মুখ্যমন্ত্ৰী এণ্ড কোম্পানীৰ অবৈধ মাটি দুখীয়া ৰাইজৰ মাজত বিতৰণ কৰিম : গৌৰৱ গগৈ
গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্স দেওবাৰে অনুষ্ঠিত হয় প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা । য'ত বিজেপি চৰকাৰৰ বিৰুদ্ধে ভৱিষ্যতৰ ৰণনীতি প্ৰস্তুত কৰা হয় ।

Published : August 4, 2025 at 9:01 AM IST
গুৱাহাটী : "যেতিয়া কংগ্ৰেছ চৰকাৰ আহিব তেতিয়া প্ৰথম কেবিনেটত এইটোৱে কাম আমি কৰিম যে যিমানবোৰ মাটি অবৈধভাৱে হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানীয়ে অসমৰ ভিতৰত লৈছে সেই গোটেইবোৰ মাটি আমি দুখীয়া ৰাইজৰ মাজত বিতৰণ কৰিম ।" এই মন্তব্য প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ । দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ অন্তত ৰাইজক এই প্ৰতিশ্ৰুতি দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । কেৱল এয়াই নহয় এক নিৰ্দিষ্ট ভূমি নীতিৰ জৰিয়তে ৰাইজক সকাহ দিয়াৰ কথাও উল্লেখ কৰে গৌৰৱ গগৈয়ে । তেওঁ কয়,"ভূমি আইন লৈ কংগ্ৰেছ দলে পৰৱৰ্তী দিনত এটা নতুন প্ৰগতিশীল চিন্তা কৰিব আৰু অসমৰ খিলঞ্জীয়া মানুহৰ, বিভিন্ন জাতি-জনগোষ্ঠীৰ ভূমি অধিকাৰ সম্পৰ্কত আমি আন্দোলনৰ ৰাস্তা লম ।"
কাৰ্যনিৰ্বাহক সভাৰ অন্তত এটা অৰ্থনৈতিক আৰু গুৰুত্বপূৰ্ণ ৰাজনৈতিক প্ৰস্তাৱ গ্ৰহণ কৰা হয় । এই অৰ্থনৈতিক প্ৰস্তাৱৰ যোগেদি অসমৰ সামগ্ৰিক বিকাশ, অৰ্থনৈতিক সংস্কাৰ, ঋণগ্ৰস্ত অসমক উদ্ধাৰ কৰা, নিয়োগ সৃষ্টি কৰা, অৰ্থনৈতিক পৰিৱৰ্তনৰ যোগেদি সকলো শ্ৰেণীৰ নাগৰিকৰ সমবিকাশ আৰু সমবিচাৰৰ এক প্ৰস্তাৱ গ্ৰহণ কৰা হয় । সভাৰ অন্তত হোৱা সংবাদমেলত গৌৰৱ গগৈয়ে কয় যে অসমৰ জনসাধাৰণ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বৰ চৰকাৰৰ দিনত অতিষ্ঠ হৈ পৰিছে ।
ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুসকলৰ ওপৰত অবিচাৰ আৰু অনিয়ম চলোৱাৰ লগতে অসমৰ জনগোষ্ঠীয় ৰাইজক নিৰ্বিচাৰ উচ্ছেদৰ নামত অমানৱীয় আতিশয্য চলোৱা হৈছে । উচ্ছেদৰ নামত আইন-আদালতৰ নিৰ্দেশক অৱমাননা কৰা হৈছে । এনে পৰিস্থিতিত কংগ্ৰেছে এক সংস্কাৰমুখী অৰ্থনৈতিক নীতি আৰু ভূমি নীতিৰ জৰিয়তে ৰাইজক সকাহ দিয়াৰ চেষ্টা কৰিব । উচ্ছেদ সন্দৰ্ভত ৰাহুল গান্ধীয়ে কয়, "উচ্ছেদৰ কাৰ্যসূচীত চৰকাৰে বাংলাদেশীৰ নাম লৈছে । বাংলাদেশীৰ নাম লৈ উচ্ছেদ চলোৱাৰ প্ৰচাৰ চলাইছে । কিমান বাংলাদেশী ধৰা পৰিলে কওঁকচোন ? প্ৰমাণ দিয়ক, সংখ্যা দিয়ক...।"

তেওঁ লগতে কয়, "নিখিল ভাৰত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে ছয়গাঁৱৰ সভালৈ আহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে জে'ললৈ যোৱা দেখিব বুলি যি ঘোষণা কৰি গৈছিল, সেই ঘোষণা কাৰ্যকৰী কৰাটো মোৰ দায়িত্ব । ৰাহুল গান্ধীৰ কথা আখৰে আখৰে পালন কৰাটো মোৰ নৈতিক কৰ্তব্য ।"
চৰকাৰৰ বিৰুদ্ধে বৃহৎ পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি গৌৰৱ গগৈয়ে কয়, "অহা মাহত নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে ইতিমধ্যে এটা বল্ড কেম্পেইনৰ বাবে চিন্তা কৰিছে । মই ভাবো এই বল্ড কেম্পেইনে বিজেপি দলৰ নেতাসকলৰ ৰাতি টোপনি ভাঙি দিব ।"

ইফালে কাৰ্যনিৰ্বাহকত উপস্থিত থাকি অসমৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে কয়, "ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে কেলেংকাৰী আছে, মাফিয়াৰাজ আছে, যিকোনো বস্তুৰ ওপৰত এইছবিএছ টেক্স লগোৱা আছে । এই সকলোবোৰ বিষয় ইয়াত আলোচনা কৰা হৈছে । কিন্তু এটা কথা ক'ব বিচাৰো এক ভাৱনাই বিৰাজ কৰিছে যে 'হিমন্ত ভগাও আছাম বছাও' ৷ এই ধৰণৰ পৰিৱেশ অসমৰ ৰাইজৰ মন-মগজুত সোমাই গৈছে ।"

