ETV Bharat / politics

বছৰৰ প্ৰথম দিনটো মুঠেও ভালে নগ'ল মন্ত্ৰী জয়ন্ত মল্লৰ ! খঙে চুলিৰ আগ পালে দিলীপ শইকীয়াৰ

মুখ্যমন্ত্ৰীৰ উপস্থিতিতেই বিজেপিৰ মণ্ডল সভাপতিক আঁতৰোৱাৰ নিৰ্দেশ শইকীয়াৰ ।

Video of state BJP president Dilip Saikia's anger over minister Jayant Mallabaruah goes viral
খঙে চুলিৰ আগ পালে দিলীপ শইকীয়াৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 15, 2025 at 5:43 PM IST

2 Min Read
Choose ETV Bharat

নলবাৰী: হঠাৎ প্ৰচণ্ড খং উঠিল বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ । মঙলবাৰে নলবাৰীৰ এলেংগীদলত বাঁহজানী মণ্ডল বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈয়ে খঙত অগ্নিশৰ্মা হৈ পৰে সভাপতি শইকীয়া । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সন্মুখতে মণ্ডল সভাপতিৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰে শইকীয়া ।

পহিলা ব'হাগৰ দিনাই নলবাৰীত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে ভাৰতীয় জনতা পাৰ্টীৰ নলবাৰী বিধানসভাৰ বাঁহজানী মণ্ডলৰ নৱনিৰ্মিত কাৰ্যালয়টো । উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু দলটোৰ অসমৰ প্ৰভাৰী হৰিশ ত্ৰিৱেদীয়ে ।

খঙে চুলিৰ আগ পালে দিলীপ শইকীয়াৰ (ETV Bharat Assam)

ইয়াৰ মাজতে খঙত অগ্নিশৰ্মা হৈ পৰে সভাপতি শইকীয়া । কাৰ্যালয়টো শুভ উদ্বোধন কৰি প্ৰতিটো কক্ষ পৰিদৰ্শন কৰি থকা মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সন্মুখতেই প্ৰচণ্ড খঙত বাঁহজানী মণ্ডলৰ সভাপতিৰ বিৰুদ্ধে জাঙুৰ খাই উঠে দিলীপ শইকীয়া । ততাতৈয়াকৈ মণ্ডল সভাপতিগৰাকীক আঁতৰ কৰক বুলি খঙত নিৰ্দেশ দিয়ে দিলীপ শইকীয়াই ।

কিন্তু কি কাৰণত শইকীয়া খঙত অগ্নিশৰ্মা হৈ পৰে সেয়া বৰ্তমানলৈ জানিব পৰা হোৱা নাই । তথাপিও উদ্বোধনী অনুষ্ঠানটোত কিবা বিশৃংখল হোৱাৰ বাবেই ৰাজ্যিক সভাপতিগৰাকী খঙত তিঙিৰি-তুলা হৈ পৰে বুলি চৰ্চা চলিছে সৰ্বত্ৰে । পিছে এই সন্দৰ্ভত বাতৰি যুগুত কৰাৰ সময়লৈকে ভাৰতীয় জনতা পাৰ্টীৰ কোনো নেতা বা খোদ সভাপতি দিলীপ শইকীয়াই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । পৰৱৰ্তী সময়তহে পোহৰলৈ আহিব প্ৰকৃতাৰ্থত দিলীপ শইকীয়াই কিয় এনে ব্যৱহাৰ কৰিবলৈ বাধ্য হ'ল ? নে ইয়াৰ আঁৰত আছে আন কিবা কাৰণ ?

লগতে পঢ়ক: পহিলা ব'হাগৰ ভাল খবৰ: আজিৰে পৰা অসমীয়া ভাষাত আৰম্ভ হ'ল সকলো চৰকাৰী কাম-কাজ - GOVERNMENT NOTIFICATIONS

গৰু বিহুৰ দিনা অসমবাসীক কি প্ৰতিশ্ৰুতি দিলে অখিল গগৈয়ে ? - MLA AKHIL GOGOI