ETV Bharat / politics

চিৰাঙত নিৰ্বাচনৰ গৰম বতাহ, চাৰিগৰাকীকৈ বাঘা বাঘা নেতাৰ মনোনয়ন দাখিল

চিৰাঙৰ কাজলগাঁৱত সোমবাৰে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ দাখিল কৰাক লৈ পুৱাৰে পৰা উখল মাখল পৰিৱেশ ।

BTC ELECTION 2025
বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 2, 2025 at 12:11 AM IST

|

Updated : September 2, 2025 at 7:35 AM IST

2 Min Read
Choose ETV Bharat

বঙাইগাঁও : বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে সোমবাৰে হাজাৰ হাজাৰ সমৰ্থক লগত লৈ ১৪ নং চিৰাং দুৱাৰ সমষ্টিৰ প্ৰাৰ্থী হিচাবে মনোনয়ন পত্ৰ দাখিল কৰে । মনোনয়ন পত্ৰ দাখিলৰ পিছতেই একালৰ সতীৰ্থ তথা ইউ পি পি এলৰ প্ৰাৰ্থী চন্দন ব্ৰহ্ম আৰু খাম্পা বৰগয়াৰীক আক্ৰমণৰ লক্ষ্য কৰি বি পি এফৰ মুৰব্বীগৰাকীয়ে ।

হাগ্ৰামা মহিলাৰীয়ে কয়, "চন্দন আৰু খাম্পা নিৰ্বাচন হাৰিবলৈ খেলিছে ।" আনহাতে, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই তেওঁক ৰোমাণ্টিক নেতা হিচাপে আখ্যা দিয়া সন্দৰ্ভত সোধা প্ৰশ্ন উত্তৰত তেওঁ মন্ত্ৰী ইউ জি ব্ৰহ্মক আণ্ডাৰগ্ৰাউণ্ড আখ্যা দি কয়, "আপোনালোকে কি ইউ জি কৈ থাকে, আণ্ডাৰ গ্ৰাউণ্ডহে ।"

চিৰাঙত নিৰ্বাচনৰ গৰম বতাহ (ETV Bharat Assam)

ইফালে, ইউ পি পি এলৰ পৰা ১৩ নং চিৰাং পৰিষদীয় সমষ্টিৰ মনোনীত প্ৰাৰ্থী ছাইখং বসুমতাৰী, ১৪ নং চিৰাং দুৱাৰ সমষ্টিৰ মনোনীত প্ৰাৰ্থী, প্ৰাক্তন উপমুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰী আৰু ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টিত প্ৰাক্তন কেবিনেট মন্ত্ৰী চন্দন ব্ৰহ্মই একেদিনাই মনোনয়ন পত্ৰ দাখিল কৰে । ইউ পি পি এলৰ প্ৰাৰ্থীকেইগৰাকীয়ে মনোনয়ন পত্ৰ দাখিলৰ সময়ত ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা ইউ পি পি এল দলৰ উপদেষ্টা উৰ্খাও গৌৰা ব্ৰহ্মই সংগ দিয়ে ।

BTC ELECTION 2025
চিৰাঙত নিৰ্বাচনৰ গৰম বতাহ (ETV Bharat Assam)

কাজলগাঁৱত মনোনয়ন পত্ৰ দাখিল কৰি ইউ পি পি এল দলৰ তিনিওজন প্ৰাৰ্থীক লগত লৈ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কয়, "এইবেলি চিৰাং জিলাত বি পি এফ দল নিচ্ছিন্ন হ'বলৈ গৈছে ।

BTC ELECTION 2025
ইউ পি পি এলৰ সমৰ্থক (ETV Bharat Assam)

কাৰণ চিৰাং জিলাত বি পি এফ দল মানেই চন্দন ব্ৰহ্ম আৰু খাম্পা বৰগয়াৰী আছিল, কিন্তু চন্দন ব্ৰহ্ম আৰু খাম্পা বৰগয়াৰী ইউ পি পি এল দলত যোগদান কৰি প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছত বি পি এফ নামৰ অস্তিত্বই নাই ।"

মন্ত্ৰী ব্ৰহ্মই মনোনয়ন পত্ৰ দাখিলৰ পাছতেই হাগ্ৰামা মহিলাৰীক ৰোমাণ্টিক নেতা বুলি মন্তব্য কৰিছিল ।

লগতে পঢ়ক: দেৱৰগাঁৱত হ'ব ৱাটাৰলু যুদ্ধ ! এটা সময়ত একেডাল নলীৰে পানী যোৱা খাম্পা-হাগ্ৰামা আজি সমুখ সমৰত

বিটিচি দখলৰ লক্ষ্যৰে বিপিএফে ঘোষণা কৰিলে অন্তিমখন প্ৰাৰ্থী তালিকা, কোন সমষ্টি বাছি ল’লে হাগ্ৰামা মহিলাৰীয়ে ?

ৰণশিঙা বজাইছে ইউ পি পি এলে, দ্বিতীয়খন দলীয় প্ৰাৰ্থী তালিকা প্ৰকাশ - BTC ELECTION 2025

Last Updated : September 2, 2025 at 7:35 AM IST