ETV Bharat / sports

কানপুৰ টেষ্টৰ মাজতে ক্ৰিকেটাৰলৈ ভাবুকি; আৰক্ষীৰ অনুমতি অবিহনে ক’লৈকো যাব নোৱাৰিব খেলুৱৈসকলে - IND VS BAN 2ND TEST

Bangladesh team security threat: ভাৰত-বাংলাদেশৰ কানপুৰ টেষ্টত নিৰাপত্তাৰ ভাবুকি ৷ ইতিমধ্যে কটকটীয়া কৰা হৈছে কঠোৰ নিৰাপত্তা ব্যৱস্থা ৷ হোটেলৰ বাহিৰলৈ গ’লে ক্ৰিকেটাৰসকলে ল’ব লাগিব আৰক্ষীৰ আগতীয়া অনুমতি ৷ পিছে কিহৰ বাবে হঠাতে ভাবুকি লাভ কৰিলে ক্ৰিকেটাৰসকলে ?

IND VS BAN 2ND TEST
বাংলাদেশ ক্ৰিকেট দল (IANS PHOTO)
author img

By ETV Bharat Sports Team

Published : September 30, 2024 at 3:03 PM IST

3 Min Read
Choose ETV Bharat

স্প’ৰ্টছ ডেস্ক, 30 ছেপ্টেম্বৰ: এদিনীয়া আৰু টি 20 শৃংখলাৰ বাবে সম্প্ৰতি ভাৰত ভ্ৰমণত ব্যস্ত আছে বাংলাদেশৰ ক্ৰিকেট দলটো ৷ এই ভ্ৰমণৰ মাজতে দলটোৱে লাভ কৰিছে কেতবোৰ ভাবুকি ৷ যাৰ বাবে দলটো একপ্ৰকাৰ বাধাৰ সন্মুখীন হৈছে ৷ হিন্দু মহাসভাৰ সোঁপন্থী গোটৰ পৰা লাভ কৰা ভাবুকিৰ পাছতে বৃদ্ধি কৰা হৈছে দলটোৰ নিৰাপত্তা ৷

বাংলাদেশত হিন্দুসকলৰ বিৰুদ্ধে সংঘটিত হিংসাৰ অভিযোগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে হিন্দু মহাসভাৰ সোঁপন্থী গোটে ৷ যাৰ পৰিপ্ৰেক্ষিতত বাংলাদেশৰ ক্ৰিকেট দলটোৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে । তদুপৰি তেওঁলোকক হোটেলৰ বাহিৰৰ পৰা অনা খাদ্য গ্ৰহণৰ ক্ষেত্ৰত জাৰি কৰা হৈছে কঠোৰ নিৰ্দশ ৷ সমান্তৰালকৈ দলটোৰ সুৰক্ষা নিশ্চিত কৰিবলৈ হোটেলত নিয়োগ কৰা হৈছে বৃহৎ আৰক্ষী বাহিনী ।

এই সন্দৰ্ভত বি চি বি-ৰ এগৰাকী বিষয়াই সংবাদ মাধ্যমৰ আগত এনেদৰে প্ৰকাশ কৰে, "আমাৰ চলাচল সম্পূৰ্ণ নিষিদ্ধ, হোটেলৰ বাহিৰলৈ যাবলৈ দিয়া হোৱা নাই আৰু বাহিৰলৈ যাব বিচাৰিলে স্থানীয় আৰক্ষী আৰু জনসম্পৰ্কৰক্ষী বিষয়াৰ পৰা অনুমতি ল’ব লাগিব ৷ হোটেলতো নিৰাপত্তা অতি কঠিন, যদি আমি জিম বা দুপৰীয়াৰ আহাৰ খাবলৈ যাব বিচাৰো, তেন্তে আমি নিৰাপত্তাৰক্ষীক অৱগত কৰিব লাগে ৷ তেওঁলোকে সকলো বিষয়ত নিশ্চিতি প্ৰদান কৰাৰ পিছতহে আমি সেই ঠাইলৈ যাব পাৰো" ৷

