ETV Bharat / politics

সিদ্দাৰামাইয়াৰ সিংহাসন থাকিবনে ! একো নকৈও যেন বহু কথাই ক'লে খাৰ্গেই

কৰ্ণাটক চৰকাৰৰ নেতৃত্ব সলনিৰ আলোচনাৰ মাজতে কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেই এই সন্দৰ্ভত দলৰ হাইকমাণ্ডে সিদ্ধান্ত ল’ব বুলি মন্তব্য কৰে ।

Congress national president Mallikarjun Kharge
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে (ANI)
author img

By ETV Bharat Assamese Team

Published : June 30, 2025 at 5:02 PM IST

2 Min Read
Choose ETV Bharat

বেংগালুৰু : অহা তিনিমাহৰ ভিতৰত কৰ্ণাটকত নতুন মুখ্যমন্ত্ৰী হ’ব বুলি ৰাজনৈতিক মহলত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে যদিও সোমবাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই এই সন্দৰ্ভত দলৰ হাইকমাণ্ডে সিদ্ধান্ত ল’ব বুলি মন্তব্য কৰে ।

বেংগালুৰুত সাংবাদিকৰ আগত খাৰ্গেই কয়, "এয়া (মুখ্যমন্ত্ৰী সলনি কৰা) হাইকমাণ্ডৰ হাতত । হাইকমাণ্ডে কি ভাবিছে সেয়া কোনেও নাজানে । ই সম্পূৰ্ণৰূপে তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল আৰু হাইকমাণ্ডৰ অধিক ব্যৱস্থা লোৱাৰ অধিকাৰ আছে ।"

কংগ্ৰেছৰ একাংশ বিধায়কে অহা তিনিমাহত মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াই তেওঁৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ বাবে বাট মুকলি কৰিব বুলি কোৱাৰ বিপৰীতে আন কিছুমানে ছেপ্টেম্বৰৰ পিছত ৰাজ্যৰ ৰাজনীতিত পৰিৱৰ্তনৰ ইংগিত দিয়া বুলি জানিব পৰা গৈছে । এই সন্দৰ্ভত খাৰ্গেই তেওঁৰ দলৰ বিধায়ক আৰু নেতাসকলক এই বিষয়ত বক্তব্য নিদিবলৈ কয় । কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে কয় যে অপ্ৰয়োজনীয়ভাৱে কোনেও সমস্যাৰ সৃষ্টি কৰিব নালাগে ।

বিগত কিছুদিন ধৰি কৰ্ণাটকত কংগ্ৰেছ চৰকাৰৰ নেতৃত্বৰ সম্ভাব্য পৰিৱৰ্তন সন্দৰ্ভত কংগ্ৰেছৰ মন্ত্ৰী-বিধায়কসকলে বক্তব্য প্ৰদান কৰি আহিছে । সিদ্দাৰামাইয়াৰ ঘনিষ্ঠ সহযোগী মন্ত্ৰী কে এন ৰাজন্নাই ছেপ্টেম্বৰৰ পিছত কৰ্ণাটকৰ ৰাজনীতিত পৰিৱৰ্তন হ’ব বুলি কৈ বিতৰ্ক আৰম্ভ কৰে । যদিও তেওঁ কি পৰিৱৰ্তনৰ কথা উল্লেখ কৰিছে সেই কথা স্পষ্টকৈ কোৱা নাই, ৰাজনৈতিক মহলে ইয়াক ছিদ্দাৰামাইয়া আৰু শিৱকুমাৰৰ মাজত হাইকমাণ্ডে কৰা ক্ষমতা ভাগ-বাটোৱাৰা চুক্তিৰ সৈতে জড়িত কৰি ৰাখিছিল । চুক্তি অনুসৰি দুয়োজনে ৩০ মাহৰ বাবে মুখ্যমন্ত্রী পদত ভাগ-বাটোৱাৰা কৰিব আৰু নৱেম্বৰ মাহত ডেৰ-দুবছৰীয়া কার্যকাল সম্পূর্ণ কৰিব সিদ্দাৰামাইয়াই ৷

আনহাতে, কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক বাসৱৰাজ ৰায়ৰেড্ডীয়ে মুখ্যমন্ত্ৰীৰ অর্থনৈতিক উপদেষ্টাও হৈ থকাৰ কথা উল্লেখ কৰি কয় যে সিদ্দাৰামাইয়াই কংগ্ৰেছৰ গৰিষ্ঠসংখ্যক বিধায়কৰ সমর্থন লাভ কৰাৰ বাবে আগন্তুক তিনিবছৰলৈ মুখ্যমন্ত্রী হৈ থাকিব ৷

অৱশ্যে ৰামনগৰৰ কংগ্ৰেছৰ বিধায়ক ইকবাল হুছেইনে প্ৰত্যুত্তৰ দি কয় যে আগন্তুক তিনিমাহত শিৱকুমাৰ মুখ্যমন্ত্ৰী হ’ব । তেওঁ কয়, "সঁচাকৈয়ে সিদ্দাৰামাইয়া আৰু শিৱকুমাৰৰ মাজত ক্ষমতা ভাগ-বাটোৱাৰাৰ চুক্তি হৈছে । সেই অনুসৰি শিৱকুমাৰে মুখ্যমন্ত্ৰীৰ দায়িত্ব ল'ব ।"

লগতে পঢ়ক : কংগ্ৰেছত বৃহৎ ৰদবদল: ১১ ৰাজ্যত নতুন তত্বাৱধায়ক নিযুক্তি

ফলিয়ালে মুখ্যমন্ত্ৰীৰ ভৱিষ্যদ্বাণী, ভূপেন বৰাৰ পৰা আঁতৰিল সভাপতিৰ চকী

গৌৰৱ গগৈয়ে দায়িত্বভাৰ লোৱাৰ দিনাই চৰ্চাত এটা বিশেষ ৱাটছএপ মেছেজ : কি সেই মেছেজ !