ETV Bharat / politics

বিনন্দ শইকীয়া, মানছিং ৰংপী আৰু সত্যব্ৰত কলিতাৰ কংগ্ৰেছত যোগদান

নতুন দিল্লীৰ এ আই চি চিৰ কাৰ্যালয়ত যোগদান কৰে অসমৰ ৩ গৰাকী প্ৰাক্তন বিধায়কে ।

Congress joining program
অসমৰ ৩ গৰাকী প্ৰাক্তন বিধায়কৰ কংগ্ৰেছত যোগদান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : September 8, 2025 at 10:05 PM IST

|

Updated : September 8, 2025 at 10:55 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : সকলো উৎকণ্ঠাৰ অৱসান ঘটাই ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদ এৰি কংগ্ৰেছত যোগদান কৰিলে ৩ গৰাকীকৈ প্ৰাক্তন বিধায়কে ৷ হাতী আৰু পদুম ফুল এৰি কংগ্ৰেছী হ'ল ক্ৰমে অগপৰ সত্যব্ৰত কলিতা, বিজেপিৰ বিনন্দ শইকীয়া আৰু মানছিং ৰংপী ।

নতুন দিল্লীৰ এ আই চি চিৰ কাৰ্যালয়ত বিজেপি-অগপৰ ৩ প্ৰাক্তন বিধায়কে কংগ্ৰেছত যোগদান কৰে । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত এ আই চি চিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালৰ উপস্থিতিত তিনিওগৰাকী প্ৰাক্তন বিধায়কে কংগ্ৰেছত যোগদান কৰে ।

অসমৰ ৩ গৰাকী প্ৰাক্তন বিধায়কৰ কংগ্ৰেছত যোগদান (ETV Bharat)

তিনিওগৰাকী প্ৰাক্তন বিধায়কৰ কংগ্ৰেছত যোগদানক আদৰণি জনাই গৌৰৱ গগৈয়ে কয়, "আজি অসম কংগ্ৰেছৰ বাবে এটি গুৰুত্বপূৰ্ণ দিন ৷ কিয়নো, আজি যিসকলে কংগ্ৰেছত যোগদান কৰিছে অসমৰ মূল ভাব ধাৰা তেওঁলোকৰ সিদ্ধান্তত প্ৰতিফলিত হৈছে । আজি অসমৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ জনতাৰ চৰকাৰ নহয়, কৃষকৰ চৰকাৰ নহয়, নিবনুৱাৰ চৰকাৰ নহয়, মহিলা-শ্ৰমিকৰ চৰকাৰ নহয় । এই চৰকাৰ কেৱল হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত লাভৰ কাৰণেহে এই চৰকাৰ ৷"

গৌৰৱ গগৈয়ে লগতে কয়, "এতিয়া জনতাৰ কাম কৰাৰ পৰিৱৰ্তে চৰকাৰখন হিমন্ত শৰ্মা প্ৰাইভেট লিমিটেডলৈ পৰিণত হৈছে ৷ অসম বিজেপি আৰু অসম গণ পৰিষদ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাইভেট ফাৰ্মলৈ পৰিণত হৈছে । যিসকলে বিজেপিত ৰাইজৰ সেৱা কৰিম বুলি ভাবিছিল, তেওঁলোকে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ সেৱা কৰিবলগীয়া হৈছে । সেই কাৰণেই এতিয়া জনতাৰ সেৱা কৰিব খোজাসকলে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাইভেট লিমিটেড এৰি কংগ্ৰেছত যোগদান কৰিছে । আজি এয়া এক আৰম্ভণিহে ।" গৌৰৱ গগৈয়ে সত্যব্ৰত কলিতা, বিনন্দ শইকীয়া আৰু ডাঃ মানছিং ৰংপীক প্ৰশংসাৰে ওপচাই কংগ্ৰেছ দললৈ আদৰণি জনায় ।

Binanda Saikia joins Congress
কংগ্ৰেছত যোগদান প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ (ETV Bharat)

ইফালে তিনিওগৰাকী নেতাক দললৈ আদৰণি জনাই এ আই চি চিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে কয় যে ই অসমৰ ৰাজনীতিত পৰিৱৰ্তনৰ স্পষ্ট লক্ষণ । যোগদান অনুষ্ঠানত এ আই চি চিৰ নেতা জীতেন্দ্ৰ সিং, সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰকে ধৰি কেইবাগৰাকী নেতা উপস্থিত থাকে ।

“আনন্দিত হৈছো যে মই মোৰ পূৰ্বৰ দলটোলৈ ঘূৰি আহিবলৈ সুবিধা পাইছো । ভূপেনদাই যিখন সম্প্ৰীতি আৰু সমন্বয়ৰ ৰাজনীতিৰ কথা কৈ গৈছিল সেই বিজেপিৰ কবলৰ পৰা ঘৃণা আৰু ধৰ্মৰ ভিত্তিত কৰা ৰাজনীতিৰ পৰা অসমবাসীক বচাবলৈ আজি আমি আকৌ সংকল্প ল’লো । আজি আমি ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিলো ।” বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰা প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াই নতুন দিল্লীত এইদৰে মন্তব্য কৰে ।