চেন্নাইৰ পৰিস্থিতি একেধৰণৰ নেকি বুলি সোধাত বিষয়াগৰাকীয়ে কয়, "চেন্নাইৰ পৰিস্থিতি ইয়াতকৈ বহুত বেলেগ । আমি থকা স্থানৰ পৰা সমীপৱৰ্তী হোটেললৈ গৈ থলুৱা খাদ্য খাইছিলো ৷ কিন্তু ইয়াত আমাক এখন হোটেলত আৱদ্ধ কৰি থোৱা আছে" ৷ উল্লেখ্য যে, বৰষুণৰ বাবেও দলটো হোটেলত আৱদ্ধ হৈ থাকিবলগীয়া হৈছে ৷

চেন্নাইত প্ৰথমখন টেষ্টত পৰাস্ত হোৱাৰ পিছত বাংলাদেশী দলটোৱে মুক্তমনে চহৰখনত ঘূৰা-ফুৰা কৰিছিল ৷ অৱশ্যে কানপুৰত দলটোৰ অভিজ্ঞতা সম্পূৰ্ণ পৃথক আছিল ৷ সুৰক্ষাজনিত কাৰণতে দলটোক মুকলিকৈ চলা-ফুৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা হৈছিল ৷ তদুপৰি খেলুৱৈসকলক একত্ৰিত হৈ থাকিবলৈ, একেবাৰে প্ৰয়োজন নহ’লে হোটেলৰ পৰা ওলাই যোৱাৰ পৰা বিৰত থাকিবলৈও পৰামৰ্শ দিয়া হৈছে ।

বি চি চি আইৰ লগতে কানপুৰ আৰক্ষীয়ে দুয়োটা দলৰ ক্ষেত্ৰত বৃদ্ধি কৰিছে কঠোৰ নিৰাপত্তা ব্যৱস্থা ৷ আনহাতে, খেলৰ বাদে বাকী সময়ত হোটেলৰ পৰা ওলাই যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । উত্তৰ প্ৰদেশ আৰক্ষীৰ এগৰাকী বিষয়াই কয়, "হোটেলৰ লবীত খেলুৱৈয়ে মুক্তভাৱে চলাচল কৰিব পাৰে, কিন্তু মেচৰ বাদে তেওঁলোকক বাহিৰলৈ ওলাই যাবলৈ দিয়া নহয়" ।

আৰক্ষীয়ে নিৰ্ধাৰণ কৰা অনুসৰি, খেলুৱৈসকলে যিকোনো ভ্ৰমণৰ বাবে আগতীয়া অনুমতি ল’ব লাগিব ৷ এনে কাৰ্যসূচীৰ সময়ত আৰক্ষীয়ে তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰিব । কানপুৰৰ কটকটীয়া নিৰাপত্তা এই ভ্ৰমণৰ সময়ত বাংলাদেশ দলৰ বাবে একমাত্ৰ নিদৰ্শন নহয় । মধ্যপ্ৰদেশৰ গোৱালিয়ৰ ভ্ৰমণৰ ক্ষেত্ৰতো একেধৰণৰ নিৰ্দেশনাৰ সম্ভাৱনা আছে, য’ত 6 অক্টোবৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া তিনিখন টি-20 মেচৰ শৃংখলাটোৰ প্ৰথমখন মেচ অনুষ্ঠিত হ’ব ।

ইতিমধ্যে হিন্দু মহাসভাই মেচৰ দিনটোত গোৱালিয়ৰ বন্ধৰ আহ্বান জনাইছে ৷

লগতে পঢ়ক: এখন অবিশ্বাস্য ক্ৰিকেট মেচ; মাথো এটা বলত সংগ্ৰহ 286 ৰাণ - 286 Run in 1 ball