তিনি বিধায়কসহ পাঁচ কংগ্ৰেছ নেতালৈ কাৰণ দৰ্শোৱাৰ জাননী : কোন কোন আছে তালিকাত ? - Assam Congress
Show cause notice to Congress leaders : দলবিৰোধী কাৰ্যকলাপৰ বাবে কংগ্ৰেছ দলৰ পাঁচগৰাকী নেতালৈ জাৰি কৰা হৈছে কাৰণ দৰ্শোৱাৰ জাননী । এই পাঁচগৰাকী নেতাৰ ভিতৰত তিনিগৰাকী বিধায়কো আছে ৷ লোকসভা নিৰ্বাচনৰ সময়ত দলবিৰোধী মন্তব্য কৰিছিল কংগ্ৰেছৰ এই পাঁচগৰাকী নেতাই ।

Published : September 14, 2024 at 8:22 PM IST
গুৱাহাটী, ১৪ ছেপ্টেম্বৰ : কঠোৰ প্ৰদেশ কংগ্ৰেছ । দলবিৰোধী কাৰ্যকলাপৰ বাবে দলৰ পাঁচগৰাকী নেতালৈ প্ৰদেশ কংগ্ৰেছে জাৰি কৰিছে কাৰণ দৰ্শোৱাৰ জাননী । লোকসভা নিৰ্বাচনত সংবাদ মাধ্যমৰ আগত দলবিৰোধী মন্তব্য কৰিছিল দলৰ পাঁচগৰাকী নেতাই ।
কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা পাঁচগৰাকী নেতাৰ ভিতৰত তিনিগৰাকী বিধায়কো আছে । তেওঁলোক হৈছে বিধায়ক আব্দুৰ ৰছিদ মণ্ডল, বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু বিধায়ক ভৰত নৰহ । আনহাতে প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ আৰু হাইলাকান্দি জিলা কংগ্ৰেছৰ সভাপতি ছামছুদ্দিন বৰলস্কৰলৈয়ো কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে । এই পাঁচগৰাকী নেতাই শ্ব'কজৰ উত্তৰ সাতদিনৰ ভিতৰত দিব লাগিব ।
এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ অনুশাসন কমিটীয়ে জনাই যে প্ৰদেশ কংগ্ৰেছ কমিটীয়ে প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি নৃপেন্দ্ৰ ঠাকুৰীয়াক অধ্যক্ষ, উপ-সভানেত্ৰী ববিতা শৰ্মাক সহঃঅধ্যক্ষ আৰু অধিবক্তা ছিৰাজুল হুছেইন শইকীয়াক সদস্য সচিব হিচাপে লৈ গঠন কৰি দিয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ অনুশাসন কমিটীৰ কেইবালানি বৈঠক অনুষ্ঠিত হৈ যায় । বৈঠকসমূহত কংগ্ৰেছ কমিটীৰ অধীনস্থ বিভিন্ন জিলা কংগ্ৰেছ সমিতি, ব্লক কংগ্ৰেছ কমিটী আৰু তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীসকলৰ পৰা বিগত লোকসভা নিৰ্বাচনৰ সময়ত বিভিন্ন দলীয় নেতা-কৰ্মীৰ দলবিৰোধী কাৰ্যকলাপ সম্পৰ্কে বিতং শুনানি গ্ৰহণ কৰিছিল । শুনানি কালত অনুশাসন কমিটীয়ে গোৱালপাৰা, কামৰূপ, হাইলাকান্দি, লখিমপুৰ, মাজুলী, তিনিচুকীয়া, বৰপেটা, কোকৰাঝাৰ, ধেমাজি, দক্ষিণ শালমাৰা, মানকাচৰ, হোজাই, নগাঁও, দৰং, ওদালগুৰি, ধুবুৰী আৰু বাক্সা জিলাৰ লগতে ইয়াৰ অন্তৰ্গত বিভিন্ন ব্লক আৰু মণ্ডল কংগ্ৰেছ কমিটী আৰু বিভিন্ন পদবীধাৰী ব্যক্তিৰ পৰা ৫৬ টাতকৈও অধিক দল বিৰোধী কাৰ্যকলাপ সম্পৰ্কে অভিযোগ লাভ কৰিছিল ।
