ইউ পি পি এলক বাহিৰ কৰিলেহে এন ডি এত থাকিব বি পি এফ
বিজেপিৰ সন্মুখত কেইবাটাও চৰ্ত ৰাখিছে হাগ্ৰামা মহিলাৰীয়ে । মূল চৰ্ত হৈছে এন ডি এৰ পৰা ইউ পি পি এলক আউট ।

Published : October 4, 2025 at 10:51 AM IST
কোকৰাঝাৰ : অহা ৫ তাৰিখে বি টি আৰৰ নতুন চৰকাৰে শপতগ্ৰহণ কৰিব । তাৰ পূৰ্বে বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে বিজেপিক দিলে গুৰুত্বপূৰ্ণ চৰ্ত । এন ডি এত থাকিব নোৱাৰিব ইউ পি পি এল দল । তেতিয়াহে বি পি এফ দলে এন ডি এৰ সৈতে থাকিব ।
উল্লেখ্য যে, বি টি চি নিৰ্বাচনত চমকপ্ৰদ সাফল্যৰে ২৮ খন আসনত জয়ী হোৱা বি পি এফ দলে শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰাকক্ষণত হাগ্ৰামা মহিলাৰীৰ সভাপতিত্বত দলৰ নীতি নিৰ্ধাৰক কমিটীৰ বৈঠক অনুষ্ঠিত কৰে ৷ অহা ৫ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰাকক্ষণত বি পি এফৰ নীতি নিৰ্ধাৰক কমিটীৰ বৈঠকত দলটোৱে কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ।
কোকৰাঝাৰ চহৰস্থিত বড়োলেণ্ড অতিথিশালাত বিয়লি অনুষ্ঠিত বি পি এফ দলৰ নীতি নিৰ্ধাৰক কমিটীৰ বৈঠকত বি পি এফ দল এন ডি এৰ অংশীদাৰ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে যদিও ইয়াত কিছুমান চৰ্ত ৰাখে । নীতি নিৰ্ধাৰক বৈঠকৰ পিছতে সন্ধিয়া আয়োজিত এক সংবাদমেলত বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কয়, "যদিহে বি পি এফ দল এন ডি এত চামিল হ'ব লগা হয়, তেনেহ'লে প্ৰথমে ইউ পি পি এল দলক আউট কৰিব লাগিব ।"
এন ডি এৰ পৰা ইউ পি পি এল দলক আউট কৰাৰ দাবীত অটল থাকি বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কয়, "আউট কৰিলেই খেল শেষ আৰু তেতিয়াহে বি পি এফ এন ডি এৰ অংশীদাৰী দল হ'ব । যদিহে এন ডি এৰ পৰা ইউ পি পি এলক বাহিৰ কৰা নহয় তেনেহ'লে বি পি এফ দলে অকলে বাহিৰে বাহিৰে কাম কৰি থাকিব । প্ৰথমে মিত্ৰতা স্পষ্ট হ'ব লাগে, তাৰ পিছতহে চৰকাৰ গঠনৰ কথা আহিব ।"
বি পি এফৰ নীতি নিৰ্ধাৰক কমিটীৰ বৈঠক সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে কয়, "এই সকলোবোৰ বিষয় বিস্তাৰিতভাৱে আলোচনা কৰা হৈছে । নিৰ্বাচনী ইস্তাহাৰৰ প্ৰতিশ্ৰুতি কেনেদৰে পূৰণ কৰা যাব সেই সন্দৰ্ভতো আলোচনা কৰা হৈছে ।" বি পি এফ দলে অকলে চৰকাৰ গঠন কৰি নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতিসমূহ ৰূপায়ণ কৰিব পাৰিব নে নাই তাত সভাই সন্দেহ প্ৰকাশ কৰি এইক্ষেত্ৰত বিজেপিৰ সহায় লাগিব আৰু বিজেপিয়ে সহায় কৰিব বুলি আশাবাদী মহিলাৰীয়ে ।

ইফালে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত বি পি এফৰ প্ৰথম কাম হ'ব মাটিৰ পট্টা দিয়া বুলি মন্তব্য কৰি বি টি চিৰ ১৬ টা বিভাগ ঘূৰাই অনা আৰু বি টি চিৰ পূৰ্বৰ মৰ্যদা আৰু ক্ষমতা পুনৰুদ্ধাৰ কৰাও লক্ষ্য স্থিৰ কৰিছে বি পি এফ দলে । পূৰ্বৰ দৰেই কাৰ্যবাহী সদস্যসকলে নিয়মানুসৰি এছক'ৰ্ট, পি এছ অ' পাব লাগিব বুলিও মন্তব্য কৰে মহিলাৰীয়ে ।
আনহাতে বি পি এফ দলে বিজেপিৰ সৈতে মিত্ৰতাৰে বি টি চি চৰকাৰ গঠন কৰিব নেকি বুলি সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত হাগ্ৰামা মহিলাৰীয়ে কয় যে প্ৰথমে মিত্ৰতা স্পষ্ট হ'ব লাগে, তাৰ পিছতহে চৰকাৰৰ কথা আহিব । বিজেপিক দুই-তিনিটা কাৰ্যবাহীৰ পদ দিয়া হ'ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত হাগ্ৰামা মহিলাৰীয়ে কয় যে এতিয়ালৈকে বিজেপিৰ পৰা তেনেধৰণৰ কোনো আনুষ্ঠানিক পত্ৰ পোৱা নাই আৰু বিজেপিয়ে আনুষ্ঠানিকভাৱে এই সন্দৰ্ভতো একো কোৱা নাই ।
অহা ৫ অক্টোবৰত শপতগ্ৰহণ অনুষ্ঠানত ৮ৰ পৰা ১০ জন পাৰিষদে কাৰ্যবাহী সদস্য হিচাপে শপত ল'ব বুলি সদৰী কৰাৰ লগতে শপতগ্ৰহণ অনুষ্ঠানত ৫০ হাজাৰৰ পৰা ১ লাখ লোক সমবেত হোৱাৰ কথা সদৰী কৰে হাগ্ৰামা মহিলাৰীয়ে ৷

