বিধানসভাৰ পৰা পৰিষদীয় নিৰ্বাচনলৈ: বি টি চিত সাতগৰাকী বিধায়কৰ অগ্নিপৰীক্ষা, আছে আত্মসন্মানৰ কথা
বি টি চিৰ সমষ্টিকেইটাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বিধায়ক কেইগৰাকীৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱা সকলো একো একোজন হাইপ্রফাইল নেতা ।

Published : September 24, 2025 at 4:00 PM IST
গুৱাহাটী: সাধাৰণতে পৰিষদীয় ৰাজনীতিৰ পৰা ৰাজ্যৰ ৰাজনীতিলৈ আৰু তাৰ পাছত সংসদীয় ৰাজনীতিলৈ যোৱাৰ লক্ষ্য থাকে বেছিসংখ্যক জনপ্ৰতিনিধিৰে । কিন্তু শেহতীয়াকৈ অনুষ্ঠিত হোৱা বি টি চি নিৰ্বাচনত সাতগৰাকীকৈ বিধায়কে পৰিষদীয় নিৰ্বাচনত অৱতীৰ্ণ হোৱা দেখা গ'ল । ৰাজ্যৰ এই সাতগৰাকী বিধায়কে তেওঁলোকৰ ৰাজনৈতিক ভবিষ্যতৰ বাবে একপ্ৰকাৰ অগ্নিপৰীক্ষাত নামিছে । লক্ষণীয় বিষয় যে বি টি চিৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত অৱতীর্ণ হোৱা এই সাতগৰাকী বিধায়কে ২০২১ৰ বিধানসভা নিৰ্বাচনত ১.৭০ লাখৰ অধিক ভোটাৰ থকা একো একোটা বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল ।
কিন্তু বিধানসভা সমষ্টিসমূহৰ তুলনাত বি টি চিৰ পৰিষদীয় সমষ্টিসমূহ বহু পৰিমাণে সৰু আৰু ভোটাৰৰ সংখ্যাও বহু কম । তেনেস্থলত এই বিধায়ক প্ৰাৰ্থীসকলে বি টি চিৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো কেৱল অগ্নিপৰীক্ষাই নহয় তেওঁলোকৰ বাবে আত্মসন্মানৰ বিষয়ো হৈ পৰিছে । ইতিমধ্যে যোৱা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হৈ গৈছে বি টি চিৰ নিৰ্বাচন ।

বি টি চি নিৰ্বাচনত অৱতীৰ্ণ সাতগৰাকী বিধায়ক:
বি টি চিৰ নিৰ্বাচনত ইউ পি পি এলৰ পৰা কোকৰাঝাৰ পূব সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰীয়ে ছালাকাটি পৰিষদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে । সেইদৰে ইউ পি পি এলৰ পৰা দলটোৰ তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে দৰঙাজুলি পৰিষদীয় সমষ্টিৰ পৰা, ওদালগুৰিৰ বিধায়ক গোবিন্দ বসুমতাৰীয়ে ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিৰ পৰা, বৰমাৰ বিধায়ক ভূপেন বড়োৱে দিহিৰা পৰিষদীয় সমষ্টিৰ পৰা অৱতীৰ্ণ হৈছে ।
ইপালে বি পি এফৰ মাজবাটৰ বিধায়ক চৰন বড়োৱে ৰৌতা পৰিষদীয় সমষ্টিত আৰু কোকৰাঝাৰ পশ্চিম সমষ্টিৰ বিধায়ক ৰবিৰাম ব্ৰহ্মই কচুগাঁও পৰিষদীয় সমষ্টিৰ পৰা অৱতীৰ্ণ হৈছে । আনহাতে বিজেপিৰ বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ে থুৰিবাৰী পৰিষদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

