ETV Bharat / sports

এছিয়া কাপ ২০২৫ৰ প্ৰথমখন ছুপাৰ ৪ৰ মেচত বাংলাদেশৰ জয়

শ্ৰীলংকাক ৪ উইকেটত পৰাস্ত কৰে বাংলাদেশে ।

ETV Bharat
এছিয়া কাপ ২০২৫ৰ প্ৰথমখন ছুপাৰ ৪ৰ মেচত বাংলাদেশৰ জয় (IANS PHOTO)
author img

By ETV Bharat Assamese Team

Published : September 21, 2025 at 12:06 AM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ২০২৫ চনৰ এছিয়া কাপৰ প্ৰথমখন ছুপাৰ ৪ ৰ মেচত বাংলাদেশে জয়লাভ কৰে । দলটোৱে ৬ বাৰৰ চেম্পিয়ন শ্ৰীলংকাক ৪ উইকেটত পৰাস্ত কৰে ।

বাংলাদেশে ৬ উইকেট হেৰুৱাই ১৯.৫ অভাৰত ১৬৯ ৰাণৰ লক্ষ্য অৰ্জন কৰে । টৌহিদ হৃদয় (৫৮ ৰাণ) আৰু ছৈফ হাছানে (৬১ ৰাণ) অৰ্ধশতক অৰ্জন কৰে । ৱানীন্দু হাছাৰাংগাই দুটা উইকেট দখল কৰে ।

শনিবাৰে ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত টছত জয়লাভ কৰি বাংলাদেশে বলিং কৰিবলৈ বাছি লয় । শ্ৰীলংকাই ২০ অভাৰত ৭ উইকেটত ১৬৮ ৰাণ সংগ্ৰহ কৰে । ৩৭টা বলত অপৰাজিত ৬৪ ৰাণ সংগ্ৰহ কৰে দছুন শানাকাই ।

কুছাল মেণ্ডিছে ৩৪, পাথুম নিছাংকাই ২২ আৰু চৰিথ আছালংকাই ২১ ৰাণ সংগ্ৰহ কৰে । বাংলাদেশৰ হৈ মুস্তাফিজুৰ ৰহমানে ৩টা উইকেট দখল কৰাৰ বিপৰীতে মেহিদী হাছানে দুটা আৰু টাস্কিন আহমেদে এটা উইকেট দখল কৰে ।

দুয়োটা দলৰ খেলুৱৈসকল হ'ল : -

  • শ্ৰীলংকা : চৰিথ আছালংকা (অধিনায়ক), পথুম নিছাংকা, কুছাল মেণ্ডিছ (উইকেটকীপাৰ), কামিল মিছাৰা, কুছাল পেৰেৰা, কামিন্দু মেণ্ডিছ, দছুন শনাকা, ৱানিন্দু হাছাৰাংগা, দুষমন্ত চামিৰংগা, দুনিথ ৱেলেলাগে, আৰু নুৱান থুছাৰা ।
  • বাংলাদেশ : লিটন দাস (অধিনায়ক), তাঞ্জিদ হাছান তামিম, মহম্মদ ছৈফ হাছান, তৌহিদ হৃদয়, ছামিম হোছেইন, জাকিৰ আলী, মেহিদি হাছান, নাছুম আহমেদ, শ্বোৰিফুল ইছলাম, মুস্তাফিজুৰ ৰহমান আৰু টাস্কিন আহমেদ ।
লগতে পঢ়ক : এছিয়া কাপত ভাৰতৰ জয়যাত্ৰা অব্যাহত; বিশ্ব চেম্পিয়নৰ হাতত ২১ ৰাণত পৰাস্ত ওমান