হায়দৰাবাদ : চেম্পিয়নছ ট্ৰফীত আজি মুখামুখি হ'ব আফগানিস্তান আৰু দক্ষিণ আফ্ৰিকা । শুকুৰবাৰে কৰাচীৰ নেশ্যনেল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব 'গ্ৰুপ-বি'ৰ প্ৰথমখন মেচ । দক্ষিণ আফ্ৰিকাই শেহতীয়াকৈ পাকিস্তান আৰু নিউজীলেণ্ডৰ সৈতে ত্ৰিদেশীয় শৃংখলাত অংশগ্ৰহণ কৰিছিল । অৱশ্যে শৃংখলাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হোৱা নাছিল ।
দলটোৱে পাকিস্তান আৰু নিউজীলেণ্ড দুয়োটা দলৰ বিৰুদ্ধে পৰাজিত হৈছিল । কিন্তু দলত কেইজনমান আনকেপড খেলুৱৈ আছিল । আফগানিস্তানৰ স্পিন বলিঙৰ মোকাবিলা কৰিবলৈ দক্ষিণ আফ্ৰিকাৰ দলটোৰ অভিজ্ঞতা সম্পন্ন খেলুৱৈসকলৰ শক্তি লক্ষণীয় হ'ব ।
Afghanistan take on South Africa in the first match of Group B in Karachi 🏏
— ICC (@ICC) February 21, 2025
How to watch the big clash 👉 https://t.co/S0poKnwS4p pic.twitter.com/qXB7i5Uh9g
সম্প্ৰতি আফগানিস্তান এদিনীয়াত যথেষ্ট শক্তিশালী হৈ আছে আৰু দক্ষিণ আফ্ৰিকা দলটোৱে তেওঁলোকক সহজভাৱে লোৱাৰ ভুল নকৰে । দলটোৱে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপত এক আকৰ্ষণীয় ইনিংছ খেলিছিল । দলটোৱে অন্তিম চাৰিখন এদিনীয়া শৃংখলা জয়ী হৈছে আৰু দলটোৱে আন এক গুৰুত্বপূৰ্ণ বিজয় পঞ্জীয়ন কৰিব বিচাৰিব । মহম্মদ নবী, ৰাছিদ খান আৰু নুৰ আহমেদক লৈ গঠিত স্পিনাৰ গ্ৰুপটো দলটোৰ শক্তি হ'ব ।
পিটছ ৰিপ'ৰ্ট
প্ৰতিযোগিতাৰ প্ৰথমখন মেচ অৰ্থাৎ পাকিস্তান আৰু নিউজীলেণ্ডে খেলা একেখন ষ্টেডিয়ামতে হ'ব খেলখন । সেই খেলখনত নিউজীলেণ্ডে ৩২০ ৰাণ সংগ্ৰহ কৰিছিল কিন্তু পাকিস্তানে ডিফেণ্ড কৰিবলৈ সক্ষম নহ'ল । ইফালে ত্ৰিদেশীয় শৃংখলাত পাকিস্তানে সফলতাৰে ৩৫৩ ৰাণ ডিফেণ্ড কৰি জয়ী হৈছিল । সেয়েহে পিটছখন স্পিনাৰসকলৰ বাবে কিছু সহায় হ'ব বুলি আশা কৰা হৈছে । লগতে প্ৰথমে বেটিং কৰা দলটোৱে স্ক'ৰ ব'ৰ্ডত ৩০০ তকৈ অধিক টাৰ্গেট ৰাখিব লাগিব ।
First-timers #Afghanistan are all set to take on the inaugural Champions Trophy winner, #SouthAfrica! 💪
— Star Sports (@StarSportsIndia) February 21, 2025
Who will win their first #CT25 clash of 2025? 🤔#ChampionsTrophyOnJioStar 👉 🇦🇫 🆚 🇿🇦 | FRI, 21st FEB, 1:30 PM on SS 2 & Sports 18-1
📺📱 Start watching FREE on JioHotstar pic.twitter.com/CVmkmPIzg7
হেড টু হেড
আফগানিস্তান আৰু দক্ষিণ আফ্ৰিকা কেৱল ৫ বাৰহে মুখামুখি হৈছে । য'ত দক্ষিণ আফ্ৰিকা ৩ বাৰ জয়ী হৈছে । আফগানিস্তানে চেম্পিয়নছ ট্ৰফীত প্ৰথমবাৰলৈ অৱতীৰ্ণ হৈছে আৰু খেলখন অতি গুৰুত্বপূৰ্ণ হ'ব বুলি আশা কৰা হৈছে ।