গুৱাহাটী: আগন্তুক পঞ্চায়ত নিৰ্বাচনত নিৰ্বাচন খেলি জনসেৱা কৰিব বিচৰাসকললৈ ভাল খবৰ আনিছে অসম বিধানসভাই । কিয়নো গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ বিত্তীয় ক্ষমতা বৃদ্ধি কৰিবৰ বাবে বিধানসভাই আইনৰ সংশোধনী কৰিছে ৷
আসন্ন পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অসমত পঞ্চায়ত ব্যৱস্থাত শীঘ্ৰেই ঘটিব কেতবোৰ গুৰুত্বপূৰ্ণ সালসলনি । আগতকৈ গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ বৃদ্ধি হ’ব বিত্তীয় ক্ষমতা ৷
অসম পঞ্চায়ত আইন সংশোধনী বিধেয়ক ২০২৫ পাৰিত হ’ল অসম বিধানসভাত । বিধানসভাৰ মজিয়াত এই সংশোধনী বিধেয়কখন পাৰিতকৰণ আৰু বিধেয়কখনত হোৱা সংশোধন প্ৰসংগত সদনৰ বাহিৰত প্ৰতিক্ৰিয়া প্ৰকাশ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ দাসৰ । লগতে পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভতো মন্ত্ৰী ৰণজিৎ দাসৰ প্ৰতিক্ৰিয়া প্ৰকাশ ।
অসম পঞ্চায়ত আইনৰ সংশোধন:
মঙলবাৰে বিধানসভাত অসম পঞ্চায়ত আইনৰ সংশোধনীত অনুমোদন জনোৱা হয় । এই নতুন সংশোধনী অনুসৰি হ্ৰাস কৰা হৈছে জিলা পৰিষদে ভোগ কৰা ক্ষমতা । ক্ষমতাৰ অধিক বিকেন্দ্ৰীকৰণৰ দ্বাৰা গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ ক্ষমতা বৃদ্ধি কৰা হৈছে । ১০৫, ১০৮, ১০৯ ধাৰাৰ সংশোধন কৰি পঞ্চায়তৰ ক্ষমতা বৃদ্ধি কৰা হৈছে ।
এই প্ৰসংগত মন্ত্ৰী ৰণজিৎ দাসে সাংবাদিকৰ সন্মুখত কয়, ''অসম পঞ্চায়ত আইন সংশোধনী বিধেয়ক 2025 খন আমি পাৰিত কৰিছো । এই সংশোধিত আইনখনৰ মূল গুৰুত্বপূৰ্ণ বিষয় হ’ল- পূৰ্বতে আমাৰ যিখন পঞ্চায়ত আইন আছিল, তাত পঞ্চায়তক যিদৰে মান্যতা দিব লাগিছিল, সেই মান্যতা দিয়া হোৱা নাছিল । তাৰ বিপৰীতে জিলা পৰিষদে পঞ্চায়তৰ ক্ষমতাসমূহ ব্যৱহাৰ কৰি আছিল” ৷
৫ লাখ টকালৈকে পঞ্চায়তে নিজে দিব পাৰিব বজাৰৰ নিবিদা:
