ETV Bharat / politics

যুদ্ধৰ পূৰ্বেই পলায়ন কিয় ? জিলা পৰিষদৰ দুই কংগ্ৰেছ প্ৰাৰ্থীক ছয় বছৰৰ বাবে নিলম্বন - PANCHAYAT ELECTIONS 2025

ভয়-ভাবুকিৰে কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ কৰাইছে বিজেপি-অগপই । কংগ্ৰেছৰ এই অভিযোগৰ আঁৰত কি আছে ?

Congress Press Meet in Kaliabor
কলিয়াবৰত কংগ্ৰেছৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 18, 2025 at 6:26 PM IST

4 Min Read

কলিয়াবৰ: পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে । কলিয়াবৰ বিধানসভা সমষ্টিতো এই ছবিখন প্ৰতিফলিত হৈছে । কলিয়াবৰত মূলতঃ অগপ-বিজেপি মিত্ৰজোঁট আৰু কংগ্ৰেছ দলৰ মাজতে নিৰ্বাচনী যুঁজখন হোৱাৰ সম্ভাৱনা আছিল । কিন্তু কালি মনোনয়নপত্ৰ প্ৰত্যাহাৰৰ অন্তিমটো দিনত জিলা পৰিষদৰ দুজনকৈ কংগ্ৰেছ প্ৰাৰ্থীয়ে ৰহস্যজনক কাৰণত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাত দলটোৰ নেতা-কৰ্মীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ আগতেই অগপ-বিজেপি দলৰ গাঁও সভা (ৱাৰ্ড), আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাতো নিশ্চিত হৈছিল । তথাপি কলিয়াবৰ বিধানসভা সমষ্টিৰ আমবাগান, দ্বাৰ-শালনা, চতিয়াল-পূৱথৰীয়া আৰু দ্বাৰ-বাগৰি জিলা পৰিষদ সমষ্টিত অগপ-বিজেপি মিত্ৰজোঁট আৰু কংগ্ৰেৰ প্ৰাৰ্থীৰ মাজত প্ৰতিদ্বন্দ্বিতাৰ পূৰ্ণ সম্ভাৱনা আছিল । কিন্তু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিমটো দিনত দ্বাৰ-বাগৰি জিলা পৰিষদ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী যশোৱন্ত লালা চৌহান আৰু চতিয়াল-পূৱথৰীয়া জিলা পৰিষদ সমষ্টিৰ ৰীতামণি কলিতাই ৰহস্যজনক কাৰণত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে । যিটোৱে কংগ্ৰেছ দলটোক যথেষ্ট অস্বস্তিত পেলাইছে ।

কলিয়াবৰত কংগ্ৰেছৰ সংবাদমেল (ETV Bharat Assam)

প্ৰলোভনৰ ৰাজনীতিৰ অভিযোগ :

কংগ্ৰেছে এই কাৰ্যক অগপ-বিজেপি দলৰ ভয়-ভাবুকিৰ লগতে প্ৰলোভনৰ ৰাজনীতি বুলি অভিযোগ তুলিছে । শুকুৰবাৰে কলিয়াবৰ তিনিআলিৰ গৌৰী ভৱনত এক সংবাদমেল যোগে মিত্ৰজোঁটৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছে । কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ১০ নং চতিয়াল-পূৱথৰীয়া আৰু ১১ নং দ্বাৰ-বাগৰি জিলা পৰিষদ সমষ্টিৰ কংগ্ৰেছ দলৰ দুয়োগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াই ।

অন্তিম দিনটোত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাক লৈ মিত্ৰজোঁটৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । অগপ-বিজেপিৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ মাজত সৃষ্টি হোৱা সংঘাতৰ বাবে প্ৰত্যক্ষ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অগপ-বিজেপি মিত্ৰজোঁটে ভয় কৰা বুলি অভিযোগ কৰে জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । ক্ষমতাৰ খকে ধৰা এগৰাকী শীৰ্ষ পৰ্যায়ৰ বিজেপি নেতাই পত্নীক জালিয়াতিৰে মনোনয়ন পত্ৰ দাখিল কৰোৱা কাৰ্যই অস্বস্তিত পেলোৱাত এতিয়া বিজেপি দলে প্ৰত্যক্ষ ভোটযুদ্ধত নামিবলৈ ভয় কৰা বুলি তেওঁ মন্তব্য় কৰে ।

