থানবান বিৰোধী ঐক্যমঞ্চ, অখিল-লুৰীণৰ বাদে সকলোৱে এৰিলে কংগ্ৰেছৰ সংগ
Assam united opposition Forum crisis: আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিজেপিক ৰুধিবলৈ অসমত বিৰোধী ঐক্যমঞ্চ গঠন হৈছিল । কিন্তু আপ আৰু কংগ্ৰেছ দলে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ লগে লগে এই ঐক্যমঞ্চত আউল লাগিছে । ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ বাহিৰে প্ৰায় সকলো দলে এতিয়া মিত্ৰতা এৰিছে !

Published : March 14, 2024 at 4:20 PM IST
গুৱাহাটী, ১৪ মাৰ্চ : কথা আছিল আজমলক একাষৰীয়া কৰি ১৬ টা বিৰোধী দল লগ লাগি লোকসভা নিৰ্বাচনত এটাও ভোট বিভাজন হ'বলৈ নিদি বাৰুকৈয়ে এসেকা দিব বিজেপিক । নিৰ্বাচনৰ কাষ চাপি অহাৰ লগে লগে ফলাফল শূন্য হৈ দেখা দিলে । বিজেপিক ৰুধিবলৈ মিত্ৰজোঁটৰ নামত কংগ্ৰছেৰ নেতৃত্বত অসমৰ বিৰোধীৰ প্ৰায় দুবছৰ জোৰা প্ৰস্তুতি চলিছিল । পিছে ফলাফলত কংগ্ৰছে অকলেই অসমত খেলিব ১৩ খন আসনত । এতিয়া এটাৰ পিচত এটাকৈ ৰাজনৈতিক দলে এৰিছে কংগ্ৰেছৰ সংগ । মিত্ৰতা ভংগৰ দোষ কাৰ ?

কংগ্ৰেছক বিশ্বাসঘাতকৰ দল আখ্যা আপ অসমৰ
অনানুষ্ঠানিকভাৱে বিৰোধী দলসমূহৰ ভিতৰত সৰ্বপ্ৰথমে কংগ্ৰেছৰ পৰা আঁতৰি আহিছিল আম আদমি পাৰ্টী । কংগ্ৰেছে আসন ঘোষণা কৰাৰ বহু আগতেই মিত্ৰজোঁটৰ পৰা ফালৰি কাটি ৰাজ্যৰ তিনিটাকৈ লোকসভা সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰিলে আম আদমি পাৰ্টীয়ে । কংগ্ৰেছে অসমৰ প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ পিচত অসমৰ বহুকেইটা সমষ্টিত প্ৰাৰ্থী দিবলৈ ৰণচালি পাতি আপে বুধবাৰে দুবাৰকৈ সময় দি বাতিল কৰিলে সংবাদমেল । সংবাদমেল বাতিল কৰিলেও সামাজিক মাধ্যমত কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰিল আপ নেতা-কৰ্মী ৷