লগতে মন্ত্ৰী দাসে কয় যে, এতিয়াৰ পৰা গাঁও পঞ্চায়তেও নিজে বজাৰ আদি নিবিদাত দিয়া ক্ষমতা লাভ কৰিব ৷ এই সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ মন্তব্য এনেধৰণৰ, "পূৰ্বতে এনেকুৱা ব্যৱস্থাও আছিল য’ত পঞ্চায়তৰ ক্ষমতা কম আছিল । আমাৰ গাঁৱে-ভূঞে হাট-বজাৰ আছে, নাও-ফেৰীৰ বাবে ঘাট আছে ৷ হাট-বজাৰ, ঘাট আদিৰ নিবিদা দিব পৰা ক্ষমতা পঞ্চায়তৰ নাছিল । পূৰ্বতে আঞ্চলিক পঞ্চায়তসমূহৰ অৰ্থাৎ ব্লক পৰ্যায়ত সৰ্বাধিক এক লাখ টকাৰ নিবিদাহে দিব পৰা ক্ষমতা আছিল । এই ক্ষমতাটো সম্পূৰ্ণৰূপে ভোগ কৰি আছিল জিলা পৰিষদে । অৰ্থাৎ এখন বজাৰৰ ১ কোটি টকা বা ৫ লাখ টকা যিয়েই নহওক, নিবিদাসমূহ জিলা পৰিষদে দিছিল । যাৰ বাবে পঞ্চায়তৰ যি ক্ষমতা সেয়া প্ৰকৃতাৰ্থত বিকেন্দ্ৰীকৰণ হোৱা নাছিল ৷"
এতিয়াৰে পৰা ৫ লাখ টকালৈকে হাট-বজাৰ, ঘাট আদিৰ নিবিদা আহ্বান কৰিব পাৰিব গাঁও পঞ্চায়তে । ৫ ৰ পৰা ১০ লাখ পৰ্যন্ত নিবিদা আহ্বান আৰু অনুমোদন দিব দিব পাৰিব আঞ্চলিক পঞ্চায়তে ।
এই লৈ মন্ত্ৰী ৰণজিৎ দাসৰ মন্তব্য, "ক্ষমতাৰ অধিক বিকেন্দ্ৰীকৰণৰ বাবে আমি সিদ্ধান্ত লৈছো, ৫ লাখ টকালৈ যিমানবোৰ নিবিদা হ’ব সকলো গাঁও পঞ্চায়তে দিব পাৰিব ৷ হাট-বজাৰ আদিৰ নিজে টেণ্ডাৰ কল কৰিব পাৰিব পঞ্চায়তে ৷ ৫-১০ লাখলৈকে আঞ্চলিকে দিব পাৰিব । পূৰ্বতে আঞ্চলিকৰ এই ক্ষমতা আছিল ১ লাখ টকা । পঞ্চায়তৰ এটকাও নিবিদা দিয়াৰ ক্ষমতা নাছিল । ১০ লাখৰ ওপৰত যিবোৰ হাট-বজাৰ, ঘাট আদি থাকিব সেইবোৰ জিলা পৰিষদে নিবিদা আহ্বান কৰি অনুমোদন কৰিব পাৰিব ৷"
মন্ত্ৰী ৰণজিৎ দাসে লগতে কয়, "এই উদ্দেশ্যেৰেই আমি অসম পঞ্চায়ত আইন ২৫ ৰ সংশোধনী ঘটাই ১০৫, ১০৮, ১০৯ ধাৰাৰ সংশোধন কৰি আমি পঞ্চায়তৰ ক্ষমতা অধিক কৰাৰ ব্যৱস্থা কৰিছো । এই ব্যৱস্থা আমি এইকাৰণেই কৰিছো, যিহেতু এইবাৰ পঞ্চায়ত ৰাজনীতিমুুক্ত পঞ্চায়ত হ’বগৈ ৷ তাত যিহেতু কোনো দলীয় প্ৰাৰ্থী বা প্ৰতীক নাথাকিব ৷ সমাজৰ সৰ্বজনগৃহীত প্ৰাৰ্থী থাকিব ৷ সেই পঞ্চায়তত থকা নৱ নিৰ্বাচিত সদস্য বা সভাপতিসকলক, প্ৰতিনিধিসকলক সন্মান জনাই আমি তেওঁলোকে যাতে অ৷ধিক বিত্তীয় ক্ষমতা দিব পাৰো, তাৰ বাবে আমি এই সংশোধনী কৰিছো ৷ আমি আশা কৰিছো যে আমি ৫ মে’ ৰ ভিতৰত পঞ্চায়ত নিৰ্বাচনী প্ৰক্ৰিয়াৰ পৰা আজৰি হ’ব পাৰিম ৷"