২০১৭ আৰু ২০২৪ চনত হাতীমূৰা মথাউৰি চিঙি কলিয়াবৰত সৃষ্টি কৰা প্ৰৱল বানপানীত ক্ষতিগ্ৰস্ত পৰিয়ালে প্ৰাপ্য সাহাৰ্যৰ পৰা বঞ্চিত হৈ চৰকাৰী কাৰ্যালয় ঘেৰাও কৰাৰ লগতে ৰাজপথ অৱৰোধ কাৰ্যসূচী পালন কৰি অহা জনতাৰ ওচৰত ভোট বিচাৰি যাবলৈ অগপ-বিজেপি দলৰ সাহস নথকাৰ বাবেই প্ৰত্যক্ষ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'বলৈ ভয় কৰা বুলি তেওঁ মন্তব্য় কৰি কয়, "মন্ত্ৰী কেশৱ মহন্তৰ বিৰুদ্ধাচৰণ কৰি চতিয়াল-পূৱথৰীয়া সমষ্টিৰ অগপ প্ৰাৰ্থীগৰাকীক পৰাজিত কৰিবলৈ বিজেপি সমৰ্থকসকলে কংগ্ৰেছৰ প্ৰাৰ্থীক পৰাস্ত কৰিবলৈ লোৱা সিদ্ধান্তৰ বাবেই অগপ দলৰ নেতা-কৰ্মীয়ে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ চূড়ান্ত পৰ্যায়ত হেঁচা প্ৰয়োগ কৰাৰ ফলত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে এই সিদ্ধান্ত ল'বলৈ বাধ্য হয় । আনহাতে, দ্বাৰ-বাগৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকীক পৰাস্ত কৰিবলৈ অগপ সমৰ্থকে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক জয়যুক্ত কৰিব বুলি লোৱা সিদ্ধান্তৰ ফলশ্ৰুতিত যশোৱন্ত লাল চৌহানক মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিবলৈ ভয়-ভাবুকিৰে বাধ্য কৰাইছে ।"

অনুশাসন ভংগৰ অভিযোগ :

এই কাৰ্যৰ দ্বাৰা গণতান্ত্ৰিক দেশ এখনৰ নাগৰিকক গণতান্ত্ৰিক অধিকাৰৰ পৰা বঞ্চিত কৰাৰ যি কৌশল, সেই লৈ কংগ্ৰেছ দল চিন্তিত আৰু ক্ষোভিত বুলি তেওঁ কয় । দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছ প্ৰাৰ্থী ৰীতামণি কলিতা আৰু যশোৱন্ত লাল চৌহানক ছয় বছৰৰ বাবে দলৰ পৰা বহিষ্কাৰ কৰাৰ বিষয়ে এই সংবাদমেলতে কলিয়াবৰ ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি ৰাজীৱ বৰুৱাই ঘোষণা কৰে । কংগ্ৰেছ দলটোক সাংগঠনিক দিশত দুৰ্বল কৰাৰ চেষ্টা কৰি থকা বহুকেইজন কংগ্ৰেছ নেতা-কৰ্মীৰ বিৰুদ্ধে দলে ব্যৱস্থা গ্ৰহণৰ কথা সংবাদমেলত শইকীয়াই উল্লেখ কৰি কয়, "এই ব্যৱস্থাৰ প্ৰথম পদক্ষেপ হিচাপে অসম প্ৰদেশ কংগ্ৰেছ ৰাজ্যিক কমিটীৰ সদস্য প্ৰদীপ কুমাৰ বৰুৱাক দল বিৰোধী কাৰ্যকলাপৰ বাবে বহিস্কাৰ কৰা হৈছে ।" জিলা সভাপতিগৰাকীয়ে কঠিয়াতলী আৰু বঢ়মপুৰৰ জিলা পৰিষদৰো ভয়-ভাবুকিৰে কংগ্ৰেছৰ প্ৰাৰ্থীক মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰিছে বুলিও অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক:জিলা পৰিষদত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী বিজেপি-অগপ প্ৰাৰ্থী - PANCHAYAT ELECTIONS 2025

পঞ্চায়ত নিৰ্বাচন : কিদৰে চলিছে শাসক-বিৰোধীৰ তৎপৰতা, কি কয় বিনীতা-মাজনীহঁতে... - ASSAM PANCHAYAT ELECTION 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.