হতাশ, দিশহাৰা কংগ্ৰেছ আৰু উঠিব নোৱাৰে : সৰ্বানন্দ সোণোৱাল
কংগ্ৰেছে বিফলতাৰ প্ৰতিচ্ছবি দেখি হতাশাগ্রস্ত বুলি কটাক্ষ কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।

Published : August 31, 2025 at 10:28 PM IST
মিৰ্জা : প্ৰধানমন্ত্ৰীৰ 'মন কি বাত' অনুষ্ঠানে দেশৰ সকলো লোকক অনুপ্ৰাণিত কৰা বুলি মন্তব্য় কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । বৰঝাৰত 'মন কি বাত' অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কংগ্ৰেছৰ বিৰুদ্ধেও সৰৱ হৈ পৰে । ১২৫ সংখ্যাক প্ৰধানমন্ত্ৰীৰ 'মন কি বাত' অনুষ্ঠান অংশগ্ৰহণ কৰাৰ পিচতেই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কংগ্ৰেছে এতিয়া ভাৰসাম্য হেৰুৱাইছে বুলি মন্তব্য় কৰে ।
ৰাহুল গান্ধীসহ একাংশ শীৰ্ষ নেতা উপস্থিত থকা সভাত দেশৰ প্ৰধানমন্ত্ৰীৰ মাতৃৰ বিৰুদ্ধে অপশব্দ ব্যৱহাৰ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, "কংগ্ৰেছে বিফলতাৰ প্ৰতিচ্ছবি দেখি হতাশাগ্রস্ত হৈছে । ভাৰতৰ ৰাজনীতিত শৃংখলাবদ্ধতা, শালীনতাবোধ সকলো পাহৰি গৈছে । সেইকাৰণে যতে ত'তে অশ্লীল বাক্য প্ৰয়োগ কৰি নিজে লজ্জিত হৈছে । সমগ্ৰ দেশে আজি কংগ্ৰেছক ধিক্কাৰ দিছে । প্ৰধানমন্ত্ৰীৰ মাতৃ সন্দৰ্ভত যি মন্তব্য কৰিছে এয়া অত্যন্ত ঘৃণনীয় ।"
কংগ্ৰেছৰ দিনক দিনে বেলি যে ডুবিব হৈছে সেই কথা নিশ্চিত বুলি মন্তব্য় কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পুনৰ কয়," কংগ্ৰেছ আৰু উঠিব নোৱাৰে । কংগ্ৰেছ আজি হতাশ, দিশহাৰা । তেওঁলোকৰ হাতত কোনো মূল্যবোধ নাই,যাৰ বাবে ৰাইজে মনৰ পৰা আঁতৰাই দিছে । ইয়াৰ বাবে ৰাইজে বিজেপিক আঁকোৱালি লৈছে । আজি বিজেপিৰ নীতিৰে দেশ উন্নতিৰ জখলা বগাইছে ।"
বিজেপিৰ বিমানকোঠ মণ্ডলৰ ১৩৯ নং বুথত বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হয় 'মন কি বাত'ৰ পিচতেই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, "প্ৰধানমন্ত্ৰীৰ মন কি বাত অনুষ্ঠানে দেশৰ সকলো লোকক অনুপ্ৰাণিত কৰে । ভাৰতৰ্ষৰ বিভিন্ন ঠাইত সাধাৰণ ব্যক্তিয়ে অসাধাৰণ কাম কৰিছে এই সকলো তথ্য প্ৰধানমন্ত্ৰীয়ে দাঙি ধৰে ।"
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ লোকে অন্ধকাৰত থাকিব লগা হৈছিল, প্ৰধানমন্ত্ৰী মোদীয়ে দায়িত্ব লোৱাৰ পিছৰে পৰা সকলোৱে পোহৰ দেখিছো । ২০২৯ৰ ভিতৰত ভাৰত তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি দেশ হিচাপে গঢ়ি উঠিব বুলিও তেওঁ মন্তব্য় কৰি কয়,"অহা ২৫ বছৰত অৰ্থাৎ অমৃত কালৰ সময়ত ভাৰত হ'ব বিশ্বৰ শ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰ ।"
বি টি চিত ফলাফল খুব ভাল হ'ব :
বিটিচি নিৰ্বাচন সন্দৰ্ভতো মন্তব্য কৰি সৰ্বানন্দ সোণোৱালে কয়,"বি টি চিত আমি প্ৰতিদ্বন্দিতা আগবঢ়াম । নিৰ্বাচনৰ ফলাফল খুব ভাল হ'ব । আমাৰ মূল লক্ষ্য হ'ব শান্তি, উন্নয়ন আৰু সমন্বয় । নিৰ্বাচনৰ ফলাফল খুব ভাল হ'ব । নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত দলীয় নেতৃত্বই সিদ্ধান্ত ল'ব । দলৰ নিৰ্দেশ মৰ্মে আমি কাৰ্যকৰ্তা হিচাপে কাম কৰিম ।"

