ETV Bharat / politics

মিত্রদলক বাদ দি বি টি আৰত অকলে নিৰ্বাচন খেলিব বিজেপিয়ে : নিজাকৈ প্ৰস্তুত কৰিছে ৰণকৌশল - BTR ELECTIONS 2025

ছেপ্টেম্বৰ মাহত বি টি আৰ নিৰ্বাচন হোৱাটো প্ৰায় নিশ্চিত হোৱাৰ পিছতেই সাম্প্ৰতি সমষ্টিয়ে সমষ্টিয়ে নিৰ্বাচনী বতাহ বলা পৰিলক্ষিত হৈছে ।

BTR ELECTIONS 2025
এক সভাত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ সৈতে পল্লৱলোচন দাস আৰু পীযুষ হাজৰীকা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 29, 2025 at 5:16 PM IST

7 Min Read

গুৱাহাটী: ৰাজ্যত ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব বি টি আৰ নিৰ্বাচন । ইতিমধ্যে ইয়াৰ বাবে টঙালি বান্ধিছে শাসক-বিৰোধীয়ে । লক্ষণীয় বিষয় যে পঞ্চায়ত নিৰ্বাচনত অভূতপূৰ্ব বিজয়লাভৰ পাছত বিজেপি এইবাৰ পূৰ্ণোদ্যমে বি টি আৰ নিৰ্বাচনৰ বাবে সাজু হৈছে ।

ছেপ্টেম্বৰ মাহত হ'বলগীয়া বি টি আৰ নিৰ্বাচনৰ বাবে দলটোৰ প্রস্তুতি প্রায় তুংগত । বিজেপিৰ ৰাজ্যিক সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলে জনোৱা মতে, বি টি আৰ নিৰ্বাচনত দলৰ বিজয় নিশ্চিত কৰিবলৈ একো একোজন মন্ত্ৰী আৰু জ্যেষ্ঠ কার্যকর্তাক প্ৰত্যেকখন জিলাত দায়িত্ব অর্পণ কৰা হৈছে ।

বুধবাৰে কেবিনেট বৈঠকৰ পিছত সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

সেই হিচাপে কোকৰাঝাৰ জিলাৰ দায়িত্ব মন্ত্ৰী অশোক সিংহল আৰু বিধায়ক দিপ্লুৰঞ্জন শৰ্মাক, চিৰাং জিলাত মন্ত্ৰী কৌশিক ৰায় আৰু অজয় ৰায়ক, বাক্সা জিলাত মন্ত্ৰী ৰঞ্জিত দাসসহ অশোক ভট্টৰায়ক, তামুলপুৰ জিলাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু পুলক গোঁহাইক আৰু ওদালগুৰি জিলাত দায়িত্ব দিয়া হৈছে মন্ত্ৰী পীযুষ হাজৰীকা আৰু পল্লৱলোচন দাসক ।

ইতিমধ্যে দায়িত্বপ্রাপ্ত মন্ত্ৰী আৰু জ্যেষ্ঠ কাৰ্যকৰ্তাসকলে নির্দিষ্ট এলেকাত তৃণমূল কার্যকৰ্তাৰ লগতে দলীয় বিষয়ববীয়াসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰি সাংগঠনিক কাম-কাজ অব্যাহত ৰাখিছে । বিগত পঞ্চায়ত আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ৰাইজৰ বিপুল সঁহাৰিৰে ঐতিহাসিক বিজয়ৰ পিছত এইবাৰ বি টি আৰত বিজয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ সাজু হৈছে গেৰুৱা বাহিনী ।

মিত্রতাত থাকিলেও বিজেপিয়ে অকলে খেলিব নিৰ্বাচন

ইফালে মিত্রদল ইউ পি পি এলৰ চৰকাৰ থকাৰ পাছতো বিজেপিয়ে বি টি আৰত অকলে নিৰ্বাচন খেলিব । এই কথা ইতিমধ্যে বিজেপি দল আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে । বি টি আৰত নিৰ্বাচন খেলা সন্দৰ্ভত বুধবাৰে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয়, "প্রমোদ বড়োৱে যোৱা পাঁচ বছৰ খুব পাৰদৰ্শিতাৰে বি টি আৰ পৰিচালনা কৰিছে । ইউ পি পি এলৰ বিধায়ক উৰ্খাও গৌৰা ব্ৰহ্ম আমাৰ মন্ত্ৰীসভাৰ মন্ত্ৰী হৈ আছে । বি টি আৰ পৰিষদতো আমাৰ বিজেপিৰ সদস্য আছে । কিন্তু আমাৰ আগৰে পৰাই এটা সিদ্ধান্ত আছে যে আমি বি টি আৰ নিৰ্বাচন অকলে খেলিম ।"

