লক্ষ্য ২০২৬ : নিৰ্বাচনী ৰণনীতিকলৈ প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক
নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভত বিশদ আলোচনা কৰাৰ পূৰ্বেই বিজেপিক আক্ৰমণ গৌৰৱ গগৈৰ ।

Published : August 3, 2025 at 4:54 PM IST
গুৱাহাটী : বিধানসভা নিৰ্বাচন সমাগত । ২০২৬ৰ বিধানসভা নিৰ্বাচনত যুঁজ এখন দিয়াৰ বাবে যাৱতীয় প্ৰস্তুতি চলাইছে প্ৰদেশ কংগ্ৰেছে । বিশেষকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পিছৰে পৰাই সাংসদ গৌৰৱ গগৈয়ে সাংগঠনিক ভেঁটি সুদৃঢ় কৰি দলটোক এটা শক্তিশালী গতি দিয়াৰ বাবে তৎপৰ হৈ পৰিছে ।
ইতিমধ্যে দলটোৰ বিভিন্ন স্তৰত নতুনকৈ কমিটী গঠন কৰাৰ লগতে বিভিন্ন পৰ্যায়ত বৈঠক অনুষ্ঠিত কৰিছে । এনে তৎপৰতাৰ মাজতে দেওবাৰে গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা চৌহদত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা । প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা বৈঠকত দলটোৰ সাংগঠনিক দিশত বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ লোৱাৰ সম্ভাৱনা আছে । বিশেষকৈ নিৰ্বাচনৰ বাবে সাজু হোৱাৰ প্ৰসংগত ৰণকৌশল গ্ৰহণ কৰা হ'ব । তদুপৰি ২০২৬ৰ নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভত বিশদ আলোচনা কৰা হৈছে ।
ইফালে, বৈঠকৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত কেতবোৰ বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰে সাংসদ গৌৰৱ গগৈয়ে । তেওঁ কয়, "আজিৰ বৈঠকত হোৱা আলোচনাৰ বিষয়বস্তু সমূহ জীতেন্দ্ৰ সিঙে দিল্লীত কেন্দ্ৰীয় নেতৃত্বক অৱগত কৰিব । বৈঠকত আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণকৌশল সন্দৰ্ভত আলোচনা কৰা হ'ব ।"

বিজেপিয়ে নিজৰ ভুলবোৰ লুকুৱাব বিচাৰিছে :
আনহাতে নিৰ্বাচন আয়োগৰ নিৰপেক্ষ ভূমিকা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "নিৰ্বাচন আয়োগৰ নিৰপেক্ষ ভূমিকাক লৈ মানুহৰ মনত হোৱা সন্দেহ সন্দৰ্ভত আমি সদনত আলোচনা হোৱাটো বিচাৰো । সাধাৰণ মানুহৰ ভোটাৰ তালিকাত নাম ওলোৱা-নোলোৱা বিষয়টোক লৈ সদনত চৰ্চা হ'ব লাগে; কিন্তু বিজেপি চৰকাৰে আলোচনা কৰিব নিবিচাৰে । বিজেপিয়ে চোৰ-ডকাইতৰ দৰে নিজৰ ভুলবোৰ লুকুৱাব বিচাৰিছে ।"

মোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে বিজেপিয়ে :
সংসদত দিয়া ভাষণ সন্দৰ্ভত তেওঁ কয়, "সংসদত দিয়া মোৰ ভাষণক লৈ মোৰ বিৰুদ্ধেও অপপ্ৰচাৰ চলাই আছে বিজেপিয়ে । পহলগামৰ ঘটনাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্রীয়ে এবাৰো ৰাইজৰ ওচৰত ক্ষমা নিবিচাৰিলে । আমি আমাৰ কাম কৰি যাম । বিজেপিৰ অত্যাচাৰৰ পৰা ৰাজ্যবাসীক পৰিত্ৰাণ দিয়াই কংগ্ৰেছৰ মুখ্য উদ্দেশ্য ।"

এই বৈঠকত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা, জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰ, প্ৰাক্তন সাংসদ ৰিপুন বৰা আৰু ৰাণী নৰহকে ধৰি প্ৰদেশ কংগ্ৰেছৰ ভালেসংখ্যক নেতাই অংশ গ্ৰহণ কৰিছে । লগতে অংশ গ্ৰহণ কৰিছে প্ৰতিখন জিলাৰ জিলা সভাপতিসকলে । প্ৰদেশ কংগ্ৰেছৰ বিভিন্ন বিভাগৰ দায়িত্বত থকা নেতা সকলেও বৈঠকত অংশ গ্ৰহণ কৰিছে ।


