বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভালৈ নাহিল সৰ্বানন্দ সোণোৱাল - STATE BJPS EXTENDED EXECUTIVE
State BJP executive meeting : দেওবাৰে শংকৰদেৱ কলাক্ষেত্রৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে ৰাজ্যিক বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা । এই সভাত অংশগ্ৰহণ কৰে বিদ্ৰোহী নেতা ৰাজেন গোঁহাইৰ লগতে মৃণাল শইকীয়াই ।

Published : August 4, 2024 at 3:13 PM IST
|Updated : August 4, 2024 at 3:39 PM IST
গুৱাহাটী,৪ আগষ্ট: বিজেপিৰ একাংশ নেতা-কর্মীয়ে বিদ্রোহ অব্যাহত ৰাখি বিশেষকৈ উজনি অসমত সভা অনুষ্ঠিত কৰি থকাৰ মাজতেই দেওবাৰে অনুষ্ঠিত হৈছে বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা । পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰখাৰ লগতে বিজেপিৰ একাংশ নেতা কৰ্মীৰ বিদ্ৰোহ ৰোধিবলৈ ৰাজ্যিক বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে । গুৱাহাটীৰ কলাক্ষেত্ৰত পুৱা ৯.৩০ পৰা অনুষ্ঠিত এই সভাখনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্রীয় মন্ত্ৰী,ৰাষ্ট্ৰীয় নেতা,দলৰ ৰাজ্য়িক সভাপতি ভৱেশ কলিতা আদিয়ে অংশগ্ৰহণ কৰিছে ।
উল্লেখ্য যে এই বৰ্ধিত কার্যনির্বাহক সভাত কেন্দ্রীয় ৰাজ্যিক মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটা, বিজেপিৰ নৱনিযুক্ত প্ৰভাৰী হৰিশ দ্বিবেদী উপস্থিত থকাৰ উপৰি সাংসদ, মন্ত্ৰী, বিধায়কৰ লগতে বিদ্ৰোহী নেতা ৰাজেন গোঁহাইৰ লগতে মৃণাল শইকীয়াই অংশগ্ৰহণ কৰিছে । এই সভাত ১৩৫০ তকৈ অধিক দলীয় নেতা-কৰ্মী উপস্থিত থাকে যদিও কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণৰ পৰা বিৰত থাকে ।
আমাৰ সকলোৰে সৈতে সু-সম্পৰ্ক আছে: পৱিত্ৰ মাৰ্ঘেৰিটা
বিগত কিছুদিন ধৰি দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি থকাৰ মাজতেই আজি বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত উপস্থিত হয় জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই, মৃণাল শইকীয়া আদি । তেওঁলোকৰ উপস্থিত সন্দৰ্ভত কেন্দ্রীয় ৰাজ্যিক মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাই কয়, "সংবাদ মাধ্যমত বিৰোধীয়ে বিভিন্ন খবৰ প্ৰকাশ কৰাৰ পাছতো আজিৰ সভাত জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই, মৃণাল শইকীয়াকে আদি কৰি সকলো আহিছে, আমাৰ সকলোৰে সৈতে সু সম্পৰ্ক ।" ইপিনে,কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত নথকা সন্দৰ্ভত কেন্দ্রীয় ৰাজ্যিক মন্ত্রীগৰাকীয়ে কয়,"কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল অনুপস্থিত থকাটো তেওঁৰ অন্য অনুষ্ঠান থকাৰ বাবেহে হৈছে, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুও উপস্থিত থাকিব পৰা নাই ।"
ইপিনে, কংগ্ৰেছ নতা নুৰুল হুদাৰ পুত্ৰৰ বিৰুদ্ধে তেল চুৰিত জড়িত থকাৰ প্ৰসংগ তেওঁ কয়," কংগ্ৰেছৰ দিনত আনুষ্ঠানিকভাৱে তেল চুৰি হৈছিল । আইনে প্ৰমাণ নকৰালৈকে কোনো ব্যক্তিৰ ওপৰত মন্তব্য ৰখাটো অনুচিত । এজন ব্যক্তিয়ে তেল চুৰ কৰিছে মানেই গোটেই দলটোকেই দোষী সাব্যস্ত কৰিব নোৱাৰি । অৱশ্য়ে তেল চুৰি কংগ্ৰেছৰ গ্লেমাৰ আছিল ।"
লাভলীনা বৰগোঁহাই সন্দৰ্ভত তেওঁ কয়," অভিনন্দন জনাইছো । ভগৱান আৰু আদিপুৰুষৰ শ্ৰীচৰণত ব্যক্তিগতভাৱে প্ৰাৰ্থনা জনাইছোঁ যাতে লাভলীনাৰ ভাল হয় ।"
মিডিয়াৰ আগত কথা ক'বলৈ এৰিলে ৰাজেন গোহাঁইয়ে
বিদ্ৰোহী নেতা ৰাজেন গোঁহাইয়ে বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰিবলৈ অহাৰ সময়ত সংবাদ মাধ্য়মৰ আগত কয়," সংবাদ মাধ্য়মৰ আগত কথা ক'বলৈ এৰিছোঁ । মই কোনো কথাই নকও । মোৰ মুখ খোলাব নোৱাৰে আপোনালোকে । "
মই বিজেপিতেই থাকিম : মৃণাল শইকীয়া
বিগত কিছুদিন ধৰি বিতৰ্কৰ মাজত থকা বিধায়ক মৃণাল শইকীয়াই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰিবলৈ অহা প্ৰসংগত কয়, "বৰ্ধিত কাৰ্যনিৰ্বাহ সভাত উপস্থিত থাকি ভাল লাগিছে । ন-পুৰণি সতীৰ্থ সকলক লগ পাইছো । সুখ-দুখৰ কথা পাতিছো ।" আনহাতে, মৃণাল শইকীয়াৰ পুত্ৰই ৰাজনীতিৰ পথাৰত প্ৰৱেশ কৰিব নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়," অভিজ্ঞ হৈছে কি সিদ্ধান্ত লয় তেওঁৰ কথা । মই বিজেপিতেই থাকিম ।"

