কংগ্ৰেছ মুখপাত্ৰৰ আটকক লৈ জয়ৰাম ৰমেশ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাকযুদ্ধ তুংগত
অসম কংগ্ৰেছৰ মুখপাত্ৰ ৰীতম সিঙক গ্ৰেপ্তাৰ ৷ বিজেপি বিধায়কৰ বিৰুদ্ধে কৰা টুইটেই হ’ল কাল ৷

By ANI
Published : March 16, 2025 at 10:19 AM IST
|Updated : March 16, 2025 at 10:36 AM IST
গুৱাহাটী: গুৱাহাটীত লখিমপুৰ আৰক্ষীয়ে অসম কংগ্ৰেছৰ মুখপাত্ৰ ৰীতম সিঙক গ্ৰেপ্তাৰ কৰাৰ পিছতে কংগ্ৰেছৰ যোগাযোগ বিভাগৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক জয়ৰাম ৰমেশ আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মাজত বাকযুদ্ধ তুংগত উঠা পৰিলক্ষিত হৈছে ৷
জয়ৰাম ৰমেশে এই গ্ৰেপ্তাৰক “আৰক্ষীৰ ক্ষমতাৰ অপব্যৱহাৰ” বুলি গৰিহণা দিয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী শৰ্মাই অসম আৰক্ষীৰ এই পদক্ষেপক সমৰ্থন জনায় ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে, এই গ্ৰেপ্তাৰ এগৰাকী দলিত মহিলাক নিৰ্দেশিত কৰা জাতিভিত্তিক অপমানৰ সৈতে জড়িত ।
সিঙৰ গ্ৰেপ্তাৰ সম্পৰ্কীয় সংবাদ মাধ্যমৰ বাতৰিৰ লিংক আৰু শৰ্মাক টেগ কৰি এক্সত এই বিষয়টো উত্থাপন কৰে জয়ৰাম ৰমেশে ।
কংগ্ৰেছ নেতাগৰাকীয়ে এই সন্দৰ্ভত সামাজিক মাধ্য়ম এক্সত এনেদৰে লিখিছে, ‘‘মোৰ যুৱ সহকৰ্মী ৰীতম সিঙক (@SinghReetam) এটা নিখুঁত যুক্তিসংগত ছ’চিয়েল মিডিয়া পোষ্টৰ বাবে গ্ৰেপ্তাৰ কৰাটো নৃশংস মুখ্যমন্ত্ৰী @himantabiswa ডাঙৰীয়াতকৈও বেয়া’’ ।
The arrest of my young colleague Reetam Singh (@SinghReetam) for a perfectly reasonable social media post is worse than atrocious Mr. Chief Minister @himantabiswa https://t.co/TPmEI6pPyM
— Jairam Ramesh (@Jairam_Ramesh) March 15, 2025
জয়ৰাম ৰমেশৰ এই পোষ্টৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁক উভতি ধৰে ৷ কংগ্ৰেছৰ স্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰি অসমৰ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই দলিত মহিলাৰ স্বামীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্যৰ ন্যায্যতা প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰে । লগতে কংগ্ৰেছৰ এজন শীৰ্ষ নেতা গৌৰৱ গগৈক আই এছ আই আৰু পাকিস্তানৰ সৈতে সম্পৰ্ক স্থাপন কৰা এক আগতীয়া “বৃহৎ প্ৰকাশ” ৰ বিষয়েও সকীয়াই দিয়ে ।
‘‘মহাশয়, এই গোচৰটো এগৰাকী দলিত মহিলাক নিৰ্দেশিত কৰা জাতিভিত্তিক অপমানৰ সৈতে জড়িত । যদি আপুনি এগৰাকী দলিত মহিলাৰ স্বামীক ধৰ্ষণকাৰী বুলি কোৱাটো 'নিখুঁত যুক্তিসংগত' ছ'চিয়েল মিডিয়া পোষ্ট বুলি ন্যায্যতা প্ৰদান কৰে, তেন্তে ই আপোনালোকে কংগ্ৰেছ দলটোক কেনে দিশলৈ লৈ গৈছে সেই বিষয়ে বহু কথাই কয় । কিন্তু, ৰ’ব- সকলোতকৈ ডাঙৰ কথাটো পোহৰলৈ আহিবলৈ এতিয়াও বাকী ৷ আই এছ আই আৰু পাকিস্তানৰ সৈতে আপোনাৰ দলৰ শীৰ্ষ নেতাৰ সম্পৰ্ক ছেপ্টেম্বৰৰ ভিতৰত পোহৰলৈ আহিব’’- শৰ্মাই উত্তৰ দিয়ে ।
Sir, this case pertains to a caste-based insult directed at a Dalit woman. If you justify calling the husband of a Dalit woman a rapist as a ‘perfectly reasonable’ social media post, it speaks volumes about the direction in which you people have taken the Congress party. But,… https://t.co/ChKRZnuDrt
— Himanta Biswa Sarma (@himantabiswa) March 15, 2025
জয়ৰাম ৰমেশে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শৰ্মাক "বিদায়ী মুখ্যমন্ত্ৰী" বুলি অভিহিত কৰি আৰক্ষীক ৰাজনৈতিক প্ৰতিশোধৰ বাবে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে ৷
এই বিষয়ত তেওঁ এনেদৰে লিখিছে, ‘‘মিষ্টাৰ আউটগোয়িং চি এম, প্ৰকৃত বিষয়টোৰ পৰা আঁতৰি যোৱা বন্ধ কৰক - যিটো হৈছে আপুনি ব্যক্তিগতভাৱে আপোনাৰ সহযোগীসকলৰ অনুকূলে আপোনাৰ বিৰোধীসকলক মুখ বন্ধ কৰিবলৈ কৰা আৰক্ষীৰ ক্ষমতাৰ অপব্যৱহাৰ’’ ৷
Mr Outgoing CM, stop diverting from the real issue - which is the abuse and misuse of police powers by you personally to favour your associates and fix your opponents.