অনুশাসন কমিটীয়ে প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ লগতো এই সন্দৰ্ভত কেইবালানি আলোচনাত বহিছিল । আলোচনাকালত তত্বাবধায়ক জীতেন্দ্ৰ সিং আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই অনুশাসন কমিটীক দলবিৰোধী কাৰ্যকলাপত জড়িত দলীয় নেতা-কৰ্মীৰ বিৰুদ্ধে দলীয় সংবিধান অনুসৰি এক সঠিক আৰু নিৰপেক্ষ প্ৰতিবেদন যুগুত কৰিবলৈ সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰে । অনুশাসন কমিটীয়ে গোৱালপাৰা, দক্ষিণ শালমাৰা মানকাচৰ আৰু কামৰূপ জিলাৰ বিভিন্ন অভিযোগ সম্পৰ্কে জিলাসমূহৰ বিভিন্ন স্থানত চৰজমিন তদন্ত কৰে ।
এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোৰ মূল লক্ষ্য আৰু উদ্দেশ্য আছিল বিগত লোকসভা নিৰ্বাচনৰ সময়ত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে দলবিৰোধী কাৰ্যকলাপত জড়িত থকা দলীয় কর্মীসকলক চিনাক্তকৰণ কৰা আৰু তেওঁলোকৰ বিৰুদ্ধে অনুশাসন ভংগৰ প্ৰতিবেদন প্ৰস্তুত কৰা । শুনানি কালত এইটো স্পষ্ট ৰূপে প্ৰতিফলিত হয় যে একাংশ গুৰুত্বপূৰ্ণ দলীয় পদবীধাৰী ব্যক্তিৰ সামাজিক মাধ্যম, বাতৰি কাকত আৰু বৈদ্যুতিন মাধ্যমত দলীয় নেতাৰ বিৰুদ্ধে প্ৰদান কৰা মন্তব্যই দলৰ ভাৱমূৰ্তি, নীতি-আদৰ্শৰ প্ৰতি সাধাৰণ মানুহৰ লগতে দলীয় কৰ্মীৰ মনত সংশয় আৰু উদ্বেগৰ সৃষ্টি কৰিছে । অনুশাসন কমিটীয়ে এক সুক্ষ্ম অনুশীলন আৰু তদন্তৰ অন্তত পাঁচগৰাকী নেতাৰ বিৰুদ্ধে দলীয় অনুশাসন ভংগ কৰাটো স্পষ্ট ৰূপত ধৰা পেলায় । যাৰ ফলস্বৰূপে বিধায়ক আব্দুৰ ৰছিদ মণ্ডল, বিধায়ক ৰেকিবুদ্দিন আহমেদ, বিধায়ক ভৰত চন্দ্ৰ নৰহ, প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ আৰু হাইলাকান্দি জিলা কংগ্ৰেছ কমিটীৰ সভাপতি ছামছুদ্দিন বৰলস্কৰলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে । জাননীত সাতদিনৰ ভিতৰত উত্তৰ দিয়াৰ নিৰ্দেশ দিয়া হৈছে ।
ইফালে প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাই দলীয় অনুশাসন ভংগ নকৰাৰ লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰাত পুনৰ দলত অন্তৰ্ভুক্ত কৰিব পাৰি বুলি অনুশাসন কমিটীয়ে মতামত প্ৰদান কৰি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ অনুমোদনৰ বাবে প্ৰতিবেদন প্ৰেৰণ কৰে । অতি কম সময়ৰ ভিতৰতে অনুশাসন কমিটীয়ে বিভিন্ন অভিযোগ সম্পৰ্কে এক বিতং প্ৰতিবেদন নিখিল ভাৰত কংগ্ৰেছ কমিটীলৈ প্ৰেৰণ কৰিব । অনুশাসন কমিটীয়ে এই কথা স্পষ্ট কৰি কয় যে স্বচ্ছতা আৰু অনুশাসন হৈছে শতিকা পুৰণি কংগ্ৰেছ দলৰ মৌলিক নীতি । যিয়ে দলটোৰ আভ্যন্তৰীণ সংহতি আৰু একতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷
লগতে পঢ়ক : কচুতলীৰ উচ্ছেদস্থলীত সংঘটিত হিংসাত্মক ঘটনাৰ আঁৰত কংগ্ৰেছ: ডাঃ ৰণোজ পেগু
মূল সমস্যাবোৰ ডাইভাৰ্ট কৰোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে ইচ্ছাকৃতভাৱে উচ্ছেদৰ বিৰ্তক আনিছে: ৰিপুণ বৰা
গৃহ বিভাগৰ দায়িত্ব মোক দিয়ক, এদিনতে ছিণ্ডিকেট-ট্ৰেডিঙৰ মূল ব্যক্তিক ধৰি দিম : গৌৰৱ গগৈয়ে

