কংগ্ৰেছৰ উত্থান একাংশ বিজেপি আৰু আৰ এছ এছ নেতাই ভাল পাইছে: গৌৰৱ গগৈ
গৌৰৱ গগৈৰ নেতৃত্বত কি হ'ব বিৰোধী ঐক্যৰ ভৱিষ্যৎ ? কংগ্ৰেছৰ উত্থানত কোন বিজেপি, আৰ এছ এছ নেতাই ভাল পাইছে ? কি ক'লে গৌৰৱ গগৈয়ে ?

Published : June 2, 2025 at 2:40 PM IST
নগাঁও : "মই যোৰহাট লোকসভা সমষ্টিৰ পৰা বিজয়ী হোৱাৰ সময়তেই মোক বহু বিজেপি, আৰ এছ এছ নেতাই শুভেচ্ছা জনাইছে । বৰ্তমান মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকলাপত বহু বিজেপি, আৰ এছ এছ নেতা অসন্তুষ্ট । কংগ্ৰেছ দলৰ উত্থানত এনে বহু বিজেপি, আৰ এছ এছ নেতাই পেটে পেটে ভাল পাইছে ।" নগাঁৱত উপস্থিত হৈ এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈৰ । উজনি অসমৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ নেতা-কৰ্মীক সাক্ষাতৰ পিছত নগাঁৱত উপস্থিত হৈ সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰে গৌৰৱ গগৈয়ে ।
দলীয় নেতা-কৰ্মীক সাক্ষাৎ গৌৰৱ গগৈৰ

উল্লেখ্য যে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰাৰ পাছতেই প্ৰথমে যোৰহাট লোকসভা সমষ্টিৰ লগতে উজনি অসমৰ দলীয় কৰ্মী, সমৰ্থকক সাক্ষাৎ কৰাৰ পাছত দ্বিতীয় কাৰ্যসূচী হিচাপে অসমত তৃতীয়টো দিনত নগাঁৱত উপস্থিত হয় গৌৰৱ গগৈ । দেওবাৰে নিশা কলিয়াবৰ তথা পূৰ্বৰ কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চামগুৰি, ৰূপহীহাটত দুপৰ নিশালৈকে দলীয় কৰ্মীৰ আদৰণি গ্ৰহণ কৰি পুৱতি নিশা প্ৰায় ৩ বজাত নগাঁৱৰ বৰঘাট বাইপাছত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতিগৰাকী । বাইপাছৰ এখন হোটেলত নিশা কটোৱাৰ পাছত পুৱাই নগাঁৱৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানলৈ ৰাওনা হয় সাংসদ গৌৰৱ গগৈ । নগাঁৱৰ পৰা বটদ্ৰৱা যাত্ৰাপথত সাংসদ গৌৰৱ গগৈক বৰঘাটতে উষ্ম আদৰণি জনায় দলীয় কৰ্মী তথা সমৰ্থকসকলে । বিশেষকৈ বৰঘাটত হোজাই, লামডিং, যমুনামুখৰ কংগ্ৰেছ কৰ্মী তথা সমৰ্থকসকলে তেওঁক আদৰণি জনায় । নগাঁৱৰ পৰা বটদ্ৰৱা থানলৈ যাত্ৰা কৰাৰ সময়তেই সংবাদ মাধ্যমৰ সন্মুখত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।
মণ্ডল পৰ্যায়ৰ নেতাই মোতকৈ বেছি কষ্ট কৰে: গৌৰৱ গগৈ
দেওবাৰে শিৱসাগৰৰ পৰা নগাঁও অভিমুখে যাত্ৰা পথত বিভিন্ন প্ৰান্তত দলীয় কৰ্মী, সমৰ্থক তথা ৰাইজৰ আদৰণি গ্ৰহণ কৰি বহু পলমকৈ নগাঁৱত উপস্থিত হোৱাৰ কথা উল্লেখ কৰি গৌৰৱ গগৈয়ে কয়, "বহু নিশালৈকে দলীয় কৰ্মীসকল অপেক্ষা কৰা দেখি মই অভিভূত হৈ পাৰিছোঁ । লগতে পলম হোৱা বাবে মই দুঃখিত ।"
সোমবাৰে সংবাদ মাধ্যমৰ সন্মুখত বিৰোধী ঐক্য গঠন সন্দৰ্ভতো প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতিগৰাকীয়ে কয়, "বিৰোধী ঐক্য গঠনৰ ক্ষেত্ৰত কেৱল কংগ্ৰেছক দোষ দিয়াটো মই নাভাবোঁ । কংগ্ৰেছ দলৰ বাবে মণ্ডল পৰ্যায়ৰ নেতাই মোতকৈ বেছি কষ্ট কৰে । সেয়ে তৃণমুল পৰ্যায়ৰ নেতা, কৰ্মীৰ সৈতে আলোচনা কৰিহে আগবাঢ়িব লাগিব । এনে প্ৰত্যেক গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত তৃণমুল কৰ্মীৰ ৰায় আৰু জ্যেষ্ঠসকলৰ সৈতে মত-বিনিময় প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰাকৈ সিদ্ধান্ত ৰাজহুৱা কৰাটো জটিল ।"
কংগ্ৰেছ দল এটা ভাল মিত্ৰ হ'বলৈ প্ৰথমে নিজৰ দলৰ শক্তি বৃদ্ধি কৰিব লাগিব বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে কয়, "পঞ্চায়ত নিৰ্বাচনৰ পাছত এতিয়া প্ৰত্যেক দলেই নিজৰ দলীয় কৰ্মীসকলৰ সৈতে আলোচনা কৰি অনাগত দিনত আমি কেনেকৈ সবল হ'ব পাৰো সকলোৱে এই পদক্ষেপ লোৱাটো উচিত ।"
সাম্প্ৰতিক সময়ৰ ৰাইজৰ বিষয়, সাংবাদিকৰ বাক স্বাধীনতা আৰু বৰ্তমান চৰকাৰৰ কেলেংকাৰীৰ লগতে নিজৰ দলক সবল কৰাৰ স্থিতি সন্দৰ্ভত একে সময়তে চিন্তা কৰিব লাগে বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বটদ্ৰৱা যাত্ৰাৰ সময়ত সাংসদ ৰকিবুল হুছেইন, বিধায়ক আছিফ মহম্মদ নাজাৰ, শিবামণি বৰা, কংগ্ৰেছ নেত্ৰী ৰ'জলিনা তিৰ্কী, নগাঁও জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াসহ প্ৰদেশ কংগ্ৰেছ আৰু জিলা কংগ্ৰেছৰ বহুকেইগৰাকী নেতাৰ উপৰিও দলীয় কৰ্মীসকলেও সংগ দিয়ে ।
লগতে পঢ়ক :কংগ্ৰেছৰ সভাত মানুহৰ হিচাপ কৰাতকৈ ক'ত বান হৈছে তাৰ খবৰ কৰক: গৌৰৱ গগৈ - GAURAV GOGOI SLAMS BJP

