ETV Bharat / sports

২০২৪ বৰ্ষত কি কি সফলতা অৰ্জন ৰাষ্ট্ৰীয় লন বল খেলুৱৈ নয়নমণি শইকীয়াৰ

২০২৪ বৰ্ষটো অসমৰ ক্ৰীড়া জগতৰ বাবে আছিল এক উল্লেখযোগ্য বৰ্ষ । বিশেষকৈ সৰুপথাৰৰ ক্ৰীড়া প্ৰতিভা বছৰটোত ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠে ।

lawn ball player Nayanmani Saikia
২০২৪ বৰ্ষত কি কি সফলতা অৰ্জন ৰাষ্ট্ৰীয় লন বল খেলুৱৈ নয়নমণি শইকীয়াৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 1, 2025 at 10:14 PM IST

|

Updated : January 2, 2025 at 9:19 AM IST

3 Min Read
Choose ETV Bharat

সৰুপথাৰ : নয়নমণি শইকীয়া । অসম তথা দেশৰ ক্ৰীড়া জগতৰ বৰ্তমান এক পৰিচিত নাম । লন বলৰ ৰাষ্ট্ৰীয় খেলুৱৈ এইগৰাকী সৰুপথাৰৰ বোৱাৰীয়ে ইতিমধ্যে বিশ্ব ক্ৰীড়া ক্ষেত্ৰত নিজৰ উপস্থিতি সুদৃঢ় কৰিছে । লগতে জয় কৰিছে কেইবাটাও পদক । যাৰ বাবে ২০২২ বৰ্ষত দেশৰ সন্মানীয় ক্ৰীড়া বঁটা অৰ্জুন বঁটাৰে সন্মানিত কৰা হৈছে অসমৰ নৱপ্ৰজন্মক লন বলৰ দৰে এবিধ আমাৰ ৰাজ্যত কম জনপ্ৰিয় ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰা নয়নমণি শইকীয়াক ।

২০২৪ বৰ্ষটো অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে এক উল্লেখনীয় বৰ্ষ আছিল । বিশেষকৈ নয়নমণি শইকীয়াই এই বৰ্ষটোত কেইবাটাও সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় । অৱশ্যে কেৱল নয়নমণি শইকীয়ায়ে নহয় অলিম্পিক বিজয়ী সৰুপথাৰৰে লাভলীনা বৰগোঁহাইৰ বাবেও উল্লেখযোগ্য আছিল ২০২৪ বৰ্ষটো ।

২০২৪ বৰ্ষত কি কি সফলতা অৰ্জন ৰাষ্ট্ৰীয় লন বল খেলুৱৈ নয়নমণি শইকীয়াৰ (ETV Bharat Assam)

২০২৪ বৰ্ষত লন বল খেলুৱৈ নয়নমণি শইকীয়াই ৫ টাকৈ সাফল্য অৰ্জন কৰে । নয়নমণি শইকীয়াৰ এই সাফল্য আৰু ভৱিষ্যতৰ খেলৰ বিষয়ে আমাৰ সংবাদদাতাই কথা পাতে তেওঁৰ স্বামী ভাস্কৰ জ্যোতি গোঁহাইৰ সৈতে ।

কি কয় নয়নমণিৰ স্বামীয়ে ?

ভাস্কৰ জ্যোতি গোঁহায়ে কয়, "বহুত কষ্টৰে প্ৰেকটিচ কৰি এই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি ক'ব লাগিব । ঘৰ এৰি, ছোৱালী এৰি বহুত কষ্ট কৰাৰ ফলত সফলতা অৰ্জন কৰা বুলি ক'ব লাগিব ।"

পদক সন্দৰ্ভত তেওঁ কয়, "নেচনেল চেম্পিয়নশ্বিপ, ২০২৪ ৰ একক শাখাত স্বৰ্ণ পদক অৰ্জন কৰিছিল নয়নমণি শইকীয়াই । একেখন প্ৰতিযোগিতাতে যুটীয়াকৈ লাভ কৰে ৰূপৰ পদক । লায়ন্স চিটি ক্লাব ছিংগাপুৰত অনুষ্ঠিত লন বল প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰে । আনহাতে, এছিয়ান চেম্পিয়নশ্বিপ থাইলেণ্ডত গ্ৰুপ মহিলা শাখাত স্বৰ্ণ পদক লাভ কৰে । একেখন খেলত চাৰিগৰাকীয়ে গ্ৰুপ মহিলা শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে ।"

তেওঁ লগতে কয়, "২০২৩ চনৰ ২৫ৰ পৰা ৩০ নৱেম্বৰলৈ নিউজীলেণ্ডত অনুষ্ঠিত হোৱা World Champion of Champions-ত কোৱাৰ্টাৰ ফাইনেলিষ্ট হৈ লন বল বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰে । শেহতীয়াকৈ নতুন দিল্লীত ৩০ ডিচেম্বৰ তাৰিখে অনুষ্ঠিত নৱম ৰাষ্ট্ৰীয় লন বল প্ৰতিযোগিতাত অংশগ্রহণ কৰি সোণৰ পদক অৰ্জন কৰে ।"

নিশ্চিতভাৱে অসমৰ লগতে সৰুপথাৰৰ ক্ৰীড়া জগতত নয়নমণি শইকীয়াৰ লগতে লাভলীনা বৰগোঁহাইৰ বাবে ২০২৪ বৰ্ষটো এটা উল্লেখযোগ্য বৰ্ষ বুলিব পাৰি ।

লগতে পঢ়ক :আমি জিকাৰ যোগ্য আছিলোঁ: মুম্বাইৰ বিৰুদ্ধে জয়ৰ পিছত নৰ্থ-ইষ্ট ইউনাইটেডৰ প্ৰশিক্ষক বেনালী - ISL 2024
লগতে পঢ়ক :তিনিচুকীয়াত ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত বিজয়ী হাৰিয়ানা: বিধায়ক বলীন চেতিয়ালৈ বিশেষ সন্মান - TINSUKIA VOLLEYBALL COMPETITION
Last Updated : January 2, 2025 at 9:19 AM IST