ETV Bharat / politics

ত্যাগ কৰিম যদিও একেবাৰে কাপোৰ-কানি খুলিও দিব নোৱাৰো: অখিল গগৈ

বিৰোধীৰ মিত্ৰতা আৰু আসন ভাগ-বাটোৱাৰা সন্দৰ্ভত স্থিতি স্পষ্ট কৰিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ।

Akhil Gogoi on Oppositions Unity
বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত অখিল গগৈৰ স্থিতি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 2, 2025 at 8:05 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: বিৰোধী শক্তিক ঐক্যবদ্ধ কৰাৰ প্ৰচেষ্টাৰে শনিবাৰে সোণাপুৰৰ আতিথ্য ৰিৰ্জ'টত অনুষ্ঠিত বৈঠক উত্তপ্ত হোৱাৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । দেওবাৰে সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কয়, "কালিৰ বৈঠক আগৰ দৰে সাধাৰণভাৱেই হৈছে । আগৰ দৰেই যুক্তি-তৰ্ক হৈছিল । কেৱল প্ৰদ্যুৎ বৰদলৈয়ে অলপমান খং এটা কৰিলে । তেওঁ খং কৰিয়ে ওলাই গৈছে বুলি আমি নাভাবো । প্ৰদেশ কংগ্ৰেছৰ সভাপতি শেষলৈকে আছে । কালিৰ বৈঠকত সিদ্ধান্ত হৈছে যে ২০২৬ৰ নিৰ্বাচনত আমি একেলগে অংশগ্ৰহণ কৰিম । ঐক্যবদ্ধভাৱে বিজেপিক পৰাভূত কৰিম । সাম্প্ৰদায়িক বিজেপিক পৰাভূত কৰিব নোৱাৰিলে অসমীয়াৰ ভৱিষ্যৎ নাই । ঐক্য মঞ্চৰ পৰা কংগ্ৰেছ আঁতৰি গৈছিল যদিও পুনৰ একলগ হোৱাৰ সিদ্ধান্ত হৈছে ।"

ভূপেন বৰাৰ 'একলা চলো' পোষ্টৰ প্ৰতিক্ৰিয়া

বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত অখিল গগৈৰ স্থিতি (ETV Bharat)

আনহাতে ভূপেন বৰাই সামাজিক মাধ্যমত দিয়া 'একলা চলো' পোষ্টৰ প্ৰসংগত তেওঁ কয়, "মই নাজানো সেই বাক্যটো তেওঁ কিহক লৈ দিছে । মই দেখাও নাই । কালি একেলগে সিদ্ধান্ত হোৱাৰ পাছত মই নাভাবো যে নিশা কিবা হৈছে । ভূপেন বৰাই বিৰোধী ঐক্য মঞ্চক লৈ দিছে বুলি মই নাভাবো । একতা নথকাৰ কোনো প্ৰশ্ন নাই । আমি ২০২৬ত বিৰোধীয়ে বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিম । বৈঠকত সেই সিদ্ধান্ত হৈছে ।"

বিৰোধীৰ আসন ভাগ-বাটোৱাৰ

ৰাইজৰ দলে প্ৰতিটো নিৰ্বাচনতে ত্যাগ কৰিছে বুলি মন্তব্য কৰি তেওঁ কয়, "এইবাৰ কিমান বিচাৰিম সেই সন্দৰ্ভত দলৰ ভিতৰত আলোচনা চলি আছে । আমি জয়ী হ'ব পৰা সমষ্টিসমূহৰ ক্ষেত্রত কাম-কাজ চলি আছে । ৩১ মাৰ্চৰ ভিতৰত ক'ব পাৰিম । কোন কেইটা সমষ্টিত আপোচ নকৰাকৈ আমি খেলিম তাৰ প্ৰথমখন তালিকা আমাৰ কৰ্ণধাৰ বৈঠকত প্ৰস্তুত কৰিম । আমি এতিয়ালৈকে কোনো আসন বিচৰা নাই । আমি এতিয়ালৈকে আসনৰ প্ৰশ্নলৈ যোৱা নাই । এটা কথা খাটাং যে ৰাইজৰ দলে ব্যাপক জনসমৰ্থন লাভ কৰিছে । আমি এতিয়া এটা ভাল সপোন দেখিবলৈ আৰম্ভ কৰিছো । বুজাবুজিত ত্যাগ থাকিব । আমি ত্যাগ কৰিম যদিও একেবাৰে কাপোৰ-কানি খুলিও দিব নোৱাৰো । দলটো বচাই ৰাখিব লাগিব । সন্ন্যাসী হৈ যাব নোৱাৰো ।"

উল্লেখ্য যে দেওবাৰে ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় । অসম জাতীয় পৰিষদৰ সংখ্যালঘু কোষৰ প্ৰাক্তন ৰাজ্যিক সভাপতি জিয়াবুৰ ৰহমান (জিয়া খান), আম আদমী পাৰ্টীৰ ছাত্ৰ সংগঠন ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ ৰাজ্যিক সাধাৰণ সম্পাদক হিৰক জ্যোতি দত্ত, আম আদমী পাৰ্টীৰ মাজুলী জিলা সমিতিৰ সভাপতি বিকি পেগুৰ নেতৃত্বত প্ৰায় অৰ্ধ শতাধিক লোকে ৰাইজৰ দলত যোগদান কৰে । সকলোকে বিধায়ক অখিল গগৈয়ে ৰাইজৰ দললৈ স্বাগতম জনায় ।

লগতে পঢ়ক :বিৰোধীৰ ঐক্য : একলা চলোৰ পক্ষত ভূপেন বৰা, আপোচ নকৰে অখিল গগৈয়ে - OPPOSITION UNITY FORUM ASSAM