ETV Bharat / sports

প্ৰেমিকাৰ সৈতে নদীত সাঁতুৰিবলৈ গৈ মৃত্যুক সাৱটিলে ফুটবলাৰে

মাত্ৰ ২৭ বছৰ বয়সতে দেহাৱসান এগৰাকী ফুটবলাৰৰ ৷ পিছে তেওঁনো কোন ?

jeferson merli
পৰ্তুগীজ ক্লাবৰ ফুটবলাৰ জেফাৰছন মেৰলিৰ মৃত্যু (Screengrab from 'X' handle)
author img

By ETV Bharat Assamese Team

Published : August 6, 2025 at 5:47 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: বিশ্ব ফুটবলত শোকৰ ছাঁ । প্ৰেমিকাৰ সৈতে সাঁতুৰিবলৈ গৈ মৃত্যুক আঁকোৱালি ল'লে পৰ্তুগালৰ ফুটবলাৰ জেফাৰছন মেৰলিয়ে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২৭ বছৰীয়া ফুটবলাৰ জেফাৰছনে ২ আগষ্টত পৰ্তুগালৰ বিখ্যাত নদী হোমেমত প্ৰেমিকাৰ সৈতে সাঁতুৰিবলৈ গৈছিল, য'ত তেওঁ সাঁতুৰি থকাৰ সময়তে সন্ধানহীন হৈ পৰে । উত্তৰ পৰ্তুগালৰ ব্ৰাগাৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ উত্তৰত এই নদীখন আছে ।

ঘটনাটো সন্ধিয়া প্ৰায় ৬ বজাত সংঘটিত হয় । জেফাৰছন পানীত ডুব যোৱা দেখি লগে লগে প্ৰেমিকাই এলাৰ্ম বজাই দিয়ে । উদ্ধাৰকাৰী দল আৰু ডুবাৰুৱে নিশা ৯:৩০ বজালৈকে অনুসন্ধান অব্যাহত ৰাখে আৰু সন্ধানহীন হোৱাৰ প্ৰায় ৩ ঘণ্টাৰ অন্তত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয় ।

পৰ্তুগীজ ক্লাবৰ হৈ খেলিছিল জেফাৰছনে

জেফাৰছন মেৰলিয়ে ২০১৯ চনত মেটো গ্ৰ'ছ' ড' ছুলৰ ইউনিয়াওৰ সৈতে ব্ৰাজিলৰ ফুটবলত কেৰিয়াৰ আৰম্ভ কৰিছিল । কিন্তু এতিয়া তেওঁ পৰ্তুগীজ ক্লাব ডেস্প'ৰ্টীভ' কাল্ডেলাছত গ'লকীপাৰ হিচাপে খেলি আছিল । ২০২৫ চনৰ জুলাই মাহত তেওঁ উক্ত ক্লাবৰ সৈতে চুক্তিও নবীকৰণ কৰিছিল ।

জেফাৰছনৰ মৃত্যুত ক্লাবৰ শোকপ্ৰকাশ

জেফাৰছনৰ ক্লাব ডেস্প'ৰ্টীভ' কাল্ডেলাছে তেওঁলোকৰ গ'লকীপাৰৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰিছে । তেওঁলোকে ক্লাবৰ বিবৃতিত লিখিছে, "শেহতীয়াকৈ আমাৰ ক্লাবৰ সৈতে চুক্তিৰ নবীকৰণ কৰা জেফাৰছনে আমাৰ বাবে কেৱল খেলপথাৰত নিজৰ সমৰ্পণেই নহয়, বন্ধুত্ব আৰু দলীয় মনোভাৱো এৰি থৈ গৈছে ।" বিবৃতিটোত লগতে কোৱা হৈছে, "এই দুখৰ সময়ত ক্লাবে তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু তেওঁৰ অনুৰাগীৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে । আমাৰ ক্লাবে তেওঁৰ প্ৰতিশ্ৰুতি আৰু তেওঁ আমাৰ সকলোৰে ওপৰত এৰি যোৱা স্মৃতি কেতিয়াও পাহৰিব নোৱাৰে । আপোনাৰ আত্মাই শান্তি লাভ কৰক জেফাৰছন ।"

শেহতীয়াকৈ দুৰ্ঘটনাত এজন ফুটবলাৰৰ মৃত্যু

ইয়াৰ পূৰ্বে ৩ জুলাইত লিভাৰপুলৰ ফুটবলাৰ ২৮ বছৰীয়া ডিঅ'গো জোটাৰৰ পথ দুৰ্ঘটনাত মৃত্যু হয় । ফৰৱাৰ্ড খেলুৱৈগৰাকীয়ে ক্রিষ্টিয়ানো ৰ'নাল্ডোৰ সৈতে পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলতো খেলিছিল ।

লগতে পঢ়ক :WTC পইণ্ট তালিকাত ইংলেণ্ডক চেৰ পেলালে ভাৰতে, কেনেকৈ ? - WTC POINTS TABLE