নেতাৰ বাবে তেজ দিয়া যুৱ কংগ্ৰেছীয়ে নাপালে পঞ্চায়তৰ টিকট
যুৱ কংগ্ৰেছৰ সভাপতিৰ ক্ষোভ ৷ অসমৰ যুৱ কংগ্ৰেছৰ সভাপতি জুৱেইৰ আনমে সামাজিক মাধ্যমত ঘটাইছে ক্ষোভৰ উদ্গীৰণ ।

Published : April 10, 2025 at 9:19 PM IST
গুৱাহাটী: ‘‘কংগ্ৰেছৰ কাৰণে তেজ দিয়া যুৱ কংগ্ৰেছীক এটাও টিকট দিয়াব নোৱাৰিলোঁ !’’ — এইদৰেই এতিয়া কংগ্ৰেছত আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থিত্বকেন্দ্ৰিক বিদ্ৰোহৰ উদগীৰণ । এয়া কংগ্ৰেছৰ কোনো পালিনেতাৰ ভাষ্য নহয় । এয়া অসম যুৱ কংগ্ৰেছৰ সভাপতিৰ ৰাজহুৱা ক্ষোভ ৷
পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থিত্বকেন্দ্ৰিক অসন্তুষ্টি গৈ কংগ্ৰেছ দলৰ ভিতৰৰ পৰা বিস্ফোৰণ ঘটি ছ’চিয়েল মিডিয়া পাইছেগৈ । অসমৰ যুৱ কংগ্ৰেছৰ সভাপতি জুৱেইৰ আনমে সামাজিক মাধ্যমত ঘটাইছে ক্ষোভৰ উদ্গীৰণ ।
জুৱেইৰ আনমে সামাজিক মাধ্যমত লিখিছে, "মোক আপোনালোক সকলোৱে ক্ষমা কৰিব ! আজি কংগ্ৰেছৰ কাৰণে তেজ দিয়া যুৱ কংগ্ৰেছীক এটাও টিকট দিয়াব নোৱাৰিলোঁ !" কংগ্ৰেছৰ বাবে তেজ দিয়া যুৱ কংগ্ৰেছে টিকট নাপালে বুলি ক্ষোভ উজাৰিছে অসম যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনমে ৷
কেৱল এইটো পোষ্টেই নহয় । তেওঁ নেতৃত্ব দিয়া অসম যুৱ কংগ্ৰেছৰ এগৰাকীও সদস্যই টিকট নোপোৱা বুলি কৈ যুৱ কংগ্ৰেছী কোন ? তাৰো আৱেগিক সংজ্ঞা দি সামাজিক মাধ্যমত এইদৰে লিখিলে জুবেইৰে,
—”যুৱ কংগ্ৰেছ কোন ?
যিয়ে পটভূমিৰ পৰা দলৰ পতাকা লৈ দৌৰি ফুৰে সেইয়াই যুৱ কংগ্ৰেছ, য’ত কেমেৰাৰ লেন্সবোৰ কেৱল নেতাজীৰ মুখলৈ মুখ দাঙে । যি নেতাজীৰ সুৰক্ষাৰ বাবে লাঠীৰ কোব খায়, চকু-মুখ বন্ধ কৰি ঢাল হৈ থিয় হৈ পৰে সেইয়াই যুৱ কংগ্ৰেছ । যি কাৰাগাৰলৈকে যাবলৈ সাজু থাকে, যাতে নেতাজনে নিৰ্বাচনত জয়ী হয় । যিয়ে পোষ্টাৰ মাৰে, মঞ্চ গঢ়ে, শ্লোগান দিয়ে অথচ পিছফালে হেৰাই যায় সেইয়াই যুৱ কংগ্ৰেছ । যিয়ে নিজৰ যৌৱন, সময়, আৰু পৰিয়ালক বিসৰ্জন দিয়ে কেৱল এই দলটোক মাৰ্গত ৰাখিবলৈ সেইয়াই যুৱ কংগ্ৰেছ ।”
প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীৰ এই ৰাজহুৱা ক্ষোভ প্ৰকাশে কংগ্ৰেছৰ লগতে ৰাজ্যৰ ৰাজনীতিত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
মন কৰিবলগীয়া যে, পঞ্চায়ত নিৰ্বাচনৰ টিকটক লৈ কংগ্ৰেছত ব্যাপক ধনৰ লেনদেনৰ অভিযোগ উঠিছে ৷
আনহাতে, বৃহস্পতিবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কংগ্ৰেছ দলৰ নেতৃত্বলৈ প্ৰামাণিক অভিযোগ আহিলে ব্যৱস্থা গ্ৰহণ কৰা হ'ব । কংগ্ৰেছত যদি দলীয় টিকট বিতৰণত বেমেজালি হৈছে তেন্তে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হ'ব ।
লগতে পঢ়ক: নুৰুল হুদালৈ কাৰণ দৰ্শোৱাৰ জাননী APCC ৰ, হুদাই ক'লে মই নাই পোৱা !