Mansing Rongpi joins Congress
বৈঠালাংচ'ৰ প্ৰাক্তন বিধায়ক মানছিং ৰংপীৰ কংগ্ৰেছত যোগদান (ETV Bharat)

বিনন্দ শইকীয়াই ২০১১ চনত ছিপাঝাৰ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ পৰা বিধায়ক হিচাবে জয় লাভ কৰাৰ পিছত ২০১৬ চনত বিজেপি দলত হিমন্ত বিশ্ব শৰ্মাৰ সৈতে যোগদান কৰে ৷ কিন্তু ছিপাঝাৰ সমষ্টিৰ পৰা টিকট লাভৰ পৰা বঞ্চিত হ’বলগীয়া হয় শইকীয়া । আকৌ সময়ৰ উভতনি সোঁতত বিনন্দ শইকীযাই ৮ ছেপ্টেম্বৰৰ দিনা যোগদান কৰে কংগ্ৰেছ দলত ৷ ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিনন্দ শইকীয়াৰ কংগ্ৰেছৰ যোগদানে বিশেষ তাৎপৰ্য বহন কৰিছে ।

কংগ্ৰেছত যোগদানৰ পিছতেই অগপৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই কয়, “এই যে সমন্বয়ৰ অৰ্থ বিচাৰি আমি হাবাথুৰি খাব লগা হৈছে, আজি অসমত এটা শ্বাসৰুদ্ধকৰ পৰিৱেশ ৷ ৰাজনীতি কৰা মানুহ হিচাবে আমিয়েই নহয়, সাধাৰণ মানুহো শ্বাসৰুদ্ধকৰ পৰিৱেশত আছে । অসমৰ ৰাইজে ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰিছে ।”

উল্লেখযোগ্য যে কমলপুৰ সমষ্টিৰ পৰা ২০১৬চনত সত্যব্ৰত কলিতাই অগপ দলৰ পৰা বিধায়ক ৰূপে নিৰ্বাচিত হৈছিল । কিন্তু ২০২১ৰ বিধান সভা নিৰ্বাচনত অসম গণ পৰিষদে এই আসনখন বিজেপিক এৰি দিয়ে । ফলত এতিয়া কমলপুৰ সমষ্টিটো বিজেপিৰ দখলত । সদৌ অসম ছাত্ৰ সন্থাৰ পৰি আৰম্ভ কৰি অগপলৈকে আঞ্চলিকতাবাদী ৰাজনীতি কৰি অহা সত্যব্ৰত কলিতাই ২০২৬ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰি প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনাই অধিক ৷

Satyabrat Kalita Joins Congress
কংগ্ৰেছত যোগদান সত্যব্ৰত কলিতাৰ (ETV Bharat)

আনহাতে, কংগ্ৰেছৰ পৰা একাধিকবাৰ বৈঠালাংচু সমষ্টিৰ পৰি বিধায়ক নিৰ্বিচিত হোৱা ডা° মানসিং ৰংপীয়ে কংগ্ৰেছৰ বিধায়ক পদ ত্যাগ কৰি হিমন্ত বিশ্ব শৰ্মাৰ অনুগামী হিচাবে যোগদান কৰিছিল বিজেপিত ৷ বিজেপিত যোগদান কৰি ৰংপীয়ে উপ নিৰ্বাচন খেলি পুনৰবাৰ বিজেপিৰ টিকটত সমষ্টিটোৰ পৰা বিধায়ক হয় ৷

পিছে ২০২১ত বিজেপিৰ প্ৰাৰ্থিত্ব নাপাই ৰাজনৈতিকভাৱে স্থবিৰ হৈ পৰেহৰংপী ৷ এতিয়া কাৰ্বি পাহাৰত মানসিং ৰংপীয়ে কংগ্ৰেছৰ হেৰুৱা মান কি দৰে উদ্ধাৰ কৰে সেয়াও চাবলগীয়া হ’ব ৷ কংগ্ৰেছত যোগদান কৰি ডা° ৰংপীয়ে কয়, “আগতে মই কংগ্ৰেছতেই আছিলো । মাজতে মই ভুল কৰি গ’লো আৰু বিজেপিলৈ । এতিয়া কংগ্ৰেছলৈ ঘৰ ৱাপচী হৈছে ৷ যিজন ল’ৰাই ঘৰ এৰি গৈ হেৰাই যোৱাৰ দৰে হৈছিল, এতিয়া ঘৰলৈ ঘূৰি আহিব পাই সুখী হৈছো ।”

লগতে পঢ়ক :বিহাৰ নিৰ্বাচন ২০২৫ : হেলিকপ্টাৰেৰে চমক দেখুৱাবলৈ সাজু শাসক-বিৰোধী

Last Updated : September 8, 2025 at 10:55 PM IST