ETV Bharat / sports

বিৰাট কোহলীৰ পৰা হৰভজন সিঙলৈ; শোকস্তব্ধ ভাৰতীয় ক্ৰিকেট জগত

গুজৰাটৰ আহমেদাবাদত সংঘটিত হোৱা বিমান দুৰ্ঘটনাক লৈ শোক প্ৰকাশ ভাৰতীয় ক্ৰিকেটাৰসকলৰ । ছ’চিয়েল মিডিয়াত পোষ্ট কৰি শোক প্ৰকাশ ক্ৰিকেটাৰৰ ।

AIR INDIA PLANE CRASH
শোকস্তব্ধ ভাৰতীয় ক্ৰিকেট জগত (IANS)
author img

By ETV Bharat Assamese Team

Published : June 12, 2025 at 10:06 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : গুজৰাটৰ আহমেদাবাদৰ বিমান দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে ভাৰতীয় ক্ৰিকেটাৰসকলে । গুজৰাটৰ আহমেদাবাদ বিমানবন্দৰত এয়াৰ ইণ্ডিয়াৰ বয়িং ৭৮৭ ড্ৰিমলাইনাৰ বিমানখন (এ-১৭১) আহমেদাবাদৰ পৰা লণ্ডনলৈ উৰা মৰাৰ ২ মিনিটৰ ভিতৰতে দুৰ্ঘটনাগ্ৰস্ত হয় । এই বিমানখনত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীকে ধৰি মুঠ ২৪২ জন যাত্ৰী আছিল ।

এই বিমান দুৰ্ঘটনা সমগ্ৰ দেশৰ বাবে দুখজনক । ভাৰতীয় ক্ৰিকেটাৰসকলেও ছ’চিয়েল মিডিয়াত পোষ্ট কৰি এই ঘটনাক লৈ শোকপ্ৰকাশ কৰিছে । ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলী আৰু বৰ্তমানৰ এদিনীয়া অধিনায়ক ৰোহিত শৰ্মা, প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিং, শিখৰ ধাৱনেও এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে । ইয়াৰ সমান্তৰালকৈ অজিংক্য ৰাহানেও ইনষ্টাগ্ৰামত এটা কাহিনী পোষ্ট কৰি এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে ।

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত শোক প্ৰকাশ কৰি বিৰাট কোহলীয়ে ইনষ্টাগ্ৰামত কয়, "আজি আহমেদাবাদত বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ পাই মই বৰ দুখ পাইছো। এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই পেলোৱা লোকসকল আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে মোৰ সমবেদনা আৰু প্ৰাৰ্থনা ।"

ৰোহিত শৰ্মাই কয়, "আহমেদাবাদৰ ঘটনাত অতি দুখী আৰু এয়া হৃদয়বিদাৰক খবৰ । এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোক আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে মই প্ৰাৰ্থনা কৰিছো ।"

হৰভজন সিঙে লিখিছে, "আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ দুখজনক খবৰ পাই মই গভীৰভাৱে স্তম্ভিত আৰু দুখী হৈছো । কল্পনাতীত যন্ত্ৰণা আৰু ক্ষতি সহ্য কৰি থকা সকলো ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰতি মোৰ সমবেদনা আৰু প্ৰাৰ্থনা । এনে মুহূৰ্তত শব্দ বৰ অপৰ্যাপ্ত যেন লাগে যদিও ক্ষতিগ্ৰস্ত লোকসকলে শক্তি, সাহস আৰু সমৰ্থন বিচাৰি পাব বুলি আশা কৰিলোঁ । এই ট্ৰেজেডীত ক্ষতিগ্ৰস্ত সকলোকে মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ ।"

ইৰফান পাঠানে কয়, "আজি আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত অতি দুখী । যাত্ৰী, ক্ৰু আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে প্ৰাৰ্থনা কৰা ।"

শিখৰ ধাৱনে কয়, "মেঘনীৰ সমীপত সংঘটিত দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হোৱা প্ৰতিজন ব্যক্তিলৈ সমবেদনা জ্ঞাপন কৰিছো । নিজৰ আপোনজনৰ বাবে শক্তি আৰু প্ৰাৰ্থনা কামনা কৰি ।"

অজিংক্য ৰাহানে লিখিছে, "আহমেদাবাদত সংঘটিত হোৱা কৰুণ বিমান দুৰ্ঘটনাত অতি দুখী । ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে প্ৰাৰ্থনা কৰা ।"

উল্লেখ্য যে, বিমানখনত থকা ২৪২ জন যাত্ৰীৰ ভিতৰত ১৬৯ জন ভাৰতীয় নাগৰিক, ৫৩ জন ব্ৰিটিছ, ১ জন কানাডিয়ান আৰু ৭ জন পৰ্তুগীজ নাগৰিক আছিল । এই দুৰ্ঘটনাৰ পিছত চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা বিমান চলাচল সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে ।

লগতে পঢ়ক : দুৰ্ঘটনাৰ পূৰ্বে মে’ ডে কল কৰিছিল পাইলটে; আহমেদাবাদৰ বিমান দুৰ্ঘটনাক লৈ বিশ্বজুৰি শোকৰ বন্যা

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা : যাত্ৰীৰ ৰূপত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী

DNA পৰীক্ষাৰ জৰিয়তে চিনাক্ত কৰা হ'ব আহমেদাবাদৰ বিমান দুৰ্ঘটনাত পতিত লোকৰ পৰিচয়

ভয়ংকৰ বিমান দুৰ্ঘটনাৰ মাজতো প্ৰাণ ৰক্ষা পৰিল ৰমেশৰ; কোনখন আসনত বহিছিল তেওঁ