ETV Bharat / sports

নলবাৰীত ফুটবলৰ জ্বৰ, প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ

নলবাৰীৰ মুকালমুৱাৰ ১৩ সংখ্যক চক্ৰধৰ ডেকা সোঁৱৰণী আমন্ত্ৰণমূলক প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ । তিনিখন খেল মহিলা ৰেফাৰীৰ দ্বাৰা পৰিচালনাৰ সিদ্ধান্ত অসম ফুটবল সন্থাৰ ।

13th football competition has been inaugurated in Nalbari
নলবাৰীত ফুটবলৰ জ্বৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 4, 2025 at 1:24 PM IST

2 Min Read
Choose ETV Bharat

নলবাৰী: নলবাৰী জিলাৰ মুকালমুৱাত বুধবাৰৰ পৰা আৰম্ভ হৈছে ফুটবলৰ মহাৰণ । মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত 'সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন'ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ১৩ সংখ্যক চক্ৰধৰ ডেকা সোঁৱৰণী আমন্ত্ৰণমূলক প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাখন আজিৰে পৰা শুভাৰম্ভ কৰা হয় । মুকালমুৱাৰ দেশভক্ত ময়দানত অনুষ্ঠিত হৈছে এইখন সৰ্বভাৰতীয় ফুটবল খেলখন ।

দেশভক্ত ময়দানত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখন বুধবাৰে বিয়লিৰ ভাগত শুভ উদ্বোধন কৰে নলবাৰীৰ জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে । লগতে উপস্থিত থাকে বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকা । সৰ্বভাৰতীয় পৰ্যায়ৰ স্বীকৃতিপ্ৰাপ্ত ফুটবল প্ৰতিযোগিতাখনৰ আৰম্ভণিৰ খেলখন অনুষ্ঠিত হয় মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থা আৰু সোণাপুৰ স্প'ৰ্টছ ক্লাবৰ মাজত ।

প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ (ETV Bharat Assam)

আৰম্ভণিৰ খেলখনত ২-০ গলৰ ব্যৱধানত সোণাপুৰ স্প'ৰ্টছ ক্লাৱক হৰুৱাই মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাই জয়লাভ কৰে । উক্ত খেলখনত খেলুৱৈসকলৰ দুভৰিৰ যাদু চাবলৈ দেশভক্ত ময়দানত অসংখ্য দৰ্শকৰ সমাগম হোৱা পৰিলক্ষিত হয় । উল্লেখযোগ্য যে প্ৰতিবছৰে এইখন সৰ্ব্বভাৰতীয় ফুটবল খেল চাবলৈ ক্ৰীড়াপ্ৰেমী ৰাইজ উৎসুক হৈ থাকে । এই বৰ্ষত প্ৰতিযোগিতাখনত কেইবাটাও ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলকে ধৰি মুঠ ১৩ টা দলে অংশগ্ৰহণ কৰিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে ।

13th football competition has been inaugurated in Nalbari
জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে উদ্বোধন কৰে ফুটবল প্ৰতিযোগিতাখনি (ETV Bharat Assam)

এইবেলি প্ৰতিযোগিতাখনৰ প্ৰথম পুৰস্কাৰ পাচ লাখ টকা আৰু দ্বিতীয় পুৰস্কাৰ তিনি লাখ টকা ধাৰ্য কৰিছে আয়োজকসকলে । আনহাতে এইবেলি ১৩ সংখ্যক সৰ্বভাৰতীয় খেলখনৰ তিনিখন মহিলা ৰেফাৰীৰ দ্বাৰা পৰিচালনা কৰা হ'ব । অসম ফুটবল সন্থাৰ সিদ্ধান্তমৰ্মে অহা ৭ , ৮ আৰু ৯ ছেপ্টেম্বৰৰ খেল তিনিখন সম্পূৰ্ণ মহিলা পৰিচালকৰ দ্বাৰা পৰিচালনা হ'ব বুলি আয়োজক সমিতিয়ে সদৰী কৰে ।

13th football competition has been inaugurated in Nalbari
উপস্থিত থাকে GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকা (ETV Bharat Assam)

এই সন্দৰ্ভত প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাই কয়, "চক্ৰধৰ ডেকা সোঁৱৰণী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাখন শুভ উদ্বোধন হ'ল । জিলা আয়ুক্তই খেলখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে । মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থা আৰু সোণাপুৰ স্প'ৰ্টছ ক্লাবৰ মাজত উদ্বোধনী খেলতখন অনুষ্ঠিত হৈছিল । সুন্দৰ খেল ৰাইজে উপভোগ কৰিলে । অহা খেল কেইখনটো আমি অসমৰ ৰাইজৰ সহায়-সহযোগ কামনা কৰিছোঁ ।"

লগতে পঢ়ক: ৰাজ্য়ৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ীলৈ যথোচিত সন্মান চৰকাৰৰ, সলনি হ’ল ইন্দিৰা গান্ধী ষ্টেডিয়ামৰ নাম - ABHIRUCHI SPORTS DAY 2025

চিমেণ্ট কোম্পানীক ডিমা হাছাওৰ ৩ হাজাৰ বিঘা মাটি : পৰিৱেশ তন্ত্ৰক লৈ উদ্বিগ্ন ন্যায়ালয় - TRIBAL LAND CONTROVERSY