ETV Bharat / sports

অভিষেক নায়াৰ, পৰস মহাম্ব্ৰেক টি-২০ মুম্বাই লীগৰ গুৰু দায়িত্ব

শেহতীয়াকৈ বি চি চি আইয়ে বৰ্খাস্ত কৰা এজন প্ৰাক্তন ক্ৰিকেটাৰক এতিয়াৰে পৰা দেখা যাব মেণ্টৰ হিচাপে ।

T20 Mumbai League 2025
টি-২০ মুম্বাই লীগ ২০২৫ ৰ লগ' (ETV Bharat via Mumbai Cricket Association)
author img

By ETV Bharat Assamese Team

Published : April 27, 2025 at 2:52 PM IST

3 Min Read
Choose ETV Bharat

মুম্বাই: ভাৰতৰ প্ৰাক্তন খেলুৱৈ তথা প্ৰখ্যাত প্ৰশিক্ষক ক্ৰমে অভিষেক নায়াৰ আৰু পৰস মহামব্ৰেই মেণ্টৰ হিচাপে টি-২০ মুম্বাই লীগ ২০২৫ ত যোগদান কৰিব ।

দেওবাৰে সংবাদ মাধ্যমক দিয়া এক বিবৃতিত মুম্বাই ক্ৰিকেট সন্থাই কয়, "মুম্বাই ছাউথ চেণ্ট্ৰেল মাৰাঠা ৰয়েলছ আৰু এ আৰ চি এছ আন্ধেৰীৰ বাবে প্ৰখ্যাত প্ৰাক্তন ক্ৰিকেটাৰ ক্ৰমে অভিষেক নায়াৰ আৰু পৰস মহামব্ৰেক মেণ্টৰ হিচাপে নিযুক্তি দিয়া হৈছে ।"

শেহতীয়াকৈ বি চি চি আইয়ে ফিল্ডিং প্ৰশিক্ষক টি দিলীপ আৰু ষ্ট্ৰেন্থ আৰু কণ্ডিচনিং প্ৰশিক্ষক সোহাম দেশাইৰ লগতে সহকাৰী প্ৰশিক্ষক অভিষেক নায়াৰক পদৰ পৰা অপসাৰণ কৰিছে । এতিয়া নায়াৰে লাভ কৰিছে ডাঙৰ দায়িত্ব । সমগ্ৰ ছিজনটোত যুৱ প্ৰতিভাসকলক পথ প্ৰদৰ্শন কৰাত তেওঁৰ অভিজ্ঞতাই পালন কৰিব গুৰুত্বপূৰ্ণ ভূমিকা ।

মহামব্ৰে ভাৰতীয় দলৰ বলিং প্ৰশিক্ষক হোৱাৰ লগতে বৰ্তমান মুম্বাই ইণ্ডিয়ানছৰ সহায়ক কৰ্মচাৰীৰ অংশ । নায়াৰ পূৰ্বে ভাৰতীয় দলৰ সহায়ক কৰ্মচাৰীৰ অংশও আছিল আৰু বৰ্তমান ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ চলিত ছিজনৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছৰ সৈতে আছে ।

২৬ মে’ ৰ পৰা ৮ জুনলৈ দক্ষিণ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব টি-২০ মুম্বাই লীগৰ তৃতীয় ছিজন, য’ত ৮ টা দলে অংশগ্ৰহণ কৰিব । ওমকাৰ ছালভি (ছ’ব’ মুম্বাই ফেলকনছ), ৰাজেশ পাৱাৰ (এ আৰ চি এছ আন্ধেৰী), অতুল ৰানাডে (ট্ৰাইমফ নাইটছ মুম্বাই নৰ্থ ইষ্ট), অমিত ডানি (মুম্বাই ছাউথ চেণ্ট্ৰেল মাৰাথা ৰয়েলছ), প্ৰশান্ত শেট্টী (ইগল থানে ষ্ট্ৰাইকাৰছ), প্ৰবীণ টাম্বে (নৰ্থ মুম্বাই পেন্থাৰ্ছ) আৰু বিনোদ ৰাঘৱন (আকাশ টাইগাৰ্ছ মুম্বাই পশ্চিম উপকণ্ঠ অঞ্চল) ক নিজ নিজ ফ্ৰেঞ্চাইজিৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে । পৰৱৰ্তী সময়ত ঘোষণা কৰা হ’ব নমো বান্দ্ৰা ব্লাষ্টাৰ্ছৰ মুখ্য প্ৰশিক্ষকৰ নাম ।

এম চি এৰ সভাপতি অজিংক্য নাইকে কয়, "এম চি এ হিচাপে আমি আমাৰ স্থানীয় প্ৰশিক্ষক আৰু সহায়ক কৰ্মচাৰীসকলক প্ৰচাৰ আৰু সবলীকৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, তেওঁলোকে কেৱল মুম্বাই ক্ৰিকেটতে নহয়, ভাৰতীয় ক্ৰিকেটতো বৃদ্ধি আৰু অৰিহণা যোগোৱাৰ অধিক সুযোগ পোৱাটো নিশ্চিত কৰিছো । ঘৰতে উৎপাদিত প্ৰতিভাক লালন-পালন কৰি ক্ৰিকেটৰ ভেটি শক্তিশালী কৰাৰ লগতে অব্যাহত থকা মহান খেলবিধৰ পথ প্ৰশস্ত কৰাটোৱেই হৈছে আমাৰ লক্ষ্য ।"

শেহতীয়াকৈ এম চি এ-ই ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাক ছিজন ৩ ৰ অফিচিয়েল ফেচ হিচাপে ঘোষণা কৰিছে । ছিজন ৩ ৰ বাবে পঞ্জীয়ন কৰা ২৮০০ ৰো অধিক খেলুৱৈৰ সঁহাৰিৰ সৈতে এম চি এ-ই ভাৰতীয় ক্ৰিকেট তাৰকাৰ পৰৱৰ্তী প্ৰজন্মক ক্ৰিকেটজগতত চিনাকী কৰি দিবলৈ সাজু হৈছে ।

লগতে পঢ়ক: পাকিস্তানৰ সৈতে ক্ৰিকেটৰ সকলো সম্পৰ্ক ভংগ কৰিব লাগে: সৌৰভ গাংগুলী