Bihar Election Results 2025

ETV Bharat / politics

ভৱেশ কলিতাৰ সৈতে উঠা ফটোৰ আঁৰৰ কথা কি ! নিজ মুখে ক’লে কংগ্ৰেছ নেত্ৰী ৰ'জলীনা তিৰ্কীয়ে - Lok sabha Election 2024

Lok Sabha Election 2024: ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সৈতে সামাজিক মাধ্যমত ভাইৰেল হোৱা ফটো সন্দৰ্ভত স্পষ্টীকৰণ কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীৰ ৷ শাসকীয় বিজেপিক কটাক্ষ তিৰ্কীৰ ৷

Lok sabha Election 2024
ক’ত, কেতিয়া ভৱেশ কলিতাক লগ পাইছিল নিজ মুখে ক’লে কংগ্ৰেছ নেত্ৰী ৰ'জলীনা তিৰ্কীয়ে
author img

By ETV Bharat Assamese Team

Published : April 2, 2024 at 8:58 AM IST

2 Min Read
Choose ETV Bharat
ক’ত, কেতিয়া ভৱেশ কলিতাক লগ পাইছিল নিজ মুখে ক’লে কংগ্ৰেছ নেত্ৰী ৰ'জলীনা তিৰ্কীয়ে

হোজাই, 2 এপ্ৰিল: "যিজনে উলিয়াইছে তেওঁ কাজিৰঙা লোকসভা সমষ্টিত কংগ্ৰেছৰ বতাহ দেখি প্ৰচাৰ চলাইছে । যিখন ফটো দেখুৱাইছে সেইখন মই সৰুপথাৰৰ বিধায়িকা হৈ থাকোতে, অসম সীমান্তত চাইন্সৰ কলেজ মই আৰম্ভ কৰিছিলো । সেই সময়ত ভৱেশ কলিতা বিভাগীয় মন্ত্রী আছিল । তেতিয়া তেওঁ আহিছিল ৷ সেই সময়ৰ ফটো হব লাগে " নিৰ্বাচনৰ গৰম বতাহৰ মাজত কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সৈতে সামাজিক মাধ্যমত ভাইৰেল হোৱা ফটো সন্দৰ্ভত নিজ মুখে স্পষ্টীকৰণ দিলে তিৰ্কীয়ে ।

সোমবাৰৰ নিশা হোজাই জিলাৰ লংকা পৌৰ ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীয়ে দলীয় সদস্যৰ সৈতে নিৰ্বাচন কেন্দ্রিক আলোচনাত মিলিত হয় । লংকাত উপস্থিত হৈ কংগ্ৰেছ দলৰ হোজাই জিলা সভাপতিকে ধৰি একাংশ সতীৰ্থৰ লগত নিৰ্বাচন কেন্দ্রীক আলোচনাত মিলিত হয় কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী । উক্ত আলোচনা সভাতেই কেইবাজনো সদস্যই নতুনকৈ যোগদান কৰে কংগ্ৰেছ দলত ।

সভাৰ অন্ততঃ কংগ্ৰেছৰ কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীয়ে কয়, "আজি দিনজোৰা কাৰ্যসূচীৰে লামডিং বিধানসভা সমষ্টিলৈ আহিছিলো আৰু দলীয় সতীৰ্থকে ধৰি ৰাইজক লগ পাইছো ৷ সকলোৱে সহাঁৰি জনাইছে । বিজেপিয়ে কাজিৰঙা লোকসভা সমষ্টিত চাহ জনজাতিৰ প্ৰাৰ্থী নাপালে নেকি ? এতিয়া বাহিৰৰ পৰা ৰাজ্যসভাৰ এজন সাংসদক আনিব লগা হৈছে ৷ কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ হৈ অমিত শ্বাহে হোজাইত নিৰ্বাচনী প্ৰচাৰ চলালেও কিবা প্ৰভাৱ পৰিব বুলি নাভাবো ।"

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ শূণ্য হৈ যাব বুলি দাবী কৰি অহা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰ'জলীনা তিৰ্কীয়ে কংগ্ৰেছ জীৱিত আছে বুলি মুখ্যমন্ত্ৰীক কটাক্ষ কৰে ৷

লগতে পঢ়ক: ৰ'জলীনা তিৰ্কীৰ ফটো ভাইৰেল ছ'চিয়েল মিডিয়াত ! - Lok Sabha Election 2024