ETV Bharat / politics

অখিল গগৈ বিজেপিলৈ আহিলে কাৰ ঘৰত ডিভ'ৰ্চ হৈ যাব ?

ভূপেন বৰাৰ কথাটো অলপ ইংগিত ইংগিত যেন ধৰিব পাৰি । অলপ অলপ ধৰিব পাৰি, ডাইৰেক্ট নহয় । কিহৰ ইংগিতৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে ?

CM on Akhil Gogoi
অখিল গগৈ বিজেপিত আহিলে মই ৰাইজৰ দললৈ যাব লাগিব... (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 6, 2025 at 7:48 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা থকালৈকে বিজেপিত প্ৰৱেশ কৰিব নোৱাৰে বিধায়ক অখিল গগৈ । এই কথা সদৰী কৰিলে খোদ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । মঙলবাৰে দিছপুৰৰ লোকসেৱা ভৱনত আয়োজন কৰা এক সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে এই মন্তব্য কৰে । মুখ্যমন্ত্রীয়ে কয়, "অখিল গগৈ আৰু মই দুয়োটা একেলগে বিজেপিত থাকিব নোৱাৰো । অখিল গগৈ আৰু মই বিজেপিত থাকিলে মোৰ ঘৰত ডিভ'ৰ্চ হৈ যাব । গতিকে অখিল গগৈ বিজেপিত আহিলে মই ৰাইজৰ দললৈ যাব লাগিব ।"

তেওঁ লগতে কয়, "মই ভাবোঁ অখিল গগৈক লৈ বিতৰ্ক কৰি লাভ নাই । কাৰণ তেওঁ যিটো পৰ্যায়ত মোৰ লগত পাৰ্চনেল কৰিছে । বিজেপিয়ে তেওঁক ল'লে মই আপত্তি কৰিব নোৱাৰো । বিজেপিয়ে তেওঁক ল'লে মই ঘৰত ডিভ'ৰ্চ কৰিব লাগিব । সেই কাৰণে এইটোক লৈ বহুত বেছি জল্পনা-কল্পনা কৰি লাভ নাই । মই থকালৈকে নহয় । মই নাথাকিলে পিছত ল'ব পাৰে, সেইটোক লৈ মই নকওঁ।"

অখিল গগৈ বিজেপিnw আহিলে মই ৰাইজৰ দললৈ যাব লাগিব... (ETV Bharat Assam)

আনহাতে, ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়াৰ বিজেপিত যোগদানৰ চৰ্চা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "দেৱব্ৰত শইকীয়াৰ যোগদানৰ কথা মই নকওঁ । কিন্তু ভূপেন বৰাই চৰকাৰী গাড়ীত উঠাৰ কথা কৈছে । মানে পৰোক্ষভাৱে তেওঁৰ এটা প্ৰস্তাৱ বুলি ভাবিব পাৰোঁ । দেৱব্ৰত শইকীয়াই কিন্তু কোৱা নাই । গতিকে মই দেৱব্ৰত শইকীয়াৰ ওপৰত কমেণ্ট নিদিওঁ ।"

ভূপেন বৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য, "কিন্তু ভূপেন বৰাই বাৰে বাৰে দিছপুৰলৈ যোৱাৰ কথা কয় । দিছপুৰত কেনেকৈ যাব পাৰিব । কাৰণ দিছপুৰত বিজেপি থাকিব । গতিকে ভূপেন বৰাৰ কথাটো অলপ ইংগিত ইংগিত যেন ধৰিব পাৰি । অলপ অলপ ধৰিব পাৰি, ডাইৰেক্ট নহয় । দেৱব্ৰত শইকীয়াৰ পৰা আমি কোনো ইংগিত পোৱা নাই । আমাৰ মানুহবোৰৰ লগত কথা পাতি থাকে, তাতে কিবা ইংগিত আছে যদি মই নাজানো ।"'

লগতে পঢ়ক :প্ৰসংগ গৌৰৱ গগৈ: পুনৰ এলানি বিস্ফোৰণ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ - ASSAM CM ON GAURAV GOGOI
লগতে পঢ়ক :অখিল গগৈয়ে শ্ৰুতলিপি দিছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক ! - DEBABRATA SAIKIA VS AKHIL GOGOI