ETV Bharat / politics

দলৰ প্ৰতিষ্ঠা দিৱসত বিজেপিৰ পতাকা উত্তোলন কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ

এক্সত শ্বেয়াৰ কৰা পোষ্টত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিজেপি গঢ়া আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত তেওঁলোকৰ ত্যাগ আৰু নিষ্ঠাক স্বীকাৰ কৰি দলৰ সেনানীসকলৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে ।

BJP 45TH FOUNDATION DAY
কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা (ANI Photo)
author img

By ANI

Published : April 6, 2025 at 4:11 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী: ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিষ্ঠা দিৱসত দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই দলীয় পতাকা উত্তোলন কৰে । ইয়াৰ পূৰ্বে নাড্ডাই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে দলটোৰ প্ৰতিষ্ঠাপক আৰু জ্যেষ্ঠ নেতাসকললৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰা এটা পোষ্টত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিজেপি গঢ়া আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত তেওঁলোকৰ ত্যাগ আৰু নিষ্ঠাক স্বীকাৰ কৰি দলৰ সেনানীসকলৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে ।

‘‘আজি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিষ্ঠা দিৱসত সংগঠনটোৰ প্ৰতিগৰাকী প্ৰতিষ্ঠাপক পিতৃ আৰু জ্যেষ্ঠ নেতালৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো ৷ যিসকলে নিজৰ তেজ-ঘামেৰে দলৰ সৃষ্টি আৰু সম্প্ৰসাৰণক লালন-পালন কৰিছিল আৰু অহৰহ অন্তৰ আৰু আত্মাৰে ইয়াৰ সৈতে জড়িত হৈ আছিল ।’’ এই বুলি এক্সৰ এটা পোষ্টত জে পি নাড্ডাই প্ৰকাশ কৰে ৷

তদুপৰি, বিজেপিক বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল হিচাপে গঢ়ি তোলাত সহায় কৰা, তৃণমূল পৰ্যায়ত কৰা অক্লান্ত প্ৰচেষ্টাক স্বীকৃতি দি সমগ্ৰ দেশৰ দলীয় কৰ্মীসকললৈও নাড্ডাই শুভেচ্ছা জ্ঞাপন কৰে ।

পোষ্টটোত লগতে কোৱা হৈছে, ‘‘এই উপলক্ষে সমগ্ৰ দেশৰ সকলো কৰ্মকৰ্তা, ভাই-ভনীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো ৷ যিসকলে বুথ পৰ্যায়ত সংগঠনটোক শক্তিশালী কৰি বিজেপিক বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল হিচাপে গঢ়ি তুলিছে ।’’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ ওপৰত আলোকপাত কৰি নাড্ডাই কয় যে চৰকাৰখন ‘উন্নত ভাৰত’ৰ দৃষ্টিভংগীৰ প্ৰতি দায়বদ্ধ হৈ আছে ।

"যোৱা দশকত সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰমোদীজীৰ সবল নেতৃত্বত আমাৰ চৰকাৰে অন্ত্যোদয়ৰ সংকল্প বাস্তৱায়িত কৰাৰ সমান্তৰালকৈ 'উন্নত ভাৰত' গঢ়াৰ বাবেও প্ৰতিশ্ৰুতিবদ্ধ । আজি এই শুভ দিনটোত মোৰ@BJP4India-ৰ লাখ লাখ কৰ্মীক আহ্বান জনাইছোঁ যে, তেওঁলোকে ভাৰত মাতৃক গৌৰৱৰ শিখৰত প্ৰতিষ্ঠা কৰিবলৈ আৰু সমাজৰ প্ৰতিটো শ্ৰেণীৰ প্ৰগতিৰ ক্ষেত্ৰত তেওঁলোকৰ মূল্যৱান অৱদান আগবঢ়াবলৈ সংকল্পবদ্ধ হওক ।” পোষ্টটোত এনেদৰে কোৱা হৈছে ৷

প্ৰথমে ১৯৫১ চনত শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নেতৃত্বত ভাৰতীয় জনসংঘ হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল বিজেপি দলটো । অটল বিহাৰী বাজপেয়ী আৰু এল কে আদৱানিৰ দৰে নেতাৰ অধীনত দলটোৱে এক গতি লাভ কৰিছিল ৷ অৱশেষত নব্বৈৰ দশকত ক্ষমতাৰ গাদীত অধিষ্ঠিত হৈছিল দলটো ৷ তেতিয়াৰ পৰাই ভাৰতীয় ৰাজনীতিত ই এক প্ৰধান শক্তি হৈয়েই আছে ।

লগতে পঢ়ক: আমাৰ চৰকাৰ চলি থাকিব: বিজেপিৰ প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰী মোদীৰ আন্তৰিক বাৰ্তা - BJP 45TH FOUNDATION DAY