BTR Elections 2025
দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে পীযুষ হাজৰীকা আৰু পল্লৱলোচন দাসৰ আলোচনা (ETV Bharat Assam)

মুখ্যমন্ত্ৰীয়ে লগতে কয়, "আমি বড়ো জাতিসত্তাৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰক সন্মান জনাওঁ কাৰণেই আমি আমাৰ শক্তি অনুসৰি প্ৰতিদ্বন্দ্বিতা কৰিম । প্রমোদ বড়োৰ প্রতি আমাৰ শুভকামনা থাকিব । যিকেইখন আসনত আমি প্রার্থী নিদিওঁ, তাত প্রমোদ বড়োৰ দলৰ লোক জিকি আহক তাৰেই কামনা কৰিম । কিন্তু এটা কথা ঠিক যে আমি নিৰ্বাচন অকলে খেলিম ।"

লক্ষণীয় বিষয় যে পঞ্চায়ত নিৰ্বাচনত অভূতপূর্ব বিজয়ৰ পিছত বিজেপিয়ে এইবাৰ বি টি আৰ নির্বাচনত বিজয় সাব্যস্ত কৰাৰ বাবে সাজু হৈছে । অহা ছেপ্টেম্বৰ মাহত হ'বলগীয়া বি টি আৰ নিৰ্বাচনৰ বাবে দলটোৰ প্ৰস্তুতি প্রায় তুংগত ।

বি টি আৰত তৎপৰ শাসক-বিৰোধী

বি টি আৰ নিৰ্বাচন ছেপ্টেম্বৰ মাহত হোৱাটো প্ৰায় নিশ্চিত হোৱাৰ পিছতেই সাম্প্ৰতি বি টি আৰত সমষ্টিয়ে সমষ্টিয়ে নিৰ্বাচনী বতাহ বলা পৰিলক্ষিত হৈছে । সংখ্যাগৰিষ্ঠ আসন লাভৰ লক্ষ্য ৰাখি আগবাঢ়িছে প্ৰতিটো ৰাজনৈতিক দল । বিজেপিয়ে অকলে নিৰ্বাচন খেলাৰ বাবে সাজু হোৱাৰ পৰিপ্ৰেক্ষিতত মিত্রদল ইউ পি পি এলে নিজাকৈ প্ৰস্তুত কৰিছে ৰণকৌশল ।

BTR Elections 2025
বিজেপিৰ বিশেষ সাংগঠনিক সভাৰ এটা মুহূৰ্ত (ETV Bharat Assam)

সেইদৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টীয়ে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলৰ সৈতে মিত্ৰতা সন্দৰ্ভত আলোচনা চলি থাকিলেও মিত্ৰতাৰ সিদ্ধান্ত চূড়ান্ত হোৱা নাই । তেনেক্ষেত্ৰত বি টি আৰত তিনিটা প্ৰধান ৰাজনৈতিক দল বিজেপি, ইউ পি পি এল আৰু বি পি এফে নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো নিশ্চিত ।

আনহাতে, নতুনকৈ গঠিত অঞ্জলি দৈমাৰীৰ এ পি বি দল আৰু নৱ কুমাৰ শৰণীয়াৰ জি এছ পি দলেও প্ৰক্ষেপ কৰিব নিজা প্ৰাৰ্থী । কিন্তু এতিয়ালৈ এ পি বি আৰু জি এছ পিয়ে বি টি আৰত বিশেষ প্ৰভাৱ পেলাব পৰা নাই ।

ইফালে বি টি আৰৰ শাসনৰ বাঘজৰীডাল যদি বিজেপিয়ে অকলে লাভ কৰে তেন্তে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্যৰ পদত অধিষ্ঠিত হ'ব বুলি চৰ্চা হৈছে । মুঠতে এইবাৰ বি টি আৰৰ নিৰ্বাচন যথেষ্ট ৰোমাঞ্চকৰ হ'ব ।