— Jairam Ramesh (@Jairam_Ramesh) March 15, 2025
विनाश काले विपरीत बुद्धि https://t.co/0EnVydlzzX
ছ’চিয়েল মিডিয়া পোষ্টৰ অভিযোগৰ ভিত্তিত শনিবাৰে লখিমপুৰ আৰক্ষীয়ে গুৱাহাটীৰ বাসগৃহৰ পৰা ৰীতম সিঙক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে ।
"এই দোষীসকলে প্ৰাপ্য শাস্তি পালে কিন্তু @BJP4Assam r@pe ৰ অভিযোগৰ বিৰুদ্ধে মানৱ ডেকা, প্ৰাক্তন দলৰ সভাপতি ভৱেশ কলিতা, প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁইৰ দৰে মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধে কি শাস্তি হ’ব ? আইন সকলোৰে বাবে সমান ?"- ১৩ মাৰ্চত এক্সত কৰা পোষ্টৰ পিছতে সিঙক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ।
These culprits got punishment they deserved
— Reetam Singh (@SinghReetam) March 13, 2025
But what @BJP4Assam r@pe accused Ministers and MLAs like Manab Deka, Ex Party President Bhabesh Kalita, ex Minister Rajen Gohain?
Is law equal for all? pic.twitter.com/h8qe9FgPEY
সিঙৰ বাসগৃহত আৰক্ষী উপস্থিত হোৱাৰ লগে লগে তেওঁলোকে গ্ৰেপ্তাৰৰ পৰোৱানা দাখিল কৰা নাছিল বুলি দাবী কৰি যথাযথ পদ্ধতি পালন নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷
"@assampolice ৰ @lakhimpurpolice ৰ এটা দলে মোক ৱাৰেণ্ট আৰু জাননী অবিহনে গ্ৰেপ্তাৰ কৰিবলৈ ইয়ালৈ আহিছে । মই তেওঁলোকক শেহতীয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দান দেখুৱাইছিলো য’ত আৰক্ষীয়ে জাননী দিয়াটো বাধ্যতামূলক কৰা হৈছে । @HardiSpeaks @DGPAssamPolice ৱাৰেণ্ট আৰু জাননী অবিহনে মোৰ যিকোনো গ্ৰেপ্তাৰ হ'ব ন্যায়াধীশ মৃদুল কুমাৰ কলিতাৰ ৰায়দানৰ অৱমাননা," সিঙে এক্সত পোষ্ট কৰে ।
The @assampolice are threatening force and entry. When I have repeatedly stated that I want to see the Notice or Search Warrant under BNS
— Reetam Singh (@SinghReetam) March 15, 2025
Let these tweets be evidence that I had notified @lakhimpurpolice @DGPAssamPolice of the High Court Order dated 07.03.2025 pic.twitter.com/xyNZi7oJeS
ৰীতম সিঙে পুনৰ অভিযোগ উত্থাপন কৰি কয় যে, আৰক্ষী বিষয়াসকলে তেওঁৰ বাসগৃহত “বলপূৰ্বকভাৱে প্ৰৱেশ আৰু ভাবুকি” দিয়ে আৰু অসম কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে উপযুক্ত আইনী নথি-পত্ৰ অবিহনে তেওঁলোকৰ সৈতে যাবলৈ অস্বীকাৰ কৰে ।
"@assampolice ভাবুকি প্ৰদান কৰি বলপূৰ্বকভাৱে মোৰ ঘৰত প্ৰৱেশ কৰে ৷ মই বাৰে বাৰে উল্লেখ কৰিছো যে, মই বি এন এছৰ অধীনত জাননী বা চাৰ্চ ৱাৰেণ্ট চাব বিচাৰিছিলো," তেওঁ লগতে কয় ।
ইফালে শনিবাৰে গুৱাহাটীত লখিমপুৰ জিলা যুৱ কংগ্ৰেছে ৰীতম সিঙৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি লখিমপুৰ সদৰ থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ।

