লুৰীণজ্যোতিৰ প্ৰশংসাত পঞ্চমুখ মৃণাল শইকীয়াৰ পুত্ৰ : ’২৬ ৰ পূৰ্বে ৰাজনৈতিক দলত যোগদানৰ ইংগিত - Bobrubahon Saikia
Son of MLA Mrinal Saikia : আঞ্চলিক দলৰ প্ৰতি আকৰ্ষিত বিধায়ক মৃণাল শইকীয়াৰ পুত্ৰ ৷ ২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে আঞ্চলিক শক্তি অৰ্থাৎ অজাপত যোগদানৰ ইংগিত দিলে বিজেপি বিধায়কগৰাকীৰ পুত্ৰই ৷ লুৰীণজ্যোতি গগৈৰ প্ৰশংসাত পঞ্চমুখ বব্ৰুবাহন শইকীয়া ৷

Published : July 16, 2024 at 10:27 PM IST
গোলাঘাট, ১৬ জুলাই : শাসকীয় দলৰ বিধায়ককে ধৰি বিভিন্ন কাম-কাজৰ মুকলি বিদ্ৰোহ ঘোষণা কৰি সৰৱ হৈ পৰা বিজেপি বিধায়ক মৃণাল শইকীয়াই 'ইণ্ডিয়া'ত ভৰি দিব নেকি ? সংসদীয় নিৰ্বাচনৰ ফলাফলৰ লগে লগেই যোৰহাটৰ সাংসদ, কংগ্ৰছ নেতা গৌৰৱ গগৈৰ সামাজিক মাধ্যমত অভিনন্দন জনোৱাৰ পিচত সাতে-পাঁচে মিলি খুমটাই সমষ্টিৰ বিজেপি বিধায়ক, গেৰুৱা দলটোৰ প্ৰবীণ নেতা মৃণাল শইকীয়াই ‘ইণ্ডি এলায়েন্স’ৰ আঞ্চলিক দলত খোজ দিয়াৰ সম্ভাৱনা ৰাজনৈতিক মহলত সৰৱ চৰ্চিত হৈছে ৷
শেহতীয়াকৈ বিজেপি বিধায়কজনৰ পুত্ৰ বব্ৰুবাহন শইকীয়াই আঞ্চলিক দলত যোগদান কৰাৰ বিষয়টো ব্যাপকভাৱে প্ৰচাৰ হোৱাৰ বিপৰীতে পিতৃ তথা বিজেপি বিধায়ক মৃণাল শইকীয়াই গ্ৰহণ কৰা কৌশলী স্থিতিৰ বিষয়টো অধিক ৰহস্যঘন হৈছে ৷ লক্ষ্যণীয় বিষয় যে, ইয়াৰ মাজতে যোৱা ১৫ জুলাইত অসম জাতীয় পৰিষদৰ সভাপতি তথা ইণ্ডি এলায়েন্সৰ ৰাজ্যিক সম্পাদক লুৰীণজ্যোতি গগৈ আৰু প্ৰাক্তন মন্ত্ৰী তথা দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই বিজেপি বিধায়ক মৃণাল শইকীয়াৰ বাসগৃহত পদাৰ্পন কৰাৰ লগতে পুত্ৰ বব্ৰুবাহনৰ হোটেল চিলিং ষ্টেচনত প্ৰৱেশ কৰি দীৰ্ঘসময় কটোৱা বিষয়টোৱে নতুন ইংগিত বহন কৰিছে ৷
প্ৰকৃততে অসম জাতীয় পৰিষদৰ নেতাদ্বয়ে বিজেপি বিধায়ক মৃণাল শইকীয়া আৰু পুত্ৰৰ কেনেধৰণৰ বিষয়ত ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হ’ল ই এক জটিল প্ৰশ্ন ৷ অৱশ্যে ই এক সৌহাদ্যমূলক মত বিনিময় বুলি বিধায়ক মৃণাল শইকীয়াই ক'ব বিচাৰিলেও বিজেপি মহলে ইয়াক সহজতে মানি ল'ব পৰা নাই ৷ এক অকৰ্তৃত্বশীল সুত্ৰই দাবী কৰামতে আগন্তুক বিধানসভা নিৰ্বাচনত যদিহে মৃণাল শইকীয়াক বিজেপিয়ে দলীয় টিকটৰ পৰা বঞ্চিত কৰে, তেন্তে পুত্ৰ বব্ৰুবাহন শইকীয়া খুমটাই সমষ্টিৰ পৰা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হ’ব ৷
