ কৰিছে ।
আপডেট কৰা নিয়মসমূহৰ এটা উল্লেখযোগ্য দিশ হ’ল মহিলা খেলুৱৈৰ অধিকাৰ আৰু মংগলৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে । AIFF-এ এক নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰিছে, যাৰ ফলত মহিলা খেলুৱৈসকলে মাহেকীয়া ঋতুচক্ৰৰ সময়ত প্ৰশিক্ষণৰ পৰা ছুটী ল’ব পাৰিব ।
সম্প্ৰসাৰিত দফাসমূহে এতিয়া খেলুৱৈ আৰু প্ৰশিক্ষক উভয়ৰে বাবে গৰ্ভাৱস্থা, দত্তক লোৱা আৰু পৰিয়ালৰ ছুটীকো সামৰি লৈছে, যাৰ লক্ষ্য হৈছে ক্ৰীড়াত মহিলাসকলৰ বাবে অধিক অন্তৰ্ভুক্ত পৰিৱেশ সৃষ্টি কৰা ।
সংশোধনীসমূহৰ ভিতৰত খেলুৱৈৰ বদলি আৰু যুৱ বিকাশৰ ক্ষেত্ৰতো গাঁথনিগত সংস্কাৰ অন্তৰ্ভুক্ত কৰা হৈছে । ন্যায্যতা নিশ্চিত কৰিবলৈ খেলুৱৈ ঋণৰ চুক্তিৰ সংখ্যা আৰু সময়সীমাৰ ওপৰত নতুন সীমা নিৰ্ধাৰণ কৰা হৈছে । যুৱ প্ৰতিভাক সুৰক্ষিত কৰিবলৈ AIFF-এ একাডেমীত নাবালকৰ পঞ্জীয়ন সম্পৰ্কীয় নিয়ম সংশোধন কৰিছে, য’ত FIFA ৰ মানদণ্ড অনুসৰি শিশু সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ।
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে AIFF-এ ২০২৫-২৬ ছিজনৰ বাবে এ আই এফ এফ একাডেমীৰ (AIFF Academy Accreditation) স্বীকৃতিৰ নিয়ম আৰু বিধি ঘোষণা কৰে । একাডেমী স্বীকৃতিৰ আবেদনৰ উইণ্ড’ এতিয়া খোলা হৈছে আৰু শেষ তাৰিখ ১০ জুন ।
এলিট একাডেমীৰ স্বীকৃতিৰ বাবে যোগ্য হ’ব বিচৰা একাডেমীয়ে এক তাৰকা ৰেটিঙেৰে একাডেমী স্বীকৃতি লাভ কৰিবলৈ ন্যূনতম ন পইণ্টৰ পৰীক্ষা তালিকা (nine-point checklist) সম্পূৰ্ণ কৰিব লাগিব । প্ৰতিটো শিতানক গ্ৰেডেচন চিষ্টেমত দুটাৰ পৰা পাঁচ তাৰকালৈকে উৎকৃষ্টতাৰ ৰেটিং দিয়া হ’ব ।
যিবোৰ একাডেমীয়ে ন্যূনতম ন পইণ্টৰ পৰীক্ষা তালিকা পূৰণ কৰিব নোৱাৰে যদিও এতিয়াও AIFF ৰ একাডেমী স্বীকৃতি প্ৰক্ৰিয়াৰ জৰিয়তে আনুষ্ঠানিকভাৱে স্বীকৃতি লাভ কৰিব বিচাৰে, সেইবোৰ একাডেমীক ‘‘মৌলিক স্বীকৃতি’’ (Basic Accreditation) শ্ৰেণী নিৰ্ধাৰণ কৰা হ’ব, যিটো এলিট একাডেমী স্বীকৃতিৰ প্ৰথম ৰাউণ্ড সম্পূৰ্ণ হোৱাৰ পিছত আৰম্ভ কৰা হ’ব ।
লগতে পঢ়ক: এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপ: ভাৰতীয় খেলুৱৈৰ দপদপনি