সামাজিক মাধ্যমত দলটোৰ এগৰাকী জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই মন্তব্য কৰিছে,"কংগ্ৰেছ এটা বিশ্বাসঘাতক দল ৷ আলোচনাৰ নামত দীঘলীয়া সময় নষ্ট কৰিলে ৷ এটা চিটত জিকাটোও ডাঙৰ কথা হ'ব ৷ বিৰোধী ঐক্যমঞ্চ নাম দি বিৰোধীক দুৰ্বল কৰি বিজেপিৰ হৈ তেৰ সমষ্টিত প্ৰাৰ্থী দি বিজেপিক জয়ী হোৱাত সহায় কৰিলে ৷"
আনহাতে এআইইউডিএফৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ আপ নেতা মামুন ইমদাদুল হক চৌধুৰীয়েও সামাজিক মাধ্যমত লিখিছে,"কংগ্ৰেছে যদি অকলেই ১৩ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰে তেন্তে বিৰোধী ঐক্যমঞ্চৰ নামত এই নাটকখন কৰাৰ কি প্ৰয়োজন আছিল ? কংগ্ৰেছৰ সৈতে সহাৱস্থানতো দূৰৰ কথা কংগ্ৰেছক বিশ্বাস কৰি আগবঢ়াই লৈ যোৱাটো এটা অন্যতম জটিল কাম । কিন্তু, কংগ্ৰেছৰ এনে চৰিত্ৰৰ কথা জানিও দলীয় মঞ্চত আমি বিৰোধী ঐক্যমঞ্চৰ সপক্ষে সৰ্বাধিক সৰৱ ভূমিকা গ্ৰহণ কৰিছিলো । কাৰণ এটাই - বিৰোধী ভোট যাতে বিভাজন নহয় । কিন্তু কংগ্ৰেছে নিবিচাৰে বিজেপিৰ বিৰুদ্ধে সকলোৱে এক হৈ অৱতীৰ্ণ হওঁক।"
আলোচনাই নকৰিলে কংগ্ৰেছে : CPIৰ অভিযোগ
কংগ্ৰেছৰ প্ৰতি বিশ্বাস ভংগৰ অভিযোগ তুলি যোৰহাটত নিজাববীয়া প্ৰাৰ্থী দিব বুলি দুদিন আগতে ঘোষণা কৰিছিল বিৰোধী ঐক্যমঞ্চৰ অংশীদাৰ দল চিপিআইয়ে ৷ চিপিআইয়ে মিত্ৰজোঁটত ন্যায্য মৰ্যাদা নোপোৱাৰ অভিযোগ কংগ্ৰেছৰ প্ৰতি ৷ দলটোৰ অভিযোগ আছিল কংগ্ৰেছে কোনো কথাতে গুৰুত্ব নিদিলে চিপিআইৰ ৷
বিৰোধী ঐক্য ভংগ ঘোষণা CPIMৰ !
বিৰোধীৰ ঐক্যমঞ্চৰ তৰফৰ পৰা প্ৰায় নিশ্চিত আছিল বৰপেটাৰ আসনখন এৰি দিব বিৰোধী চিপিআইএমক । সেই অনুসৰি CPIM দলে বৰপেটাৰ প্ৰাৰ্থীৰূপে দলটোৰ সৰভোগৰ বৰ্তমানৰ বিধায়ক মনোৰঞ্জন তালুকদাৰক প্ৰাৰ্থিত্ব দি নিৰ্বাচন খেলিবলৈ সাজু হৈছিল ৷ কিন্তু শেষত বৰপেটা আসনখনতো প্ৰাৰ্থী ঘোষণা কৰিলে কংগ্ৰেছে । তাৰ ফলশ্ৰুতিত বুধবাৰে বৰপেটাত মনোৰঞ্জন তালুকদাৰক নিজা প্ৰাৰ্থীৰূপে ঘোষণা কৰিলে বাঁওপন্থী দলটোৱে । কংগ্ৰেছক দোষাৰোপ কৰি বিৰোধী ঐক্যৰ অস্তিত্বই একপ্ৰকাৰ নস্যাৎ কৰিলে CPIM দলে ৷ বৰপেটাত অগপ প্ৰাৰ্থীৰ লগতে কংগ্ৰেছৰ প্ৰাৰ্থীক প্ৰত্যাহ্বান জনাব CPIMয দলে ৷
বাকী থাকিল কেৱল অখিল-লুৰীণ
কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চত এতিয়া দলীয় সংগঠন থকা দলৰ ভিতৰত আছেগৈ কেৱল অখিল গগৈৰ ৰাইজৰ দল আৰু লুৰীণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদ । একমাত্ৰ ডিব্ৰুগড় লোকসভা আসনখন অসম জাতীয় পৰিষদক কংগ্ৰেছে এৰি দিব । লুৰীণজ্যোতি গগৈয়ে ডিব্ৰুগড় আসনখনত প্ৰতিদ্বন্দ্বিতা কৰিব । দলটোৰ সৈতে এই পৰ্যন্ত সেয়ে বৰ্তি আছে কংগ্ৰেছৰ মিত্ৰতা । কিন্তু এতিয়াও কংগ্ৰেছৰ পৰা ১০০ শতাংশ নিশ্চয়তা নোপোৱাৰ বাবে দলটোৱে লুৰীণজ্যোতি গগৈক ডিব্ৰুগড়ৰ নিজা প্ৰাৰ্থীৰূপে ঘোষণা কৰিব পৰা নাই ।
আনহাতে দলটোৰ উপ সভাপতি দুলু আহমেদেও আঁকোৰগোজ স্থিতি গ্ৰহণ কৰিছে । দলটোৰ হৈ নহয়, বৰপেটা সমষ্টিত জাহাজৰ প্ৰতীকতে নিৰ্দলীয় হৈ লোকসভা নিৰ্বাচন খেলাৰ হুংকাৰ দিছে দুলু আহমেদে ৷ আনহাতে কেইবামাহৰ পূৰ্বেই ৰাইজৰ দলে লোকসভা নিৰ্বাচনত প্ৰাৰ্থী নিদিয়ে বুলি ঘোষণা কৰি আসনৰ ভাগ-বাটোৱাৰা কন্দলৰ পৰা আঁতৰি আহিছিল । সেয়ে কংগ্ৰছেৰ সৈতে এতিয়াও মিত্ৰতা বৰ্তি আছে ৰাইজৰ দলৰ ৷
স্বাভাৱিকতে এতিয়া বিৰোধী ঐক্য থানবান হৈ পৰাত হতাশগ্ৰস্ত বিজেপি বিৰোধী শিবিৰ । প্ৰশ্ন হয়- বিৰোধীৰ ঐক্য থানবান হৈ পৰাৰ বাবে দায়ী কোন ? কংগ্ৰেছে মিত্ৰদল কেইটাই অভিযোগ কৰাৰ দৰে ৰামঠগন দিলে নেকি মিত্ৰতাৰ নামত ? নে দলীয় সাংগঠনিক ভেটি শক্তিশালী নোহোৱাকৈয়ে আসন বিচাৰি বাস্তৱ বিমুখ পৰিস্থিতিৰ সৃষ্টি কৰিলে আপৰ দৰে বিৰোধী ঐক্যৰ সদস্যই ?
লগতে পঢ়ক :কি কি নতুন ঘোষণা কৰিলে মুখ্যমন্ত্রীয়ে ?

