ETV Bharat / sports

ইংলেণ্ড ভ্ৰমণত বিৰাট কোহলীৰ ঠাইত ৩ জন খেলুৱৈ কোন কোন ? - VIRAT KOHLI TEST REPLACEMENT

২০ জুনৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ আগন্তুক টেষ্ট ভ্ৰমণত বিৰাট কোহলীৰ ঠাইত কোন ৩ গৰাকী খেলুৱৈয়ে স্থান লাভ কৰিব পাৰে ?

Virat Kohli Test Replacement
ভাৰতীয় ক্ৰিকেট দল (AFP Photo)
author img

By ETV Bharat Assamese Team

Published : May 13, 2025 at 6:05 PM IST

3 Min Read

নতুন দিল্লী : ভাৰতৰ সোঁহাতৰ তাৰকা বেটছমেন বিৰাট কোহলিয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিলে । যাৰ ফলত ভাৰতীয় দলত এক ডাঙৰ শূন্যতাৰ সৃষ্টি হৈছে ।ইংলেণ্ড ভ্ৰমণৰ লগে লগে টীম ইণ্ডিয়াই বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে । সকলোৰে দৃষ্টি থাকিব কোহলীৰ ঠাইত টেষ্ট দলত অহা খেলুৱৈগৰাকীৰ ওপৰত ।

বিদেশ ভ্ৰমণৰ আটাইতকৈ নিৰ্ভৰযোগ্য বেটছমেন বিৰাট কোহলীৰ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ । যোৱা সপ্তাহত ৰোহিত শৰ্মাই আটাইতকৈ দীঘলীয়া ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ পিছতে দলটো নতুন অধিনায়কৰ সন্ধানত আছিল আৰু এতিয়া নিৰ্বাচকসকলে দলত কোহলীৰ ঠাই ল’ব পৰা খেলুৱৈ বিচাৰিব লাগিব ।

ভাৰতীয় প্রাক্তন অধিনায়ক কিং কোহলীয়ে ২০১৩ চনৰ পৰা প্রতিটো ইংলেণ্ড ভ্ৰমণলৈ আহিছে যদিও এইবাৰ তেওঁ নাথাকিব আৰু তেওঁৰ অভিজ্ঞতা নিশ্চিতভাৱে ভাৰতীয় দলটোৱে হেৰুৱাব ৷ তেওঁৰ সলনি দলত আন এজনক বিচাৰি উলিওৱাটো নিৰ্বাচকসকলৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হ’ব । এই সন্দৰ্ভত এই কাহিনীৰ জৰিয়তে আমি আপোনালোকক ক'বলৈ ওলাইছো এনে ৩ জন খেলুৱৈৰ বিষয়ে যিয়ে ভাৰতৰ টেষ্ট দলত নিজৰ স্থান ল'ব পাৰে ।

  • ইংলেণ্ড ভ্ৰমণত ভাৰতৰ টেষ্ট দলত বিৰাট কোহলীৰ ঠাইত খেলিব পৰা ৩জন সম্ভাব্য খেলুৱৈ:-

১) কৰুণ নায়াৰ

Virat Kohli Test Replacement
কৰুণ নায়াৰ (IANS)
প্ৰবীণ সোঁহাতৰ বেটছমেন কৰুণ নায়াৰে বিগত এবছৰ ধৰি খেলৰ সকলো ফৰ্মেটতে ডাঙৰ ফৰ্মত আছে । যোৱা ৰঞ্জী ছিজনত ১৬টা ইনিংছত গড়ে ৫৩.৯৩ ৰাণ কৰি ৮৬৩ ৰাণ সংগ্ৰহ কৰাৰ লগতে অৱশেষত চেম্পিয়ন বিদৰ্ভৰ হৈ ৪ শতক আৰু ২টা অৰ্ধশতক অৰ্জন কৰে ।

