গুৱাহাটী: এইবাৰ হায়দৰাবাদত অনুষ্ঠিত হ'ব ২৩ সংখ্যক এছিয়া মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপ । এথলেটিকছ ফেডাৰেচন অফ ইণ্ডিয়াই আয়োজন কৰা এই প্ৰতিযোগিতা অহা ২৫ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব । এই চেম্পিয়নশ্বিপত জাপান, ইণ্ডোনেছিয়া, চীন, মালয়েছিয়া, কোৰিয়াকে ধৰি এছিয়াৰ মুঠ ৫০ খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে । প্ৰায় ২৮ টা ইভেণ্টত, দুয়োটা ট্ৰেক এণ্ড ফিল্ড ক্ৰীড়াৰ আয়োজন কৰা হ'ব । এই প্ৰতিযোগিতাত ৩৫ উৰ্ধৰ লোকে অংশগ্ৰহণ কৰিব পাৰিব ।
প্ৰতিগৰাকী লোকে নিজে বাছনি কৰা খেলত অংশগ্ৰহণৰ সুযোগ পাব । এই কথা সদৰী কৰে এথলেটিকছ ফেডাৰেচন অফ ইণ্ডিয়াৰ উত্তৰ-পূৰ্বাঞ্চলৰ দায়িত্বত থকা আবেদী বৰাই । তেওঁ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অসম তথা উত্তৰ-পূৱৰ খেলুৱৈসকলক আহ্বান জনায় ।
অসমৰ সঁচা কাহিনীৰ ওপৰত নিৰ্মাণ হ'ব বলীউডৰ ছবি
গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি তেওঁ কয়, "এছিয়া মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপ-২০২৫ৰ উপৰিও আমি আজি ইয়াত আমাৰ আহিবলগীয়া হিন্দী বোলছবি 'বিশ্ব কল্যাণ'ৰ কথা উল্লেখ কৰিছো । ইতিমধ্যে বোলছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হৈছে । অসমৰ পটভূমিত নিৰ্মিত ছবিখন এটা সঁচা কাহিনীৰ ওপৰত আধাৰিত । এই ছবিখনত প্ৰায় ৩০০০ চৰিত্ৰ থাকিব । স্থানীয় অভিনেতা-অভিনেত্ৰীৰ উপৰিও এগৰাকী ৰাছিয়ান অভিনেত্ৰীয়ে ইয়াত অভিনয় কৰিব । বোলছবিখন মুখ্যতঃ পথৰ জন্তুবোৰৰ কল্যাণৰ ওপৰত গুৰুত্ব দি নিৰ্মাণ কৰা হৈছে । ভাৰতৰ যিমান প্ৰেছ ক্লাব আছে তাতো শ্বুটিং হ'ব । বোলছবিখনৰ পৰিচালক জীতেন্দ্ৰ সিং গীল । কাহিনীটো মই লিখিছিলো । তেওঁলোকে বহুত পচন্দ কৰিলে ।"
লগতে পঢ়ক :আধৰুৱা হৈ ৰ’ৱ মেৰী-অনলাৰ প্ৰেম কাহিনী; বিবাহ বিচ্ছেদৰ বাবে সাজু দম্পতীটো ! - MARY KOM DIVORCE