পাহাৰ 'গৌৰৱময়' ! খেনো সপক্ষে খেনো বিপক্ষে, ৰাজনীতিৰ ৰহন চৰিছে কাৰ্বি পাহাৰত
দুটা দিনৰ বাবে কাৰ্বি আংলঙলৈ গৈ যেন পাহাৰীয়া জিলাখনত জুই একুৰাহে জ্বলাই থৈ আহিল গৌৰৱ গগৈয়ে !

Published : July 11, 2025 at 9:41 AM IST
ডিফু: গৌৰৱ গগৈৰ শেহতীয়া দুদিনৰ কাৰ্বি আংলং ভ্ৰমণে উত্তাল কৰি তুলিছে জিলাখনৰ পৰিৱেশ । এফালে যদি গৌৰৱ গগৈৰ সমৰ্থনত একাংশ, আনফালে আকৌ গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী আন একাংশৰ । অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে তুলিৰাম ৰংহাঙৰ পুত্ৰৰ নিৰ্মীয়মাণ বাসগৃহৰ সন্মুখৰ পৰা কৰা ফেচবুক লাইভে যেন জ্বলা জুইত ঘিউহে ঢালিলে ।
ইয়াৰ মাজতে বৃহস্পতিবাৰে গৌৰৱ গগৈৰ বিৰুদ্ধে আৰু গৌৰৱ গগৈক সমৰ্থন কৰি সংবাদমেল সম্বোধন কৰে দুটাকৈ দলে । য'ত এফালে চলিল গৌৰৱ গগৈক সমালোচনা, আনফালে তুলিৰাম ৰংহাং আৰু বিজেপিক তুলা-ধুনা ।
গৌৰৱ গগৈৰ বিৰুদ্ধে ২৬ জনজাতীয় সংগঠনৰ উমৈহতীয়া ঐক্য মঞ্চ এইছ পি চি এফ:
বৃহস্পতিবাৰে ডিফুত হিলছ পিপুলছ কালচাৰেল ফ'ৰাম চমুকৈ এইছ পি চি এফে সম্বোধন কৰে এক সংবাদমেল ৷ গগৈৰ শেহতীয়া এক মন্তব্যক লৈ সৰৱ হৈ পৰে সংগঠনটোৰ নেতাসকল । কাৰ্বি আংলঙত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে 'কোনোবাই তেল মালিছ' কৰিছে বুলি সংবাদ মাধ্যমত উল্লেখ কৰা এক মন্তব্যৰ পিছতে ডিফুত এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ মানসিকতা ঠিক কৰিবলৈ আহ্বান জনাই ২৬ টাকৈ জনজাতীয় সংগঠনৰ উমৈহতীয়া ঐক্য মঞ্চ এইছ পি চি এফে ।
সংবাদমেল সম্বোধন কৰি এগৰাকী নেতাই কয়, "আমাৰ মূল উদ্দেশ্যটো হ'ল শান্তি বৰ্তাই ৰখা আৰু উন্নয়ন । এতিয়া নিৰ্বাচন চমু চাপি আহিছে, শেহতীয়াকৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কাৰ্বি আংলং ভ্ৰমণ কৰিছিল । আমি প্ৰথমতে ভাবিছিলোঁ ভাল হ'ব, কিবা এটা বাৰ্তা দিব । কিন্তু আমি যেনেকুৱাকৈ ভাবিছিলোঁ তেনেকুৱা ওলোৱা নাই মানুহজন ।"
তেওঁ লগতে কয়, "তেওঁ আহি ইয়াত কাৰ্বি আংলঙৰ ৰাইজক উচটনি দিয়াৰ নিচিনা কথা কৈছে আৰু তেওঁ যি মন্তব্য দিছে সেয়া লাজৰ কথা । তেওঁ ইয়ালৈ কাৰ্বি আংলঙৰ ৰাইজৰ ভালৰ বাবে অহা নাই যেন আমি অনুভৱ কৰিছোঁ । আমি ইয়াত অশান্তি সৃষ্টি হোৱা যেন আমি পাইছোঁ ।"
জনজাতীয় সমাজক পিছপৰা সমাজ বুলি আখ্যা নিদিবলৈ গৌৰৱ গগৈক আহ্বান জনাই সংবাদমেলখনত । অন্যথা তেওঁৰ বিৰুদ্ধে জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলিও সংগঠনটোৱে হুংকাৰ দিয়ে । উক্ত সংবাদমেলত বাঙালী সমাজ, গোৰ্খা সমাজ, কুকি সমাজ, ভোজপুৰী সমাজ, অসমীয়া সমাজ আৰু গাৰোৰ উপৰি আন বহুতো জাতি-জনগোষ্ঠীৰ নেতৃত্ব উপস্থিত থাকে ।
