গুৱাহাটী: ধনৰ বিনিময়ত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ টিকট ! ৰাজ্যৰ বিভিন্ন প্ৰান্তত উঠা অভিযোগৰ তদন্তৰ বাবে কমিটী গঠন কৰিবলৈ বাধ্য হ’ল অসম প্ৰদেশ কংগ্ৰেছ । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এক নিৰ্দেশনাযোগে তদন্তৰ বাবে তিনিজনীয়া কমিটী গঠন কৰিছে ।
ধনৰ বিনিময়ত পঞ্চায়তৰ টিকট— এই অভিযোগৰ সত্যাসত্য নিৰূপণ কৰিবলৈ গঠন কৰি দিয়া কমিটীখনে অহা ৭ মে'ৰ পূৰ্বে দাখিল কৰিব লাগিব প্ৰতিবেদন ৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি পৱন সিং ঘাটোৱাৰৰ নেতৃত্বত গঠন কৰা হৈছে তিনিজনীয়া তদন্ত কমিটীখন ৷ পৱন সিং ঘাটোৱাৰৰ উপৰি তদন্ত কমিটীত আছে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰামপ্ৰসাদ শৰ্মা আৰু ববিতা শৰ্মা ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা স্বাক্ষৰিত তদন্ত কমিটী গঠন ঘোষণা কৰা জাননীখনত কোৱা হৈছে, "পঞ্চায়ত নিৰ্বাচনৰ শেহতীয়া সময়ছোৱাত দুৰ্নীতি, আভ্যন্তৰীণ কন্দল, অসৎ আচৰণৰ সৈতে জড়িত গুৰুতৰ অভিযোগ উত্থাপন হৈ অহাটো অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে গভীৰ গুৰুত্বসহকাৰে লক্ষ্য কৰিছে । স্বচ্ছতা, দায়িত্বশীলতা আৰু আভ্যন্তৰীণ অনুশাসনৰ প্ৰতি আমাৰ দায়বদ্ধতাক ৰক্ষা কৰি দল সংকল্পবদ্ধ, যাতে দোষী প্ৰমাণিত হোৱাসকলে দৃষ্টান্তমূলক সিদ্ধান্তৰ সন্মুখীন হয় ।”
জাননীখনত লগতে কোৱা হৈছে, "এ আই চি চিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং ডাঙৰীয়াৰ নিৰ্দেশ অনুযায়ী মই ইয়াৰ জৰিয়তে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত পৱন সিং ঘাটোৱাৰৰ অধ্যক্ষতাত এখন অনুসন্ধান সমিতি গঠন কৰি দলৰ সদস্যৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ ভালদৰে পৰীক্ষা কৰিম ।"

সভাপতি ভূপেন বৰাই জনোৱা অনুসৰি, এই তদন্ত কমিটীখনে পঞ্চায়ত নিৰ্বাচন সম্পৰ্কীয় দলে লাভ কৰা সকলো অভিযোগৰ তদন্ত কৰিব যদিও ইয়াৰ মাজতে সীমাবদ্ধ নাথাকে কমিটীখনৰ কাম-কাজ ৷ তদন্ত কমিটীখনে টিকট বিতৰণৰ অনিয়ম, নগদ ধনৰ বিপৰীতে টিকট দিয়াৰ বাবে লেনদেনৰ অভিযোগ, ইচ্ছাকৃতভাৱে বিৰোধী প্ৰাৰ্থীক ৱাক-অ'ভাৰ দিয়ালৈকে সম্প্ৰসাৰিত থাকিব । ইয়াৰ উপৰি অস্পষ্ট কাৰণত ৰহস্যজনকভাৱে মনোনয়ন প্ৰত্যাহাৰ কৰা, দলবিৰোধী আচৰণৰ দৰে আন যিকোনো ঘটনাৰ তদন্ত কৰিব কমিটীখনে ।
উল্লেখ্য যে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিলত ৰাজ্যজুৰি বিভিন্ন ঠাইত কংগ্ৰেছৰ একাংশ নেতাৰ বিৰুদ্ধে ধনৰ বিনিময়ত টিকট দিয়া বা টিকটৰ বিনিয়মত ধনদাবী কৰাৰ অভিযোগ উত্থাপিত হয় ৷ যিটো বিষয় কংগ্ৰেছবিৰোধী শিবিৰৰ বাবে সমালোচনাৰ প্ৰধান অস্ত্ৰ হৈ পৰে । আনকি জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা সাংসদ প্ৰদ্যুত বৰদলৈৰ দৰে নেতাৰ বিৰুদ্ধেও জিলা পৰিষদৰ টিকটৰ বিনিময়ত ২০ টকা দাবী কৰাৰ মুকলি অভিযোগ উত্থাপন কৰে বঞ্চিত প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ।
পঞ্চায়তৰ টিকটৰ বিনিময়ত নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈৰ বিৰুদ্ধে ২০ লাখ টকা বিচৰাৰ অভিযোগ তুলিছিল লাহৰীঘাটৰ ৰৌজলিন ফাৰুকী নামৰ মহিলাগৰাকীয়ে ৷ পৰৱৰ্তী সময়ত অগপত যোগদান কৰা ৰৌজলিন আছিল ৰজা গাধোৱা জিলা পৰিষদৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৷
আনহাতে, বহুসংখ্যক কংগ্ৰেছী প্ৰাৰ্থীয়ে ৰহস্যজনকভাৱে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে ৷ এই সমগ্ৰ ঘটনাৰাজিয়ে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ তুংগত নুঠোতেই কংগ্ৰেছক বাৰুকৈয়ে অস্বস্তিত পেলাইছে ৷ সেয়ে কংগ্ৰেছে ধনৰ বিনিময়ত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ টিকট দিয়া বুলি ৰাজ্যৰ বিভিন্ন প্ৰান্তত উঠা অভিযোগৰ তদন্তৰ বাবে কমিটী গঠন কৰিবলৈ বাধ্য হ’ল ।
উল্লেখ্য যে ৭ মে’ত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । সেইদিনাই এই তদন্ত কমিটীয়ে প্ৰতিবেদন দাখিল কৰিব লাগিব ।