লগতে পঢ়ক : মোদী কা পৰিৱাৰৰ সলনি বিজেপি বিধায়কে সামাজিক মাধ্যম এক্সত লিখিলে ফ্ৰম আপাৰ আছাম
মঙলবাৰে ব্যৱসায়িক প্ৰতিষ্ঠানত আয়োজন কৰা সংবাদমেলযোগে বিধায়ক মৃণাল শইকীয়াৰ পুত্ৰ বব্ৰুবাহনে আওপকীয়াকৈ বহু কথাই স্পষ্ট কৰিলে ৷ তেওঁ কয় যে, লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাৰ লগত কথা-বাৰ্তা সৌহাদ্যমূলক আছিল । কিন্তু ৰাজনৈতিক পথাৰত যোগদানৰ বিষয়টো তেওঁ অস্বীকাৰ নকৰিলে ৷ তেওঁ কয়, ‘‘ যদিহে ৰাজনীতিত যোগদান কৰোঁ, 2026ৰ পূৰ্বেই যোগদান কৰিম ।’’ লুৰীণজ্যোতি গগৈৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে বব্ৰুবাহন ৷ লুৰীণজ্যোতি গগৈ এজন শক্তিশালী নেতা আৰু তেওঁৰ নেতৃত্বত ৰাজনৈতিক ভৱিষ্যৎ থকা বুলি উল্লেখ কৰে ৷
ইফালে আজি বিধায়ক মৃণাল শইকীয়াই নিজস্ব প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘‘ পুত্ৰ বব্ৰুবাহন কোন দললৈ যায়, ৰাজনীতি কৰেনে নকৰে, সেইটো তেওঁৰ স্বতন্ত্ৰ কথা । কিয়নো সকলোৰে নিজস্ব নিজস্ব আদৰ্শ থাকে ৷ ১৮ বছৰ হোৱাৰ পৰাই কোনো কথাতে পিতৃ হিচাপে হস্তক্ষেপ নকৰো ৷’’ অন্যহাতে খুমটাইত পিতা-পুত্ৰৰ নিৰ্বাচনী যুঁজ কোনো কাৰণতে নহয় বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি বিজেপিতে মোৰ জন্ম মোৰ মৃত্যু বুলি উল্লেখ কৰে ৷
উল্লেখনীয় দিশ যে, সমষ্টি পুনৰগঠনৰ পিচত খুমটাই সমষ্টিৰ বিস্তৃত অংশ দেৰগাঁও সমষ্টিত অন্তৰ্ভুক্ত হয় ৷ সেইদৰে সৰুপথাৰ সমষ্টিৰ মৰঙী মৌজাৰ বিস্তৃত এলেকা খুমটাই বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হয়গৈ ৷ বব্ৰুবাহনক খুমটাইত জাতীয় পৰিষদত অৱতীৰ্ণ হোৱাৰ বিপৰীতে যদিহে দলে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰে, দেৰগাঁও সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হ’ব বুলিও ৰাজনৈতিক মহলত অন্য এক চৰ্চা চলিছে ।
লগতে পঢ়ক : লুৰীণজ্যোতি গগৈ-জগদীশ ভূঞাৰে নিশা কোন বিধায়ক পুত্ৰৰ গোপন আলোচনা ?

