স্পৰ্টছ ডেস্ক, 2 আগষ্ট : পেৰিছ অলিম্পিকৰ মহিলা একক বেডমিণ্টন ইভেণ্টৰ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হ’ল ভাৰতীয় তাৰকা শ্বাটলাৰ পি ভি সিন্ধু ৷ আনহাতে লক্ষ্য সেনে প্ৰি কোৱাৰ্টাৰ ফাইনেলত জয়ী হৈ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ৷ প্ৰি কোৱাৰ্টাৰ ফাইনেল খেলখনত চীনৰ খেলুৱৈ জিয়াওৰ হাতত ষ্ট্ৰেইট ছেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় সিন্ধু ৷ 21-19, 21-14 ব্যৱধানত পৰাস্ত হয় ভাৰতীয় শ্বাটলাৰগৰাকী ৷ ইয়াৰ লগে লগে পেৰিছ অলিম্পিক 2024 ত ৰিঅ’ আৰু টকিঅ’ অলিম্পিকৰ পদক বিজয়ী পি ভি সিন্ধুৰ যাত্ৰাৰ অন্ত পৰে ৷
Paris 2024: A Beautiful Journey but a Difficult Loss ❤️
— Pvsindhu (@Pvsindhu1) August 2, 2024
This loss is one of the hardest of my career. It will take time to accept, but as life moves forward, I know I will come to terms with it.
The journey to Paris 2024 was a battle, marked by two years of injuries and long… pic.twitter.com/IKAKu0dOk5
ছ’চিয়েল মিডিয়াত এটা পোষ্ট লিখিছে সিন্ধুৱে :
ভাৰতৰ দুবাৰৰ অলিম্পিক পদক বিজয়ীগৰাকীয়ে এই পৰাজয়ৰ পিচত ছ’চিয়েল মিডিয়াত পোষ্ট কৰি নিজৰ অনুভৱ প্ৰকাশ কৰি অনুৰাগীসকলক তেওঁক সমৰ্থন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷ তেওঁ লিখিছে, ‘এই পৰাজয় মোৰ কেৰিয়াৰৰ অন্যতম কঠিন পৰাজয় ৷ মানি ল’বলৈ সময় লাগিব, কিন্তু জীৱনটো আগবাঢ়ি যোৱাৰ লগে লগে মই জানো যে মই ইয়াক গ্ৰহণ কৰিম ৷ 2024 চনৰ পেৰিছলৈ যাত্ৰাটো আছিল এক সংগ্ৰাম, দুবছৰ ধৰি আঘাত লগতে এই ক্ৰীড়াৰ পৰা দীৰ্ঘদিন আতঁৰত আছিলো৷ এই প্ৰত্যাহ্বানসমূহৰ মাজতো মই সঁচাকৈয়ে ধন্য অনুভৱ কৰিছো যে মই ইয়াত থিয় হৈ মোৰ তৃতীয় অলিম্পিকত মোৰ দেশখনক প্ৰতিনিধিত্ব কৰিছো ৷'
তেওঁ আৰু কয়, ‘এই পৰ্যায়ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ লগতে তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এটা প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ বাবে মই অবিশ্বাস্যভাৱে সৌভাগ্যৱান ৷ এই সময়ছোৱাত আপোনালোকৰ বাৰ্তাবোৰে মোৰ বাবে এক বৃহৎ সান্ত্বনা ৷ মোৰ দল আৰু মই পেৰিছ 2024 ৰ বাবে আমাৰ সকলোখিনি দিলো, কোনো আক্ষেপ নোহোৱাকৈ ক’ৰ্টত সকলো এৰি দিলো ৷'
লগতে পঢ়ক : এখন হাত পকেটত ভৰাই পেৰিছ অলিম্পিকত ৰূপৰ পদক দখল: সামাজিক মাধ্যমত ভাইৰেল এই ষ্টাইল - Paris Olympics 2024
সিন্ধুৱে নিজৰ খেল অব্যাহত ৰাখিব :
নিজৰ খেল অব্যাহত ৰখাৰ সন্দৰ্ভত সিন্ধুৱে কয়, ‘মই মোৰ ভৱিষ্যতৰ বিষয়ে স্পষ্ট হ’ব বিচাৰো, মই খেলি যাম, অলপ বিৰতিৰ পিচতো ৷ মোৰ শৰীৰ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল মোৰ মনটোক ইয়াৰ প্ৰয়োজন ৷ অৱশ্যে আগন্তুক যাত্ৰাৰ সযতনে মূল্যায়ন কৰি মই ইমান ভালপোৱা খেলখন খেলি অধিক আনন্দ লাভ কৰাৰ পৰিকল্পনা কৰিছো ৷'
ভাৰতৰ সকলো আশা লক্ষ্য সেনৰ ওপৰত :
বেডমিণ্টনত পদক লাভৰ বাবে ভাৰতৰ আশা এতিয়া কেৱল লক্ষ্য সেনৰ ওপৰত৷ পুৰুষৰ একক বেডমিণ্টন ইভেণ্টৰ কোৱাৰ্টাৰ ফাইনেলত লক্ষ্যই স্থান লাভ কৰিছে ৷ সিন্ধু, সাতৱিক-চিৰাগ, পুন্নাপ্পা-খ্ৰীষ্টো যুটিও খেলৰ পৰা বাহিৰ হৈছে ৷
লগতে পঢ়ক : ভাৰতীয় মিক্সড আৰ্চাৰী দলৰ বিস্ফোৰক প্ৰদৰ্শন : কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ - Paris Olympics 2024