উল্লেখ্য যে প্ৰায় চাৰে চাৰি বছৰ পূৰ্বে এই সাতগৰাকী বিধায়কে পৰিষদীয় সমষ্টিৰ তুলনাত একো একোটা বিশাল বিধানসভা সমষ্টিৰ পৰা ৰাইজৰ বিপুল সমর্থন লাভ কৰি জয়লাভ কৰিছিল । এতিয়া পৰিষদীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা এই কেইগৰাকী বিধায়কৰ সেই জনপ্ৰিয়তা একেই আছে নে নাই সেই কথা ২৬ ছেপ্টেম্বৰত জানিব পৰা যাব ।
অহা ২৬ ছেপ্টেম্বৰত বি টি চি নিৰ্বাচনৰ ভোট গণনা হ'ব আৰু ফলাফল ওলাব । দিছপুৰত বিজেপি, ইউ পি পি এল আৰু অগপৰ মাজত মিত্রতা থাকিলেও বি টি চিত ইউ পি পি এলে ৪০টা আৰু বিজেপিয়ে ৩০টা সমষ্টিত প্রার্থী থিয় কৰাইছে । অৰ্থাৎ দিছপুৰত মিত্ৰতা থাকিলেও বিজেপি আৰু ইউ পি পি এল পৰস্পৰে পৰস্পৰৰ প্ৰতিপক্ষ হৈ থিয় হৈছে ।
বিধায়কৰ বিপৰীতে আছে হাইপ্ৰফাইল প্ৰতিদ্বন্দ্বী:
বিধানসভা সমষ্টিৰ তুলনাত বহু পৰিমাণে কম ভোটাৰ থকা বি টি চিৰ সমষ্টিকেইটাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বিধায়ক কেইগৰাকীৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱা সকলো একো একোজন হাইপ্রফাইল নেতা । তেনেক্ষেত্ৰত বিধায়কসকলে তেওঁলোকৰ সন্মুখত থকা শক্তিশালী প্রতিদ্বন্দ্বী প্রতিপক্ষক পৰাভূত কৰি বি টি চিলৈ নিৰ্বাচিত হোৱাত সফল হ'বনে বিফল হ'ব সেই কথা অহা ২৬ চেপ্টেম্বৰত জানিব পৰা যাব ।
ইউ পি পি এলৰ বিধায়ক লৰেন্স ইছলাৰীৰ বাবে ছালাকাটিত বিজেপিকে ধৰি আন আন দলৰ প্ৰাৰ্থীসকলৰ উপৰি মূল প্রতিদ্বন্দ্বী হৈছে বি পি এফৰ জ্যেষ্ঠ নেতা দেৰহাছাৎ বসুমতাৰী । ইউ পি পি এলৰ আন এজন বিধায়ক জলেন দৈমাৰীয়ে দৰঙাজুলিত প্রাক্তন বিধায়ক বি পি এফৰ ইমানুৱেল মুছাহাৰীৰ বিৰুদ্ধে যুঁজ দিছে । সেইদৰে বৰ্তমানৰ উপ-মুখ্য কার্যবাহী সদস্য তথা বিধায়ক গোবিন্দ বসুমতাৰীৰ বিৰুদ্ধে আছে প্রাক্তন মন্ত্রী তথা বিধায়ক ৰিহণ দৈমাৰী ।
সেইদৰে ভূপেন বড়োৱে দিহিৰা সমষ্টিত বি পি এফৰ অগাষ্টুছ টিপ্পাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে । আনহাতে বি পি এফৰ বিধায়ত চৰন বড়োৱে ৰৌতাত ইউ পি পি এলৰ ডাঃ নিলোট স্বৰ্গীয়াৰী, বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে কচুগাঁৱত ইউ পি পি এলৰ উখিল মুছাহাৰীৰ লগত আৰু বিজেপিৰ বিধায়ক অজয় কুমাৰ ৰায়ে থুৰিবাৰীত বি পি এফৰ খলিলুৰ ৰহমান আৰু ইউ পি পি এলৰ ৰঞ্জু আহমেদৰ প্রতিদ্বন্দ্বী হিচাপে অৱতীৰ্ণ হৈছে ।

আত্মসন্মানৰ লগতে ২৬ৰ নিৰ্বাচনৰ কথা আছে:
উল্লেখ্য যে বি টি চিৰ নিৰ্বাচনত এইসকল বিধায়ক নির্বাচিত হ'লে দুতৰপীয়া শাসন ব্যৱস্থাত জনপ্রতিনিধিত্ব লাভ কৰিব । অর্থাৎ বিধানসভাৰ কাৰ্যকাল থকাৰ সময়লৈ তেওঁলোক বিধায়ক হৈও থাকিব আৰু বি টি চিত পৰিষদীয় সমষ্টিৰ প্রতিনিধি হৈও থাকিব । ওদালগুৰি সমষ্টিৰ ইউ পি পি এলৰ বিধায়ক গোবিন্দ বসুমতাৰী বিধানসভাৰ সদস্য হৈ থকাৰ সমান্তৰালকৈ বি টি চিৰ উপ-মুখ্য কাৰ্যবাহী সদস্যৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বত আছে ।
তেনেদৰে বৰ্তমানে বিধানসভাত প্রতিনিধিত্ব কৰি থকা বিধায়কসকলে বি টি চিৰ নিৰ্বাচনত জয়লাভ কৰিলে তেওঁলোকে সাধাৰণ সদস্য হৈ থকাৰ লগতে উপ-মুখ্য কার্যবাহী, কাৰ্যবাহী সদস্যৰ দৰে গুৰুত্বপূৰ্ণ পদতো অধিষ্ঠিত হোৱাৰ পথ প্ৰশস্ত হৈ থাকিব । অৱশ্যে পৰাজয় বৰণ কৰিলে আত্মসন্মানৰ লগতে আগন্তুক ২৬ৰ নিৰ্বাচনতো প্ৰভাৱ পৰিব ।
ইফালে বিধানসভাৰ সদস্য হৈ পৰিষদীয় নিৰ্বাচনত অৱতীৰ্ন হোৱাৰ প্ৰসংগত মাজবাটৰ বিধায়ক চৰন বড়োৱে কয়,"দল যিদৰে বিচাৰিব আমি সেইদৰে কাম কৰিম। ইয়াত অন্য কথা নাই । আমি ৰাইজৰ সেৱা কৰিবলৈ আহিছোঁ । সেৱা কৰাৰ বাবে পৰিসৰ ডাঙৰ সৰু বুলি কথা নাই । বিধানসভাৰ সদস্য হ'লেও পৰিষদীয় নিৰ্বাচনত প্ৰয়োজন হোৱা বাবে আমি যুঁজিবলৈ আহিছোঁ । নিজৰ স্বাৰ্থৰ বাবে ৰাজনীতিলৈ অহা নাই । হৰা-জিকাৰ ক্ষেত্রত ৰাইজে সিদ্ধান্ত দিব ।"
সেইদৰে কোকৰাঝাৰ পূব সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰীয়ে কয়,"আমি ৰাইজৰ বাবে কাম কৰিবলৈ আহিছোঁ । ৰাইজে বিচাৰিলে আমি পৰিষদীয় নিৰ্বাচনটো অৱতীৰ্ণ হ'ব লাগিব । সেইদৰে দলে বিচৰা ধৰণে আমি কাম কৰোঁ । ইয়াত বিধানসভা নাইবা পৰিষদীয় সমষ্টিৰ কথা নাই ।"

