ETV Bharat / politics

লখিমপুৰত লোকসভা নিৰ্বাচনত হ'ব একপক্ষীয় যুজ: অতুল বৰা - Lok Sabha election 2024

BJP election campaign: বিৰোধী দলৰ কোনো অস্তিত্বই নাই । লখিমপুৰত লোকসভা নির্বাচনৰ যুঁজ হ'ব একপক্ষীয় । বৃহস্পতিবাৰে লখিমপুৰত মিত্রজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি এইদৰে মন্তব্য কৰে অগপৰ সভাপতি অতুল বৰাই ।

Lok Sabha election 2024
BJP election campaign
author img

By ETV Bharat Assamese Team

Published : April 11, 2024 at 9:44 PM IST

3 Min Read
Choose ETV Bharat
লখিমপুৰত লোকসভা নিৰ্বাচনত হ'ব একপক্ষীয় যুজ: অতুল বৰা

লখিমপুৰ, ১১ এপ্ৰিল: প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব অহা ১৯ এপ্ৰিলত । যাৰ বাবে এতিয়া নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টি কেইটাত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ । শাসক-বিৰোধী উভয়েই ৰাইজৰ মাজলৈ আহি প্ৰচাৰ চলোৱাত লাগিছে নিজৰ নিজৰ সমৰ্থিত প্ৰাৰ্থীৰ হৈ । ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ অগপ-বিজেপি-ইউপিপিএল মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ বৃহস্পতিবাৰে কেবাটাও স্থানত নিৰ্বাচনী প্ৰচাৰ চলালে অগপৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই ।

  • " class="align-text-top noRightClick twitterSection" data="">

লখিমপুৰত বিৰোধী প্ৰাৰ্থীৰ স্থিতিক নস্যাৎ কৰি অতুল বৰাই কয় যে সমষ্টিটোত এইবাৰ নিৰ্বাচনী যুঁজ একপক্ষীয় হ'ব । মিত্রজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ মনোনয়ন দাখিলৰ সময়ৰ পৰাই এনে প্ৰতিচ্ছবি দেখা গৈছে বুলি উল্লেখ কৰি এই কথাত কোনো সন্দেহ নাই বুলি মত ব্যক্ত কৰে অগপৰৰ সভাপতিগৰাকীয়ে ।

প্ৰাৰ্থীগৰাকীৰ হৈ গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহোতে অগণন লোকৰ সমাবেশ ঘটা কাৰ্যয়ো সেই কথা প্ৰতীয়মান কৰিছে বুলি অতুল বৰাই কয় । প্ৰাৰ্থী প্ৰদান বৰুৱা এজন মাটিৰ মানুহ তথা অভিজ্ঞ ৰাজনীতিক বুলি অভিহিত কৰি তেওঁ আৰু কয় যে কংগ্ৰেছৰ পক্ষত এতিয়া মানুহ নাই । কংগ্ৰেছ কলংকিত দল । কংগ্ৰেছৰ কলংকৰ কথা মানুহে পাহৰি যোৱা নাই । ঐক্যহীন দল কংগ্ৰেছ । নিতৌ কংগ্ৰেছৰ পৰা মানুহ ওলাই গৈ আছে । বিৰোধী বুলিবলৈ এতিয়া একোৱেই নাই বুলি কয় নেতাগৰাকীয়ে ।

মন্ত্রী বৰাই সমাগত নিৰ্বাচনত এন ডি এ অপ্ৰতিৰোধ্য বুলি মন্তব্য কৰি অসমৰ ১৪ টা সমষ্টিতে মিত্রজোঁটে দখল কৰিব বুলি প্ৰত্যয় প্ৰকাশ কৰে । বৃহৎ নদীবান্ধৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ বিশেষ মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে ।

উল্লেখ্য যে লখিমপুৰ নগৰস্থ অসম গণ পৰিষদৰ জিলা কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এই নিৰ্বাচনী প্ৰচাৰসভাখন অনুষ্ঠিত হয় । ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ অসম গণ পৰিষদে আয়োজন কৰা এই নিৰ্বাচনী সভাত অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰা উপস্থিত থাকি ভাষণ প্ৰদান কৰি সকলোকে নিজৰ বহুমূলীয়া ভোটাধিকাৰ সাব্যস্ত কৰি বিপুল সংখ্যক ভোটত প্ৰদান বৰুৱাক জয়ী কৰিবলৈ অনুৰোধ জনায়।

তেওঁ ভাষণ প্ৰসংগত কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰে । এই সভাত অসম গণ পৰিষদৰ ৰাজ্যিক উপ সভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, অসম গণ পৰিষদৰ বিত্ত সম্পাদক জয়ন্ত খাউণ্ড, বিধায়ক মানৱ ডেকাকে ধৰি বহুকেইজন ৰাজনৈতিক নেতা উপস্থিত থাকি ভাষণ প্ৰদান কৰে ।

লগতে পঢ়ক: খোৱাঙত সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে - Lok Sabha Election 2024