তুলিৰামৰ দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ আই পি পি:
ইপিনে এই বিতৰ্কত বৃহস্পতিবাৰে নতুনকৈ প্ৰবেশ কৰে ইণ্ডিজিনিয়াছ পিপ'লছ পাৰ্টী (আই পি পি) নামৰ দলটো ৷ দলটোৰ সভাপতি ৰাজেন তিমুঙে গৌৰৱ গগৈ বৰজানৰ প্ৰস্তাবিত সৌৰশক্তি প্ৰকল্পস্থলীলৈ যোৱাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰে ৷
বিজেপি দলে গৌৰৱ গগৈৰ বিৰোধিতা কৰা সন্দৰ্ভত তেওঁ কয়, "গৌৰৱ গগৈ কাৰ্বি আংলঙলৈ অহাৰ লগে লগে বিজেপিৰ ভিতৰচ'ৰাত জ্বালামুখীতকৈও ডাঙৰ বিস্ফোৰণ হৈছে ৷ বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বেছিকৈ ভয় খাইছে ৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও ভয় খাইছে । কাৰণ তুলিৰাম ফচিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও ফচিব ৷" তেওঁ কয় যে গৌৰৱ গগৈৰ বিৰুদ্ধে ৭ জুলাইত ডিফুত মহিলা বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচী মুখ্যমন্ত্ৰীয়েই কৰাইছিল ৷
তিমুঙে লগতে কয়, "গৌৰৱ গগৈ ৰাজ্যৰ চুকে-কোণে সোমোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে ভয় খাইছে ৷ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং জেললৈ যাব বুলি মুখ্যমন্ত্ৰীয়ে ভয় খাইছে ৷ ৭ জুলাইত আত্মসহায়ক গোটসমূহৰ মহিলাসকলক গছপুলি ৰোপণৰ বাবদ পাবলগীয়া ১০ হাজাৰকৈ টকা দিব বুলি প্ৰতিবাদী সভালৈ মহিলাসকলক আনিছিল । সেয়ে ঘোৰ বিজেপিৰ বাহিৰে আন মহিলাসকলে গৌৰব গগৈ গ’ বেক কোৱা নাই আৰু হাতো দঙা নাছিল ৷" গুৱাহাটীৰ পৰা মুখ্যমন্ত্ৰীয়ে পঠোৱা গাড়ীত অহা আত্মসহায়ক গোটৰ মহিলাসকলে সভাৰ শেষত তেওঁলোকক লৈ অনাসকলক গালি পৰা বুলিও কয় ৰাজেন তিমুঙে ৷
তুলিৰাম ৰংহাঙক সমালোচনা কৰি সভাপতিগৰাকীয়ে কয়, "প্ৰতিবাদকাৰীসকলে আৰু মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ঘৰ বনাব নোৱাৰে নেকি বুলি প্ৰশ্ন কৰিছে ৷ ঘৰ নিৰ্মাণ কৰিব পাৰিব কিন্তু সেয়া দুৰ্নীতিৰ টকাৰে নহয় ৷ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সকলো কাম নিজৰ ল’ৰা আৰু পত্নীৰ নামত কৰে ৷ এইটো এটা ডাঙৰ অপৰাধ । ৰংহাঙে এতিয়া চৰকাৰী টকাৰে নিজৰ নামত মেঘালয় সীমান্তত ৰঙা চন্দন গছ ৰোপণ কৰিছে । সৰু সৰু ঠিকাদাৰসকলক বছৰ বছৰ ধৰি ঠিকাৰ টকা নিদি নিজৰ পুত্ৰৰ নামত সকলো টকা আত্মসাৎ কৰি ক্ৰাইম কৰিছে ৷"

