ETV Bharat / politics

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আন্দোলন ৰাজীৱ ভৱনলৈ বিস্তাৰিত হওক: মুখ্যমন্ত্রী - Himanta Biswa Sarma

Himanta Biswa Sarma : দুই-এজন আমাৰ বন্ধু কংগ্ৰেছ দলত যোগদান কৰিছে, মই ভাল পাইছো ৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আন্দোলন ৰাজীৱ ভৱনলৈ বিস্তাৰিত হওক তাক মই নিশ্চয়কৈ কামনা কৰিছো - এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

HIMANTA BISWA SARMA
ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 4, 2024 at 10:54 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী, 4 আগষ্ট : বিজেপি এৰি কংগ্ৰেছলৈ গ'লে বেয়া নাপায় মুখ্যমন্ত্ৰীয়ে ৷ আনকি বিজেপিৰ পৰা CPI M, AIUDFলৈও বিজেপিৰ কার্যকর্তা যোৱাটো বিচাৰে মুখ্যমন্ত্ৰীয়ে ৷ কলাক্ষেত্ৰত দেওবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, "দুই-এজন আমাৰ বন্ধু কংগ্ৰেছ দলত যোগদান কৰিছে, মই ভাল পাইছো ৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আন্দোলন ৰাজীৱ ভৱনলৈ বিস্তাৰিত হওক তাক মই নিশ্চয়কৈ কামনা কৰিছো ৷ আমাৰ কামেই হৈছে সমাজৰ প্ৰতিটো স্তৰতে বিস্তাৰ কৰা ৷"

বিজেপি এৰি কংগ্ৰেছলৈ গ'লে বেয়া নাপায় বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয়, "আমাৰ সংঘৰ স্বয়ং সেৱক এজনে যদি কাইলৈ ৰাজীৱ ভৱনত গৈ সিংহৰ দৰে আৰ্তনাদ কৰিব পাৰে আমাতকৈ সুখী কোনো হ’ব নোৱাৰে ৷ কাৰণ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ লক্ষ্য বিজেপি নিৰ্মাণ কৰা নহয় ৷ ইয়াৰ লক্ষ্য সমাজ-ৰাষ্ট্ৰ নিৰ্মাণ কৰা ৷ ৰাজীৱ ভৱনলৈ যিমানেই হিন্দুক বিশ্বাস কৰা ব্যক্তি যায় সিমানেই আমাৰ বাবে বিজয় বুলি আমি অনুভৱ কৰিব লাগিব ৷" মুখ্যমন্ত্ৰী ড৹ শৰ্মাই আৰু কয়, " কংগ্ৰেছত থাকি খিলঞ্জীয়া লোকৰ হৈ কাম কৰাৰ যদি সুযোগ পালোহেঁতেন তেন্তে কেতিয়াও কংগ্ৰেছৰ পৰা ওলাই নাহিলোহেঁতেন ৷ তেওঁলোকে যদি ৰাজীৱ ভৱনত গৈ যদি অসমৰ হিন্দুৰ বাবে, খিলঞ্জীয়া লোকৰ বাবে কাম কৰাৰ পৰিৱেশ নিৰ্মাণ কৰে তেন্তে তেওঁলোক আমাৰ বাবে আদৰ্শ, প্ৰেৰণা হৈ ৰ’ব ৷ দুই এজন চি পি এমকো আৰ এছ এছ কৰি দিব লাগে ৷ পাৰিলে দুই এজন এ আই ইউ ডি এফো যাব লাগে আৰু গৰু খোৱা বন্ধ কৰিব লাগে ৷"

আনহাতে ৰাজ্যিক কার্যনিৰ্বাহকত কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপ লয় মুখ্যমন্ত্ৰীয়ে ৷ কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈ তেওঁ কয়,'পগলা কুকুৰক জোকাই নল'ব ৷ যিমানে জোকাব তাতকৈ বেছিকৈ জোকাৰি যাম ৷ আপোনালোকৰ ইতিহাস তুষ্টিকৰণৰ ইতিহাস ৷ এক লাখ নিযুক্তত নিকা নিযুক্তি হৈছে আৰু খিলঞ্জীয়াই চাকৰি পাইছে ৷ কংগ্ৰেছৰ দিনত তুষ্টিকৰণত নিযুক্তি হৈছিল ৷ কংগ্ৰেছৰ দিনত অসম পুলিচত 30 শতাংশ বিশেষ সম্প্ৰদায়ৰ লোকক কনিষ্টবলত নিযুক্তি দিয়া হৈছিল ৷ সেই ইতিহাস আমি পৰিৱৰ্তন কৰিছো ৷"

লোকসভা নিৰ্বাচনৰ আসন লাভক লৈয়ো কংগ্ৰেছক সমালোচনা কৰে মুখ্যমন্ত্ৰীয়ে ৷ কংগ্ৰেছে তিনিখন আসন জিকি এভাৰেষ্ট জয় কৰা যেন অনুভৱ কৰিছে ৷ কংগ্ৰেছে 14 খন আসনৰ 3 খন আসন লাভ কৰিয়ে সন্তুষ্ট ৷ তেওঁলোকে এবাৰো অনুভৱ কৰা নাই 5 খনৰ পৰা যে 2 খন হ্ৰাস পালে ৷ স্বাধীনতাৰ সময়ৰ পৰা জৱাহৰলাল নেহৰু আৰু মনমোহন সিঙলৈকে চৰাইদেউ মৈদামক স্বীকৃতি দিব নোৱাৰিলে বুলিও কংগ্ৰেছক সমালোচনা কৰে তেওঁ ৷ তেওঁ লগতে কয় যে, প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত অসমে ছেমি কণ্ডাক্টৰৰ দৰে উদ্যোগ পালে ৷ বিজেপি চৰকাৰে যি কাম কৰিবলৈ সক্ষম হৈছে পূৰ্ব কোনো চৰকাৰে তাৰ কাষেৰে যাবলৈয়ো সক্ষম নহয় বুলি মন্তব্য কৰে তেওঁ ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰী ড৹ শৰ্মাই জনালে কেবাখনো নতুন আইনৰ বিষয়ে : কি কি ? - Assam Land Sale Policy