ETV Bharat / politics

'২৬ ত কাৰ নেতৃত্বত বিজেপি নামিব নিৰ্বাচনত: ১৭ জানুৱাৰীত দেখিব ৰাইজে

১৬ জানুৱাৰীৰ সন্ধিয়া ৭ বজালৈ মনোনয়ন দাখিল কৰিব পাৰিব । এখন মনোনয়ন দাখিল হ’লে তেৱেঁই পৰৱৰ্তী সভাপতি হ’ব । মুখ্যমন্ত্ৰীয়ে কয় ।

State BJP President Election
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ANI File Photo)
author img

By ETV Bharat Assamese Team

Published : January 15, 2025 at 5:06 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : ৰাজ্যিক বিজেপিৰ নতুন সভাপতি নিৰ্বাচিত হ'ব ১৭ জানুৱাৰীত । ৰাজ্যিক বিজেপিৰ নতুন সভাপতি নিৰ্বাচনক লৈ চলি থকা জল্পনা-কল্পনাৰ মাজতে বুধবাৰে সভাপতি নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে ।

গুৱাহাটীৰ জালুকবাৰীত বিমানকোঠ মণ্ডল বিজেপিৰ কাৰ্যালয় উদ্বোধন কৰি সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্রীয়ে কয়, "১৭ জানুৱাৰীত ঘোষণা হ’ব বিজেপিৰ নতুন ৰাজ্যিক সভাপতিৰ নাম ।

কেতিয়া নিৰ্বাচিত হ'ব ৰাজ্যিক বিজেপিৰ নতুন সভাপতি : ক'লে মুখ্যমন্ত্রীয়ে (ETV Bharat Assam)

১৬ জানুৱাৰীৰ সন্ধিয়া ৭ বজালৈ দাখিল কৰিব পাৰিব মনোনয়ন-পত্ৰ । এখন মনোনয়ন পত্ৰ দাখিল হ’লে তেৱেঁই হ’ব পৰৱৰ্তী সভাপতি । এখনতকৈ অধিক মনোনয়ন দাখিল হ’লে অনুষ্ঠিত হ’ব নিৰ্বাচন । আমাৰ ষ্টেট কাউন্সিলৰ সদস্যসকলৰ ভোটদানেৰে সভাপতিজন নিৰ্বাচিত হ'ব । কিন্তু আমাৰ দলৰ পৰম্পৰা অনুসৰি কাইলৈ আমাৰ দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সুনীল বানচাল, সম্বিত পাত্র আৰু প্ৰভাৰী হৰিশ দ্বিবেদী আহিব । তিনিওগৰাকীয়ে আমাৰ দলৰ নেতৃবৃন্দৰ লগত কথা পাতি সভাপতি পদৰ বাবে যিমানদূৰ সম্ভৱ এজন উমৈহতীয়া প্ৰাৰ্থী স্থিৰ কৰিব । লগতে সন্ধিয়া ৭ বজালৈ মনোনয়ন-পত্র দাখিলৰ প্ৰক্ৰিয়া চলিব । আনহাতে, অসমৰ সভাপতি নিৰ্বাচনৰ নিৰ্বাচনী পৰ্যবেক্ষক কেন্দ্ৰীয় মন্ত্রী গজেন্দ্ৰ সিং শ্বেখাৱট কাইলৈ নিশা গুৱাহাটীত উপস্থিত হ'ব ।"

মুখ্যমন্ত্রীয়ে লগতে কয়, "ভৱেশ কলিতাই বিগত সময়ছোৱাত আমাৰ দলটোক সুন্দৰভাৱে নেতৃত্ব দিছিল । কিন্তু আমাৰ দলৰ নিয়ম হ'ল যে সভাপতিজন নিৰ্বাচনৰ পূৰ্বে দলৰ এটা বিশেষ পৰ্যবেক্ষকৰ দল আহি আমাৰ সকলোৰে লগত কথা পাতি এজন ঐকমত্যৰ প্ৰাৰ্থী নিৰ্বাচিত কৰিব । সেই ঐকমত্যৰ প্ৰাৰ্থীজন কোন হয় সেয়া মই আজিয়ে ক'ব নোৱাৰো । কাৰণ সেই প্ৰক্ৰিয়াটো কাইলৈ হ'ব । কাইলৈ গোটেই বিষয়টো স্পষ্ট হ'ব । ১৭ জানুৱাৰীৰ দিনৰ ১১ বজাত সংগঠন পৰ্বৰ বিগত চাৰি মাহ ধৰি চলা ডাঙৰ প্ৰক্ৰিয়াৰ সামৰণি পৰিব ।"

চাৰিখন জিলাৰ সভাপতি নিযুক্তি সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ বাবে জিলা পৰ্যায়ৰ ৫০ শতাংশ নিৰ্বাচনী প্ৰক্ৰিয়া হ'ব লাগে । এইক্ষেত্রত আমি ৯০ শতাংশ কৰিলোঁ । গতিকে চাৰিখন জিলাৰ সময়-সুবিধা অনুসৰি সভাপতি নিযুক্তি দিয়া হ'ব । নতুন ৰাজ্যিক সভাপতিয়ে এই চাৰিখন জিলাৰ সভাপতি নিযুক্তি দিব ।"

লগতে পঢ়ক :লক্ষ্য ’২৬ : এইবাৰ সংখ্যালঘু সমষ্টিত বিজেপিৰ চকু - 2026 ASSAM POLLS
লগতে পঢ়ক :কংগ্ৰেছৰ ৪৭ বছৰীয়া ঠিকনা সলনি; কোটলা ৰোডত নতুন মুখ্য কাৰ্যালয় উদ্বোধন ছোনিয়া গান্ধীৰ - AICC NEW HEADQUARTER INAUGURATED