ETV Bharat / politics

২০২৬ ৰ বিধানসভা নিৰ্বাচন খেলিবনে আঙুৰলতা ডেকাই ?

২০২১ ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীৰ হাতত পৰাজিত হোৱা আঙুৰলতা ডেকাই এতিয়া নিজকে কেনেদৰে ব্য়স্ত ৰাখিছে ?

Exclusive interview With Angoorlata Deka
আকৌ বিধানসভালৈ যোৱাৰ মন ! (@angoorlata deka)
author img

By ETV Bharat Assamese Team

Published : July 1, 2025 at 4:23 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত হঠাৎ অসমৰ ৰাজনীতিত আবিৰ্ভাৱ ঘটিছিল এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ । ৰাজনীতিত আত্মপ্ৰকাশ কৰিয়েই বটদ্ৰৱা বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে নাটকীয়ভাৱে বিজয়ী হৈছিল । সেই সময়ৰ দেশৰ ৰাজনীতিত সুন্দৰী মহিলাৰ তালিকাত তেওঁ বিশেষ চৰ্চাও লাভ কৰিছিল । অৱশ্য়ে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থীৰ হাতত পৰাজিত হোৱাৰ পিছত একেবাৰেই নীৰৱ হৈ পৰে।

এইগৰাকী অভিনেত্ৰী তথা বিজেপি নেত্ৰীয়ে হঠাতেই কিয় ৰাজনৈতিক ক্ষেত্ৰখনত একপ্ৰকাৰ এলাগী হৈ পৰিল ? তেওঁ এতিয়া কি কামত ব্য়স্ত আছে ? নতুন চিনেমাৰ কামত ব্য়স্ত আছে নেকি তেওঁ ? আগন্তুক ২০২৬ৰ বিধানসভা নিৰ্বাচনত তেওঁ বিজেপিৰ পৰা পুনৰ টিকট লাভ কৰিবনে ? এই সন্দৰ্ভত ইটিভি ভাৰতক সবিশেষ জনালে এইগৰাকী অভিনেত্ৰী তথা বিজেপি নেত্ৰীয়ে ।

প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ সৈতে ই টিভি ভাৰতৰ সাক্ষাৎকাৰ (ETV Bharat Assam)

ক'ত কেনেকৈ ব্যস্ত আছে প্ৰাক্তন বিধায়িকা, অভিনেত্ৰী আঙুৰলতা ডেকা ? ২০২৬ ত বিধানসভা নিৰ্বাচন খেলাৰ মন মেলিছে নে পুনৰ অভিনয় জগতখনলৈকে ঘূৰি যোৱাৰ প্ৰস্তুতি চলাইছে আঙুৰলতাই ? বিগত প্ৰায় ডেৰ বছৰ ধৰি সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি থকা আঙুৰলতা ডেকাই এই সন্দৰ্ভত কয় যে তেওঁ কন্যা সন্তানক সময় দিয়াৰ বাবে কিছুদিন সক্ৰিয়ভাৱে ৰাজনীতিৰ পৰা বিৰত আছিল; কিন্তু তেওঁ এতিয়া সক্ৰিয়ভাৱে কাম কৰিবলৈ আগবাঢ়ি আহিছে । 'কাম্য' নামৰ সামাজিক বিকাশ সংস্থাটোৰ জৰিয়তে অহা ৪ জুলাইৰ পৰা ৮ জুলাইলৈ মহীয়সী বীৰংগনা মূলাগাভৰুৰ জীৱনাদর্শ, সাহসিকতা আৰু ত্যাগক শ্ৰদ্ধাৰে স্মৰণ কৰি ৫ দিনীয়া 'মূলাগাভৰু' শীর্ষক এক কন্যা সমৰকলা প্রশিক্ষণ কর্মশালাৰ আয়োজন কৰিছে ।

এই সন্দৰ্ভত তেওঁ কয়, "আমি প্ৰতিগৰাকী অসমীয়া যুৱতীক শক্তিশালী, নির্ভীক আৰু সাহসী ৰূপত চাব বিচাৰো । নাৰী সৱলীকৰণ নাৰীৰ অধিকাৰ হিচাপে গঢ়ি তুলিব বিচাৰো । প্ৰতিগৰাকী যুৱতী সাৱধানতাৰে নহয়, সাহসেৰে আৰু যোগ্যতাৰে খোজকঢ়াটো বিচাৰো । এই প্রশিক্ষণ কর্মশালাত অসমৰ বিভিন্ন জিলাৰ বিভিন্ন মহাবিদ্যালয়ৰ পৰা প্ৰায় ডেৰশগৰাকী প্রশিক্ষার্থীয়ে অংশগ্রহণ কৰিব । বৰ্তমান সমাজখনৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰত্যেকগৰাকী নাৰীয়ে শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হোৱাটো অত্যন্ত আৱশ্যক । সেই উদ্দেশ্য আগত ৰাখি পাঁচদিনীয়াকৈ এই প্রশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ।"

তেওঁ পুনৰ কয়, "প্ৰশিক্ষণৰ সময়ছোৱাত অংশগ্রহণকাৰীসকলক মৌলিক আত্মৰক্ষাৰ কৌশল, পৰিস্থিতিগত অভিযোজন ক্ষমতা, মানসিক স্থিতিস্থাপকতা প্ৰদান কৰিবলৈ যত্ন কৰাৰ লগতে সময় সাপেক্ষে কিদৰে নিজকে প্ৰতিৰক্ষা কৰিব পাৰিব এই সন্দৰ্ভত শিক্ষা দিয়া হ'ব ।"

দলে টিকট দিলে নিৰ্বাচন খেলিম :

২০২৬ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত আঙুৰলতাই কয়, "নিৰ্বাচন খেলাটো একেবাৰে নিজৰ হাতত নাথাকে । অসমত আমাৰ চৰকাৰখনে ইতিমধ্য়ে ভাল কাম কৰি আছে । তদুপৰি সমষ্টিৰ পুনৰনিৰ্ধাৰণ হৈছে । সমষ্টিবোৰ ইফাল-সিফাল হৈছে । মোৰ নিৰ্ধাৰিত সমষ্টিও নাই । গতিকে মই নিৰ্বাচন খেলিম বুলি কোৱাটো ঠিক নহ'ব । যদি দলে টিকট দিয়ে তেতিয়া ২০২৬ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম । টিকট নিদিলেও দলৰ কৰ্মী হিচাপে কাম কৰি যাম ।"

অভিনেত্ৰী হিচাপে মোৰ প্ৰথম চিনাকি:

অভিনয় জগতলৈ পুনৰ আহিব নেকি বুলি সোধাত তেওঁ কয়, "অভিনেত্ৰী হিচাপে মোৰ প্ৰথম চিনাকি । অভিনয় জগতৰ পিছতহে মই ৰাজনীতিলৈ আহিছো । নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিধায়িকা হৈছিলো । সুযোগ পালে অভিনয় কৰি যাম । ইতিমধ্যে এখন ছবিত অভিনয় কৰিছো; কিন্তু এতিয়াই নাম প্ৰকাশ কৰিব পৰা হোৱা নাই ।"

লগতে পঢ়ক :দীর্ঘবিৰতিৰ অন্তত ৰাজনীতিৰ পথাৰত নৃত্য আঙুৰলতা ডেকাৰ - ASSAM BYE ELECTION 2024