ETV Bharat / sports

তেলেংগানাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত সোণৰ পদক লাভ শালনিবাৰী SSBৰ

তেজপুৰ শালনিবাৰী এছএছবিৰ দুটা দলে ৰাষ্ট্ৰীয় ছেপাকটাক্ৰ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰে ।

National Sepaktakraw Championship
তেলেংগানাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত সোণৰ পদক লাভ শালনিবাৰী এছএছবিৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 16, 2025 at 12:55 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ : ৰাষ্ট্ৰীয় ছেপাকটাক্ৰ প্ৰতিযোগিতাত উজলিল শোণিতপুৰৰ খেলুৱৈ । তেজপুৰ শালনিবাৰী সশস্ত্ৰ সীমা বলৰ (এছ এছ বি) দুটা দলে এই প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ।

যোৱা ১০ জানুৱাৰীৰ পৰা ১৪ জানুৱাৰীলৈ তেলেংগানাৰ হনুমাকন্দাত অনুষ্ঠিত ৩৪ সংখ্যক ছিনিয়ৰ নেশ্যনেল ছেপাকটাক্ৰ চেম্পিয়নশ্বিপত শোণিতপুৰ জিলাৰ তেজপুৰ গৰৈমাৰী এছএছবি শালনিবাৰীৰ পুৰুষ আৰু মহিলাৰ দলে ৬ টাকৈ সোণৰ পদক অৰ্জন কৰি জিলাখনৰ লগতে ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

National Sepaktakraw Championship
তেলেংগানাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত সোণৰ পদক লাভ শালনিবাৰী এছএছবিৰ (ETV Bharat)

অল ইণ্ডিয়া পুলিচ স্পৰ্টছ কণ্ট্ৰোল দলৰ হৈ অংশগ্ৰহণ কৰা এছ এছ বি শালনিবাৰীৰ পৰা এই চেম্পিয়নশ্বিপত পুৰুষ শাখাত আকাশ সিং, যতীন সিং আৰু হেনৰী সিঙে অংশগ্ৰহণ কৰে । আনহাতে মহিলা শাখাত মেইপাক দেৱী, লিয়েৰেন্তনবী দেৱী, প্ৰিয়া দেৱী আৰু ই. প্ৰিয়া দেৱীয়ে অংশগ্ৰহণ কৰে ।

National Sepaktakraw Championship
তেলেংগানাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত সোণৰ পদক লাভ শালনিবাৰী এছএছবিৰ (ETV Bharat)

পুৰুষ শাখাত ৩ টা আৰু মহিলা শাখাত ৩ টাকৈ সোণৰ পদকেৰে সুনাম অৰ্জন কৰিবলৈ সক্ষম হয় । খেলুৱৈসকলৰ প্ৰশিক্ষক হিচাপে আছিল এছএছবিৰ জোৱান সন্দীপ ।

  • খেলৰ নিয়ম :

বেডমিণ্টন ক'ৰ্টৰ দৰে ক'ৰ্টত দুজনৰ পৰা ৪ জনীয়া খেলুৱৈৰ দুটা দলৰ মাজত বেতন বা প্লাষ্টিকৰ বলৰ সহায়ত খেলা হয় । ই ভলীবল আৰু ফুটবলৰ দৰেই বেতৰ বলৰ ব্যৱহাৰ আৰু খেলুৱৈয়ে বল স্পৰ্শ কৰিবলৈ কেৱল ভৰি, আঁঠু, কান্ধ, বুকু আৰু মূৰ ব্যৱহাৰ কৰে ।

National Sepaktakraw Championship
তেলেংগানাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত সোণৰ পদক লাভ শালনিবাৰী এছএছবিৰ (ETV Bharat)
  • এছিয়ান গেমছত অন্তৰ্ভুক্ত :

এই খেলবিধক দক্ষিণ-পূব এছিয়ান গেমছত প্ৰথমবাৰৰ বাবে পদক ইভেণ্ট হিচাপে একে বছৰতে প্ৰৱৰ্তন কৰা হৈছিল । ছেপাকটাক্ৰ বা কিক ভলীবল দক্ষিণ-পূব এছিয়াৰ স্থানীয় এবিধ খেল, যাৰ ভলীবলৰ সৈতে মিল আছে, মাথোঁ ইয়াত বেতৰ বল ব্যৱহাৰ কৰা হয় আৰু খেলুৱৈয়ে কেৱল ভৰি, আঁঠু, বুকু আৰু মূৰ ব্যৱহাৰ কৰি বল স্পৰ্শ কৰিব পাৰে ।

লগতে পঢ়ক :ৰাজকোটত স্মৃতি মান্ধানাৰ স্মৰণীয় ইনিংছ, গঢ়িলে কেইবাটাও অভিলেখ - SMRITI MANDHANA ODI RECORDS