ETV Bharat / politics

মুখ্যমন্ত্রীয়ে লোৱা কিছুমান সিদ্ধান্তত হয়তো সকলো মন্ত্রীৰে আস্থা নাথাকে: বিৰোধী দলপতি - MOBILE PHONE BAN IN CABINET MEETING

এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত ভাগ লৈ থকাৰ সময়ত কোনো মন্ত্ৰীয়ে মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব ৷ এই সন্দৰ্ভত বিৰোধী দলপতিৰ প্ৰতিক্ৰিয়া ৷

MOBILE PHONE BAN IN CABINET MEETING
বিৰোধী দলপতি দেৱব্ৰত শইকীয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 14, 2024 at 9:05 PM IST

3 Min Read

গুৱাহাটী: অসম চৰকাৰৰ কেবিনেট বৈঠকত মন্ত্ৰীসকলৰ মোবাইল ফোন লৈ যোৱাটো নিষিদ্ধ কৰা হৈছে । আনহাতে নতুনকৈ মন্ত্ৰিত্ব লাভ কৰা মন্ত্ৰীসকলে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ নোহোৱাকৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিব । এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।

শনিবাৰে সংবাদ মাধ্যমৰ আগত দুয়োটা বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয়, "মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নিজৰ বিশ্বস্তসকলক তেওঁৰ কেবিনেটত অন্তৰ্ভুক্ত কৰে আৰু তেওঁলোকৰ যোগেদি কাৰ্য পৰিচালনা কৰে ।

বিৰোধী দলপতি দেৱব্ৰত শইকীয়া (ETV Bharat Assam)

সেই গতিকে যিজন মুখ্যমন্ত্রীৰ আস্থাভাজন নহয় তেওঁ কেতিয়াও মন্ত্রী হ'ব নোৱাৰে আৰু এইটোৱেই হ'ল নিয়ম । কিন্তু শেহতীয়া ঘটনাৰ পৰা এনেকুৱা এটা ধাৰণা হয় যেন মুখ্যমন্ত্রীৰ ওপৰত বহুতৰে অনাস্থা আহিছে নেকি ! মুখ্যমন্ত্রীৰ কাম-কাজক লৈ কাৰোবাৰ কিজানি মতানৈক্য ঘটে ।"

তেওঁ লগতে কয়, "মুখ্যমন্ত্রীয়ে আমাৰ বিষয়ে কৈ থাকে যে কংগ্ৰেছ বিধায়িনী দলত কি হৈছে কোনোবাই ৰেকৰ্ডিং কৰি তেওঁক শুনাই থাকে । ঠিক তেনেকৈ এতিয়া বিজেপি দলত কিবা বিসম্বাদ হৈ তেওঁলোকৰ হাইকমাণ্ডক কেবিনেটত কি আলোচনা হয় সেইবিলাক কোনোবাই শুনাই থাকে নেকি মোৰ সন্দেহ হয় । কাৰণ যোৱা সময়ছোৱাত চৰকাৰখনে ৰাইজৰ বাবে কাম কৰিম বুলি কৈ যিমানখিনি অন্যায়মূলক কাম কৰিছে এইবিলাকে নিশ্চিতভাৱে বিজেপিত থকা সকলোকে সন্তুষ্ট কৰা নাই । মই এই কথা দৃঢ়ভাৱে ক'ব পাৰো । এটা সময়ত বিজেপিয়ে এন আৰ চি নতুনকৈ হ'ব বুলি কৈ আছিল আৰু এতিয়া চাউলৰ কাৰ্ড ল'বলৈ হ'লে এন আৰ চিত নাম থাকিব লাগিব বুলি কৈছে । অৰ্থাৎ তেওঁলোকে এন আৰ চিখন গ্ৰহণ কৰিলে ।"

বিৰোধী দলপতিগৰাকীয়ে আৰু কয়, "যোৱা বিধানসভাত আমি গিবন অভয়াৰণ্যত তেলৰ অম্বেষণ হ'ব নালাগে বুলি কৈছিলো । কালি এখন দুখজনক ফটো আহিছে । পুঁজিপতিৰ স্বাৰ্থত বা নিজৰ সুবিধাৰ বাবে মুখ্যমন্ত্রীয়ে লোৱা এনেকুৱা কিছুমান সিদ্ধান্তত হয়তো সকলো মন্ত্রীৰে আস্থা নাথাকে । এইবিলাক কথা বাহিৰত ওলাই যাব তথা ৰেকৰ্ডিং হৈ যাব পাৰে বুলি ভাবি কেবিনেটত মোবাইল নিষিদ্ধ কৰা হৈছে বুলি মোৰ ধাৰণা হৈছে ।"

আনহাতে, নতুনকৈ চাৰিগৰাকী মন্ত্রীক মন্ত্রীসভাত অন্তৰ্ভুক্ত কৰি দায়িত্ব দিয়াৰ পিছত মুখ্যমন্ত্রীক সুধিহে কাম কৰাৰ বাবে দিয়া নিৰ্দেশ সন্দৰ্ভতো দেৱব্ৰত শইকীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰে । এই সন্দৰ্ভত তেওঁ কয়, "নিৰ্দেশনা অনুসৰি তেওঁলোকে কামবোৰ পৰিদৰ্শন কৰিবলৈ যাব পাৰিব । আচলতে সেইখিনি কাম বিভাগৰ বিষয়াই কৰিব পাৰে । এজন মন্ত্রীয়ে সেই কাম কৰাৰ প্ৰয়োজন নাই । কাম কৰিবলৈ নহয় যেন মন্ত্রী হোৱাৰ আশা পূৰণৰ বাবেহে কাৰোবাক কাৰোবাক মন্ত্রিত্ব দিয়া হ'ল যেন ধাৰণা হয় ।"

লগতে পঢ়ক: কেবিনেট বৈঠকত মন্ত্ৰীয়ে নিব নোৱাৰিব মোবাইল: গোপনীয় জাননী জাৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.