কোনোবা দুই-এজনৰ কাৰণে পাৰ্টীটোক আমি উচ্ছৃংখল কৰিব নোৱাৰো: দিলীপ শইকীয়া
"নলবাৰীত এজন ব্যক্তিৰ বাবে মোৰ সেই ধমক নাছিল । দলৰ সকলো কাৰ্যকৰ্তাই অনুশাসন মানি চলিব লাগে"- নলবাৰীৰ ঘটনা সন্দৰ্ভত দিলীপ শইকীয়া ।

Published : April 19, 2025 at 11:11 AM IST
গুৱাহাটী: "নলবাৰীত এজন ব্যক্তিৰ বাবে মোৰ সেই ধমক নাছিল । দলৰ সকলো কাৰ্যকৰ্তাই অনুশাসন মানি চলিব লাগে ।"- এই মন্তব্য ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ ।
শুকুৰবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত বিহুত উপস্থিত থাকি নলবাৰী ঘটনা সন্দৰ্ভত তেওঁ এনেদৰে মন্তব্য আগবঢ়ায় ।
তেওঁ লগতে কয়, "গোটেই বিষয়টো মই দলৰ মজিয়াত ইতিমধ্যে কৈছো । আমি এটা পৰিয়ালৰ দৰে । পৰিয়ালটোৰ এজনে ভুল কৰিলে পৰিয়ালটোৰ জ্যেষ্ঠজনৰ এটা দায়িত্ব থাকে তেওঁক শুধৰাই অনা । নলবাৰীত এজন ব্যক্তিৰ বাবে মোৰ সেই ধমক নাছিল । দলৰ সকলো কাৰ্যকৰ্তাই অনুশাসন মানি চলিব লাগে । কোনোবা দুই-এজনৰ বাবে আমি পাৰ্টীটো উচ্ছৃংখল কৰিব নোৱাৰো ।"
আনহাতে, পঞ্চায়ত নিৰ্বাচন সম্পৰ্কত দিলীপ শইকীয়াৰ মন্তব্য, "পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন প্ৰত্যাহাৰৰ দিনাৰ নিচিনা একেই ফল আশা কৰিব পাৰি নিৰ্বাচনৰ ফলাফলৰ দিনাও ।"
লগতে পঞ্চায়ত নিৰ্বাচনত ১০০% ভোটদান কৰিবলৈ ৰাইজলৈ আহ্বান জনাই শইকীয়াই কয়, "এইবাৰ আমি গ্ৰামোদয়, সৰ্বোদয়, অন্তোৰ্দয় আৰু ৰাষ্ট্ৰোদয়ৰ সংকল্পৰে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ম । গ্ৰামাঞ্চলৰ উন্নয়ন হ'লেহে দেশৰ উন্নয়ন হব ।
ইফালে হীৰেণ গোহাঁই সন্দৰ্ভত তেওঁ কয়, "হীৰেণ গোহাঁই ছাৰে কেৱল নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰা ঋণাত্মক শক্তিক একেলগ কৰিব নোৱাৰে । হীৰেণ গোহাঁইৰ কাম-কাজ লাহে লাহে ৰাইজে অপচন্দ কৰিছে । নাগৰিক সমাজৰ কাম হৈছে চৰকাৰে কৰা বেয়া কামবোৰ আঙুলিয়াই দিয়া । কিন্তু হীৰেণ গোহাঁই এতিয়া ৰাজনীতিৰ অংশ হৈ পৰিছে । হীৰেণ গোহাঁইৰ সন্মান লাহে লাহে কমিব । হীৰেণ গোহাঁইৰ কান্ধত বন্দুক থৈ বিৰোধীয়ে ৰাজনীতিৰ ৰুটি সেকিব বিচাৰিছে, ইয়াৰ পৰা গোহাঁই ছাৰে সাৱধান হৈ থাকিব লাগে ।"
কংগ্ৰেছ সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতিৰ মন্তব্য, "কংগ্ৰেছ এতিয়া ডিভাইডেদ হাউছ । কংগ্ৰেছত সামূহিক নেতৃত্ব নোহোৱা হৈ গৈছে । কংগ্ৰেছত আদৰ্শতকৈ ব্যক্তিৰ মহত্ব বেছি । কোনে কাক লেং মাৰি সভাপতি হ'ব পাৰে, বিধায়ক-সাংসদ হ'ব পাৰে তাৰেহে প্ৰতিযোগিতা চলিছে ।"
উল্লেখ্য যে, ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত শুকুৰবাৰে উদযাপন কৰা ৰঙালী বিহুত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজু, সাধাৰণ সম্পাদক পল্লৱলোচন দাস প্ৰমুখ্যে বিজপিৰ কাৰ্যকৰ্তাসকল । অনুষ্ঠানতে বিহুনাম নাম জুৰে সভাপতি দিলীপ শইকীয়াই । তেওঁৰ বিহুনামত সকলো কাৰ্যকৰ্তাই কঁকাল ভাঙি নাচে ।

