ETV Bharat / sports

বিশ্বকাপৰ যোগ্য়তা অৰ্জন কৰিবলৈ এখন মেচতেই ১০ খেলুৱৈৰ ৰিটায়াৰ্ড হাৰ্ট

মহিলা টি ২০ বিশ্বকাপৰ এছিয়াৰ যোগ্য়তা অৰ্জনকাৰী মেচত ঘটিল এক নোহোৱা নোপোজা ঘটনা ।

UAE WOMENS T20 TEAM
সংযুক্ত আৰব আমিৰশ্বাহী আৰু কাটাৰৰ মেচ (UAE X Account)
author img

By ETV Bharat Assamese Team

Published : May 11, 2025 at 6:50 PM IST

2 Min Read
Choose ETV Bharat

বেংকক : ইংলেণ্ডত 2026ত অনুষ্ঠিতব্য় মহিলা টি ২০ বিশ্বকাপৰ এছিয়াৰ যোগ্য়তা অৰ্জনকাৰী মেচ এখনত সংঘটিত হ'ল এক অভূতপূৰ্ব ঘটনা । সংযুক্ত আৰব আমিৰশ্বাহী (UAE) আৰু কাটাৰৰ মাজত অনুষ্ঠিত এই মেচখনত মহিলা টি ২০ বিশ্বকাপৰ এছিয়াৰ পৰা যোগ্য়তা অৰ্জনৰ বাবে সংযুক্ত আৰব আমিৰশ্বাহীৰ কাৰণে আছিল মৰণপণ যুঁজ । সেয়েহে এই দলটোৱে কৰিলে এনে এক কাম যি ইয়াৰ পূৰ্বে কাহানিও ঘটা নাই ।

থাইলেণ্ডৰ বেংককত অনুষ্ঠিত মেচখনত এফালে বৰষুণৰ আশংকা আৰু আনফালে সংযুক্ত আৰব আমিৰশ্বাহীৰ বাবে জয়ী হোৱাৰ বিশেষ প্ৰয়োজন । সংযুক্ত আৰব আমিৰশ্বাহীৰ আটাইকেইগৰাকী বেটছমেনে সকলোকে আচৰিত কৰি ল'লে ৰিটায়াৰ্ড হাৰ্ট আউট । কাটাৰৰ বিপক্ষে 16 অ'ভাৰত 192-0 স্ক'ৰ কৰি সকলো খেলুৱৈয়ে ৰিটায়াৰ্ড হাৰ্ট আউট হয় । টি ২০ ক্ৰিকেটত এইটো হৈছে প্ৰথম ঘটনা ।

১০ খেলুৱৈৰ ৰিটায়াৰ্ড হাৰ্ট আউট :

টেষ্টত যিকোনো দলে সময় বচাবৰ বাবে ইনিংছ ঘোষণা কৰিব পাৰে; কিন্তু টি 20 ত ইনিংছ ঘোষণা কৰা অনুমতি নাই । সেইবাবে সংযুক্ত আৰব আমিৰশ্বাহীয়ে সকলো খেলুৱৈক ৰিটায়াৰ্ড হাৰ্ট আউট কৰাইছে । ফলত পুৰুষ আৰু মহিলা ক্ৰিকেটত এয়া এক নতুন অভিলেখ স্থাপন হৈছে ।

সংযুক্ত আৰব আমিৰশ্বাহীৰ ক্ৰিকেট দলৰ অ'পেনাৰ তথা অধিনায়ক ইশা ওজা 113 আৰু বাওঁহতীয়া খেলুৱৈ তীৰ্থা সতীশে 74 ৰাণ কৰি ৰিটায়াৰ্ড হাৰ্ট আউট হয় । ইয়াৰ পিছত আন খেলুৱৈসকলে প্ৰশিক্ষক আহমেদ ৰাজাৰ নিৰ্দেশ অনুসৰি ক্ৰীজলৈ আহি ৰিটায়াৰ্ড হাৰ্ট আউট হৈ পেভেলিয়নলৈ উভতি যায় ।

আৰব আমিৰশ্বাহীৰ ১৬৩ ৰাণত জয় :

সংযুক্ত আৰব আমিৰশ্বাহীয়ে প্ৰথমে বেটিং কৰি ১৬ অ'ভাৰত ১৯২ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্য়ুত্তৰত কাটাৰে ১১.১ অভাৰত ২৯ ৰাণত অল আউট হয় । ফলত সংযুক্ত আৰব আমিৰশ্বাহীয়ে ১৬৩ ৰাণত জয়লাভ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য় যে এছিয়াৰ যোগ্য়তা অৰ্জনকাৰী দেশ হিচাপে সংযুক্ত আৰব আমিৰশ্বাহীৰ বাবে এই মেচখনত জয়লাভ কৰাটো অত্যন্ত প্ৰয়োজনীয় আছিল । এছিয়া কোৱালিফায়াৰ গ্ৰুপৰ পৰা কেৱল এটা দলক এই সুযোগ দিয়াত সংযুক্ত আৰব আমিৰশ্বাহীয়ে এইদৰে সুযোগ গ্ৰহণ কৰাত সকলোৱে আশ্চৰ্য প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:লক্ষ্ণৌক ৩৭ ৰাণত পৰাস্ত কৰি পইণ্ট তালিকাৰ দ্বিতীয় স্থানত পঞ্জাৱ - IPL 2025

বিৰাট কোহলীৰ পিছতে ৰোহিত শৰ্মাই ৰচিলে ইতিহাস, MI-ৰ হৈ সম্পূৰ্ণ কৰিলে ৬০০০ ৰাণ - IPL 2025