বিদৰ্ভৰ হৈ নায়াৰে মিডল অৰ্ডাৰত বেটিং কৰিছিল আৰু টেষ্ট ক্ৰিকেটতো তেওঁৰ ট্ৰিপল চেঞ্চুৰী প্ৰায় ৯ বছৰ পূৰ্বে ইংলেণ্ডৰ বিৰুদ্ধেও আহিছিল । বিৰাট কোহলীয়ে টেষ্টৰ পৰা অৱসৰ লোৱাৰ পাছত ভাৰতৰ টেষ্ট দললৈ ঘূৰি অহাৰ সম্ভাৱনা নায়াৰৰ । ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিক প্ৰদৰ্শনৰ পিছত তেওঁক নিৰ্বাচকসকলে নিৰ্বাচিত কৰাৰ সম্ভাৱনা আছে ।

২) সাই সুদৰ্শন

Virat Kohli Test Replacement
সাই সুদৰ্শন (ANI)

যুৱ বাওঁহাতৰ বেটছমেন সাই সুদৰ্শনৰ কম্পেক্ট টেকনিকে তেওঁক অহা মাহত ইংলেণ্ড ভ্ৰমণৰ অন্যতম প্ৰিয় খেলুৱৈ হিচাপে গঢ়ি তুলিছে । ২০২৫ চনৰ আই পি এলত তেওঁৰ উজ্জ্বল বেটিঙে ঢৌ তুলিছে আৰু কাউন্টি ক্ৰিকেটত ছাৰেৰ হৈ খেলাৰ অভিজ্ঞতাও আছে ।

যোৱা ৰঞ্জি ট্ৰফী ছিজনত তেওঁ মাত্ৰ ৪ ইনিংছত ৩০৪ ৰাণ সংগ্ৰহ কৰিছিল, য’ত ডাবল চেঞ্চুৰীও আছিল । সুদৰ্শনে টেষ্ট দলত স্থান পোৱাৰ সম্ভাৱনা বেছি আৰু সুযোগ পালে হয়তো মিডল অৰ্ডাৰত বেটিং কৰিব লাগিব ।

৩) শ্ৰেয়াছ আয়াৰ

Virat Kohli Test Replacement
শ্ৰেয়াছ আয়াৰ (IANS)

ভাৰতৰ সোঁহাতৰ তাৰকা বেটছমেন শ্ৰেয়াছ আয়েৰে এদিনীয়া আৰু আই পি এলত যিদৰে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে তাৰ পিছত টেষ্ট দললৈ ঘূৰি অহাৰ সকলো সম্ভাৱনা আছে । ঘৰুৱা ক্ৰিকেটত তেওঁ যি ধৰণৰ ট্ৰফী লাভ কৰিছে সেই কথা বিবেচনা কৰিলে তেওঁ পৰৱৰ্তী অধিনায়ক হোৱাৰ দৌৰতো আছে ।

২০২৫ চনৰ আই পি এলত পঞ্জাব কিংছকো ভাল নেতৃত্ব দিছিল আৰু বিৰাট কোহলীৰ টেষ্ট অৱসৰৰ পিছত ৰাষ্ট্ৰীয় টেষ্ট দললৈ ঘূৰি অহাৰ বাবে তেওঁ এজন ভাল প্ৰতিদ্বন্দ্বী । আয়াৰে এতিয়ালৈকে ১৪খন টেষ্ট খেলিছে আৰু গড়ে ৩৬.৮৬ ৰাণত ৮১১ ৰাণ সংগ্ৰহ কৰিছে, ১ শতক আৰু ৫টা অৰ্ধশতক ।

লগতে পঢ়ক : টেষ্ট ক্ৰিকেটত বিৰাট যুগৰ অন্ত, আধৰুৱা হৈ ৰ’ল এক 'বিৰাট' সপোন

লগতে পঢ়ক : IPLৰ নতুন তাৰিখ ঘোষণা, ৬টা ভেন্যুত অনুষ্ঠিত হ'ব সকলো মেচ, ফাইনেল হ'ব ৩ জুনত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.