বি টি আৰৰ কিছু আভাস

বি টি আৰ হৈছে অসমৰ এখন স্বায়ত্তশাসিত অঞ্চল । ভূটান আৰু অৰুণাচল প্ৰদেশৰ পাদদেশত ব্ৰহ্মপুত্র নদীৰ উত্তৰপাৰৰ অসমৰ চাৰিখন জিলাক লৈ বড়োলেণ্ড সৃষ্টি হৈছে । এই জিলাকেইখন হৈছে কোকৰাঝাৰ, বাক্সা, ওদালগুৰি আৰু চিৰাং জিলা ।

বড়ো আন্দোলনৰ ফলশ্ৰুতিত ২০০৩ চনত হোৱা বড়ো চুক্তিৰ ফলাফল হিচাপে বড়োলেণ্ড গঠন কৰা হৈছিল । এই অঞ্চলটোৰ পৰিচালনা কৰে নিৰ্বাচিত পৰিষদে । পূৰ্বতে অঞ্চলটোক বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্টছ বা বি টি এ ডি নামে জনা গৈছিল । পৰৱৰ্তী সময়ত ইয়াক বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ'ন অৰ্থাৎ বি টি আৰ হিচাপে নামকৰণ কৰা হয় ।

সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত বড়োলেণ্ডৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰ জিলাত । প্ৰথম অৱস্থাত পৰিষদখনৰ সদস্যৰ সংখ্যা আছিল ৩০ জন । ষষ্ঠ অনুসূচীৰ ২(১) অনুচ্ছেদটোৰ সংশোধন কৰি ইয়াৰ সংখ্যা ৪৬ জনলৈকে বৃদ্ধি কৰা হয় । এই ৪৬ জনৰ ভিতৰত ৩০ খন আসন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত, ৫ খন আসন অজনজাতিৰ বাবে সংৰক্ষিত আৰু ৫ খন আসন সকলোৰে বাবে মুকলি ।

BTR Elections 2025
বিজেপিৰ বিশেষ সাংগঠনিক সভা (ETV Bharat Assam)

আনহাতে, ৬ খন আসন ৰাজ্যপালৰ দ্বাৰা মনোনীত । অৰ্থাৎ বি টি আৰৰ মুঠ সদস্য সংখ্যাৰ ভিতৰৰ ৪০ জন নিৰ্বাচিত আৰু ৬ জন মনোনীত । প্ৰতি পাঁচ বছৰৰ অন্তত নিৰ্বাচন অনুষ্ঠিত হয় । ৪০ গৰাকী সদস্য বড়োলেণ্ডৰ ৪০ টা সমষ্টিৰ পৰা পৰিষদীয় নিৰ্বাচনৰ যোগেৰে নিৰ্বাচিত হয় । বাকী ৬ গৰাকী সদস্য ৰাজ্যপালে বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰা মনোনীত কৰে ।

নিৰ্বাচিত সদস্যৰ আধাতকৈ এখন আসন অৰ্থাৎ ন্যূনতম ২১ খন আসন লাভ কৰা দলে পৰিষদ দখল কৰে । পৰিষদ গঠন কৰা দলে নিৰ্বাচিত সদস্যসকলৰ মাজৰ পৰা এগৰাকী মুখ্য কাৰ্যবাহী সদস্য নিৰ্বাচন কৰে ।

উল্লেখ্য যে ২০০৩ চনৰ ৮ এপ্ৰিলৰ পৰা ২০২০ চনৰ ২৭ এপ্ৰিললৈ বি টি চিৰ মুৰব্বী হিচাপে দায়িত্বত আছিল বি পি এফৰ প্ৰধান হাগ্ৰামা মহিলাৰী । ইয়াৰ পাছত ২০২০ চনৰ ১৫ ডিচেম্বৰৰ পৰা বৰ্তমানলৈ বি টি চিৰ মুৰব্বী হিচাপে দায়িত্ব পালন কৰি আহিছে ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে ।

লগতে পঢ়ক :এয়া সমাপ্তি নহয়, মাত্ৰ আৰম্ভণিহে: গৌৰৱ গগৈৰ স্বীকাৰোক্তিৰ পাছতে মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া - CM HIMANTA BISWA SARMA
লগতে পঢ়ক :১৯ জুনত ৰাজ্যসভাৰ নিৰ্বাচন, কোন কোন আছে এই দৌৰত, জানো আহক... - ASSAM RAJYA SABHA POLLS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.