ৰণশিঙা বজাইছে ইউ পি পি এলে, দ্বিতীয়খন দলীয় প্ৰাৰ্থী তালিকা প্ৰকাশ
দেওবাৰে দ্বিতীয় পৰ্যায়ৰ ১৬ জনীয়া প্ৰাৰ্থী তালিকাখন ঘোষণা কৰে ইউ পি পি এলে ৷ বৰ্তমানলৈকে ৩৪ টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে দলটোৱে ৷

Published : August 31, 2025 at 5:57 PM IST
কোকৰাঝাৰ: সমাগত বি টি চি নিৰ্বাচন ৷ নিৰ্বাচনৰ পূৰ্বে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা ইউ পি পি এলৰ ৷ কোকৰাঝাৰস্থিত দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত দেওবাৰে এই তালিকা ঘোষণা কৰা হয় ৷ দলটোৰ কাৰ্যকৰী সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে এক সংবাদমেল সম্বোধন কৰি দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰে ৷
বিগত ২১ আগষ্টৰ নিশা ইউ পি পি এলে দলৰ ১৮ জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পাছতেই দেওবাৰে দ্বিতীয় পৰ্যায়ৰ ১৬ জনীয়া প্ৰাৰ্থী তালিকাখন ঘোষণা কৰে ৷ বৰ্তমানলৈকে ইউ পি পি এলে ৩৪ টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে ৷
বাকী থকা ছটা সমষ্টি ক্ৰমে ৮ নং দোতমা, ১০ নং দেৱৰগাওঁ, ১৭ নং সুবাইঝাৰ, ৩৫ নং মুদৈবাৰী, ৩৬ নং হৰিশিঙা আৰু ৩৯ নং পাঁচনৈ ছেৰফাঙৰ প্ৰাৰ্থী তালিকা অচিৰেই ঘোষণা কৰিব বুলি সংবাদমেলত প্ৰকাশ কৰিছে ৰণগৌৰা নাৰ্জাৰীয়ে ৷
প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছত সাংবাদিকৰ আগত আগন্তুক বি টি চি নিৰ্বাচনত ইউ পি পি এল দলে একক সংখ্যাগৰিষ্ঠ আসন লাভ কৰি প্ৰমোদ বড়োৰ নেতৃত্বতে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে দলৰ কাৰ্যকৰী সভাপতি ৰণগৌৰা নাৰ্জাৰীয়ে ।
দেওবাৰে ঘোষণা কৰা প্ৰাৰ্থীৰ তালিকাখন এনেধৰণৰ…
- ১ নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিত প্ৰসেন ব্ৰহ্ম
- ২ নং গুমা সমষ্টিত মুৰ্চিদা বেগম
- ৬ নং কচুগাঁও সমষ্টিত কাৰ্যবাহী সদস্য উকিল মুছাহাৰী
- ১৪ নং চিৰাং দুৱাৰ সমষ্টিত বি পি এফ দলৰ পৰা অহা প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰী
- ১৬ নম্বৰ নিচিমা সমষ্টিত কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী
- ১৯ নং থুৰিবাৰীত ৰঞ্জু আহমেদ
- ২০ নং মথনগুৰি সমষ্টিত প্ৰাক্তন পাৰিষদ মাখন স্বৰ্গীয়াৰী
- ২১ নং শালবাৰী সমষ্টিত পাৰিষদ জয় মুছাহাৰী
- ২৩ নং দিহিৰা সমষ্টিত বৰমা সমষ্টিৰ বিধায়ক ভূপেন বডোচা
- ২৮ নং গয়বাৰী সমষ্টিত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো
- ৩০ গোৰেশ্বৰ সমষ্টিত বিপুল কুমাৰ বসুমতাৰী
- ৩১ নং খৈৰাবাৰী সমষ্টিত প্ৰশাসনিক বিষয়া ধৰণী বড়ো
- ৩২ নং ভেৰগাঁও সমষ্টিত কাৰ্যবাহী সদস্য দাওবাইছা বড়ো
- ৩৩ নং ননৈ ছেৰফাং সমষ্টিত মৰিয়ম টপ্প’
- ৩৪ নং খালিংদুৱাৰ সমষ্টিত ৰবীন্দ্ৰ বড়ো
- ৩৮ নং ভৈৰৱকুণ্ড সমষ্টিত উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰী

