দলৰ আভ্যন্তৰীণ ক্ষোভ-প্রতিবাদৰ মাজতে দিল্লীত শ্বাহ-নাড্ডাৰে বৈঠক অগপ নেতৃত্বৰ
সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে অগপৰ মূল দুই কাণ্ডাৰীয়ে মিত্রদল বিজেপিৰ শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ।


Published : July 24, 2025 at 7:25 PM IST
গুৱাহাটী : আগন্তুক ২০২৬ চনৰ বিধানসভা নির্বাচনলৈ মাজত ৮ মাহ মান বাকী থকা সময়ত শাসকীয় মিত্রজোঁটত আৰম্ভ হৈছে আসন ভাগ-বাটোৱাৰাৰ ৰাজনৈতিক অংক । সমাগত বিধানসভা নিৰ্বাচনত বৰ্তমানতকৈ বেছি সংখ্যক সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিব লাগে বুলি ইতিমধ্যে অগপ অভ্যন্তৰত ব্যাপক জনমতে গা কৰি উঠিছে । যোৰহাট, মাজুলী, ধেমাজি, লখিমপুৰ, কামৰূপ, দৰং আদি জিলাৰ অগপ কৰ্মকৰ্তাই অধিক সমষ্টি বিচাৰি দলীয় সভা অনুষ্ঠিত কৰিছে ।
বর্তমান অসম বিধানসভাত অগপৰ ৯ জন বিধায়ক আছে । আনহাতে ৰাজ্যসভা আৰু লোকসভাত আছে এজনকৈ সাংসদ । ২০২৬ৰ বিধানসভা নিৰ্বাচনত অতি কমেও দুকুৰি বিধানসভা সমষ্টিত অগপই প্রতিদ্বন্দ্বিতা কৰিব লাগে বুলি দলটোৰ অভ্যন্তৰত ব্যাপক জনমত গঢ়ি উঠিছে । ইফালে মিত্রদল বিজেপিৰ আগ্ৰাসী ভূমিকাৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ কৰি ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাত অগপৰ স্থানীয় নেতাৰ জিলা সমিতিয়ে প্রতিবাদ কৰিছে ।
বিজেপিৰ বিধায়ক আৰু সাংসদসকলে তৃণমূল পৰ্যায়ত অগপৰ কৰ্মকৰ্তাসকলক অলপো ৰাজনৈতিক মর্যাদা প্ৰদান নকৰাত অগপৰ অভ্যন্তৰত ব্যাপক ক্ষোভ, অসন্তুষ্টি তথা প্রতিবাদে গা কৰি উঠিছে । দলত দেখা দিয়া এনে পৰিস্থিতিৰ মাজতে দিল্লীত বাহৰ পাতিছে সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই । মঙলবাৰে অতুল বৰাৰ নেতৃত্বত অগপৰ এটা সজাতি দলে সাক্ষাৎ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাক ।

ইফালে আজি বৃহস্পতিবাৰে অগপৰ সভাপতি অতুল বৰাৰ নেতৃত্বত অগপৰ এটি প্ৰতিনিধি দলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক নতুন দিল্লীত সাক্ষাৎ কৰি এক আলোচনাত মিলিত হয় । এই সাক্ষাৎকালত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা উপস্থিত থাকে । সামাজিক মাধ্যম যোগে এই কথা সদৰী কৰি অতুল বৰাই কয়, "অসমত স্থায়ী শান্তি আৰু সৰ্বাংগীন প্ৰগতি ত্বৰান্বিত কৰাৰ দিশত অমিত শ্বাহৰ অকুণ্ঠ সহযোগিতা আৰু দূৰদৰ্শী ভূমিকাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰো । এন ডি এ চৰকাৰৰ দিনত অসমে বিকাশ আৰু সমৃদ্ধিৰ এক নতুন দিগন্তৰ সাক্ষী হৈছে ।"
Had the honour of leading an AGP delegation to meet Hon’ble Union Home Minister Shri @AmitShah Ji in New Delhi today. Hon'ble BJP National President and Union Minister Shri @JPNadda Ji was present during the meeting.
— Atul Bora (@ATULBORA2) July 24, 2025
We expressed our heartfelt gratitude to Shri Amit Shah Ji for… pic.twitter.com/yEYWwKteX4
বৰাই কয়, "বিজেপি নেতৃত্বাধীন এন ডি এৰ দীৰ্ঘদিনীয়া অংশীদাৰ হিচাপে অগপ দলেও এই অভূতপূৰ্ব বিকাশ যাত্ৰাত দায়বদ্ধতাৰে কাম কৰাৰ বিষয়ে আলোচনাত আলোকপাত কৰা হয় । বিজেপি-অগপ মিত্ৰজোঁটে ৰাজ্যখনৰ প্ৰতিজন নাগৰিকৰ সৰ্বাংগীন উন্নয়ন সুনিশ্চিত কৰাৰ বাবে অনাগত দিনবোৰতো ঐক্যবদ্ধভাৱে কাম কৰি যাবলৈ দৃঢ় সংকল্পবদ্ধ ।" এই সাক্ষাতকালত অতুল বৰাক সংগ দিয়ে অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু লোকসভাৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে ।
লক্ষণীয় বিষয় যে সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে অগপৰ মূল দুই কাণ্ডাৰীয়ে মিত্রদল বিজেপিৰ শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে । ইফালে অগপৰ ভিতৰচ'ৰাত সমষ্টিকেন্দ্ৰিক ক্ষোভ আৰু অসন্তুষ্টিয়ে গা কৰি উঠা বিষয়টোক গুৰুত্ব সহকাৰে লৈছে অগপৰ নেতৃত্বই । তেনেস্থলত স্বাভাৱিকতে মিত্রদলৰ শীৰ্ষ নেতৃত্বৰে হোৱা এই বৈঠকত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ ৰাজনৈতিক প্রসংগই স্থান লাভ কৰিছে । সভাপতি মঅতুল বৰাই এই বিষয়ে কোনো কথা স্পষ্ট কৰা নাই যদিও দলৰ ভিতৰচ'ৰাত বিষয়টো চৰ্চিত হৈছে ।

অগপৰ নেতৃত্বই আগন্তুক বিধানসভা নির্বাচনত অতি কমেও দুকুৰি আসন বিচাৰি তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীসকলে তীব্ৰতৰ কৰি তোলা দাবীক গুৰুত্বসহকাৰে ল'বলৈ বাধ্য হোৱা বুলি জনা গৈছে । এনে প্রেক্ষাপটতে দিল্লীত বিজেপি নেতৃত্বৰে অনুষ্ঠিত অগপৰ কেন্দ্ৰীয় নেতৃত্বৰ বৈঠক ৰাজনৈতিকভাৱে অত্যন্ত তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে ।
উল্লেখ্য যে ২০১৬ চনত বিজেপিয়ে অগপক এৰি দিছিল মুঠ ২৪ টা সমষ্টি । তদুপৰি আন ৬ টা বিধানসভা সমষ্টিত বিজেপিয়ে অগপৰ সৈতে বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতা কৰা দেখা গৈছিল । ২০২১ চনৰ নিৰ্বাচনত বিজেপিয়ে অগপক এৰি দিয়ে প্রায় ২৯ টা সমষ্টি । এনে প্ৰেক্ষাপটত ২০২৬ চনৰ নিৰ্বাচনত অতিৰিক্তভাৱে আৰু ১০ টা সমষ্টি অগপৰ কেন্দ্রীয় নেতৃত্বই বিজেপিৰে আসন ভাগ-বাটোৱাৰাৰ প্ৰক্ৰিয়াত বিচৰাৰ সম্ভাৱনা আছে । এয়ে হ'লে অহা নিৰ্বাচনৰ বাবে অগপই দুকুৰি বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে যাৱতীয় সাংগঠনিক প্রস্তুতি আৰম্ভ কৰাৰ ব্লুপ্ৰিণ্ট ৰচিছে ।

