ETV Bharat / sports

29 বছৰতেই সামৰিলে ক্ৰিকেট কেৰিয়াৰ: তাৰ পিছত কোন দিশে এইগৰাকী ষ্টাৰ ক্ৰিকেটাৰ

কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ ফৰ্মত থকাৰ পিছতো সকলো প্ৰকাৰৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে এগৰাকী তাৰকা ক্ৰিকেটাৰে ৷

Nicholas Pooran Retirement
প্ৰতীকী ফটো (Getty Image)
author img

By ETV Bharat Assamese Team

Published : June 10, 2025 at 2:44 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: ৰোহিত শৰ্মা-বিৰাট কোহলীৰ পিছত পুনৰ এগৰাকী তাৰকা ক্ৰিকেটাৰে ঘোষণা কৰিছে অৱসৰ ৷ সকলো প্ৰকাৰৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ ঘোষণা কৰি অনুৰাগীক হতবাক কৰি তোলে তাৰকা ক্ৰিকেটাৰগৰাকীয়ে ৷

আধুনিক যুগৰ ৱেষ্ট ইণ্ডিজৰ অন্যতম বিস্ফোৰক আৰু নিৰ্ভৰযোগ্য বগা বল ক্ৰিকেটাৰ হিচাপে খ্যাত নিকোলাছ পুৰাণে লৈছে অৱসৰৰ সিদ্ধান্ত ৷ ২৯ বছৰ বয়সত পুৰাণে আন্তঃৰাষ্ট্ৰীয় সকলো প্ৰকাৰৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে ।

ৱেষ্ট ইণ্ডিজৰ হৈ টি-২০ ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰাৰ লগতে সৰ্বাধিক মেচত অংশগ্ৰহণ কৰা বাওঁহতীয়া বেটছমেনগৰাকীয়ে ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে অৱসৰৰ কথা প্ৰকাশ কৰে । তেওঁ পোষ্টটোত উল্লেখ কৰিছিল যে এয়া তেওঁৰ বাবে কঠিন আছিল ৷ কিন্তু এই সিদ্ধান্তত উপনীত হোৱাৰ আগতে তেওঁ বহুবাৰ চিন্তা কৰিছিল ।

পুৰাণে পোষ্টটোত এনেদৰে লিখিছিল ‘‘মেৰুণ ৰঙৰ চাৰ্ট পিন্ধি ৰাষ্ট্ৰীয় সংগীতৰ বাবে থিয় হোৱা আৰু প্ৰতিবাৰ খেলপথাৰত ভৰি দিলেই মোৰ সকলোখিনি দিয়া... মোৰ বাবে ইয়াৰ প্ৰকৃত অৰ্থ কি, সেয়া শব্দৰে প্ৰকাশ কৰাটো কঠিন । অধিনায়ক হিচাপে দলটোক নেতৃত্ব দিয়াটো এক সৌভাগ্য আৰু মই ইয়াক সদায় হৃদয়ত ধৰি ৰাখিম ।’’

পুৰাণে ক্ৰিকেটৰ সৰ্বাধিক চুটি ফৰ্মেটত নিজৰ বেটিং দক্ষতা প্ৰদৰ্শন কৰি টি-২০ ত ৰাষ্ট্ৰীয় দলৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে আত্মপ্ৰকাশ কৰে । অৱশ্যে ২০১৯ চনত আফগানিস্তানৰ বিৰুদ্ধে বল টেম্পাৰিঙৰ অভিযোগত কিছুদিনৰ বাবে ক্ৰিকেটৰ পৰা নিলম্বন কৰা হৈছিল খেলুৱৈগৰাকীক ৷ কেৰিয়াৰত এনে বহু উত্থান-পতনৰ সাক্ষী হৈ ৰয় কেৰিবিয়ান ক্ৰিকেটাৰগৰাকী ৷

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা শৃংখলাৰ সময়ত প’লাৰ্ডৰ অনুপস্থিতিত তেওঁ দলৰ অধিনায়কৰ ভাৰ বহন কৰিছিল আৰু দলটোক ৪-১ ব্যৱধানত জয়ৰ সোৱাদ দিছিল ৷

পুৰাণে ১০৬ খন টি-২০ মেচত ১৩৬.৩৯ ষ্ট্ৰাইক ৰেটৰে মুঠ ২,২৭৫ ৰাণ সংগ্ৰহ কৰিছে । ৱেষ্ট ইণ্ডিজৰ হৈ ৬১ খন এদিনীয়াত ৩ টা শতক অৰ্জন কৰাৰ উপৰিও খেলুৱৈগৰাকী ২০১৯ চনৰ বিশ্বকাপ দলৰো অংশ আছিল ।

উল্লেখযোগ্য যে, বিগত দুমাহত অৱসৰ লোৱা পুৰণ হৈছে বিশ্বৰ পঞ্চমগৰাকী বেটছমেন ।

চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ হৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা নিকোলাছ পুৰাণে ১৯৬.২৫ ৰ আকৰ্ষণীয় ষ্ট্ৰাইক ৰেটৰ সৈতে ১৪ খন মেচত ৫২৪ ৰাণ সংগ্ৰহ কৰিছিল । ক্ৰিকেট ৱেষ্ট ইণ্ডিজে অৱসৰৰ এই সময়ত তেওঁৰ অৱদানৰ বাবে প্ৰশংসা কৰাৰ লগতে তাৰকা কেৰিবিয়ান বেটছমেনগৰাকীক ধন্যবাদ জনায় ।

লগতে পঢ়ক: কোনে ল'ব ৰোহিত শৰ্মাৰ স্থান, কোন হ'ব ভাৰতীয় টেষ্ট ক্ৰিকেট দলৰ অ’পেনাৰ ?