ETV Bharat / politics

জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়ন বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ - PANCHAYAT ELECTIONS 2025

বিজেপি কৰ্মীৰ নেতৃত্বত নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ । শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ জালিয়াতিৰ অভিযোগত কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়ন বাতিলৰ দাবী ।

PANCHAYAT ELECTIONS 2025
নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 17, 2025 at 8:17 PM IST

3 Min Read

নগাঁও: নগাঁৱৰ লহকৰ জিলা পৰিষদ সদস্য পদৰ কংগ্ৰেছ প্ৰাৰ্থী বাবুল আলীৰ বিৰুদ্ধে উত্থাপিত শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ জালিয়াতিৰ অভিযোগত মনোনয়ন বাতিলৰ দাবীত বৃহস্পতিবাৰে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিৰ কৰ্মী-সমৰ্থকে ।

লহকৰ জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী বাবুল আলীৰ বিৰুদ্ধে বহিঃৰাজ্যৰ পৰা ভুৱা শিক্ষাগত প্ৰমাণপত্ৰৰো মনোনয়ন দাখিল কৰাৰ অভিযোগ উত্থাপন কৰিছিল স্থানীয় যুৱ সমাজৰ লগতে সংখ্যালঘু সংগ্ৰাম পৰিষদ, স্থানীয় বিজেপি কৰ্মী-সমৰ্থকে ।

নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ (ETV Bharat Assam)

বুধবাৰে লহকৰ জিলা পৰিষদৰ প্ৰাৰ্থী বাবুল আলীৰ বিৰুদ্ধে একাধিক অভিযোগ উত্থাপন কৰি নগাঁও প্ৰেছ ক্লাবত সংখ্যালঘু সংগঠনটোৰ লগতে কংগ্ৰেছ কৰ্মী বুলি দাবী কৰা স্থানীয় লোকে সম্বোধন কৰিছিল সংবাদমেল । ইয়াৰোপৰি জিলা পৰিষদ সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী বাবুল আলীৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী মজিবুৰ ৰহমানৰ নিৰ্বাচনী এজেণ্ট আজিবুৰ ৰহমানে নিৰ্বাচনী বিষয়াক দাখিল কৰিছিল লিখিত অভিযোগ । কিন্তু লিখিত অভিযোগ দাখিল কৰাৰ পাছতো কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ মনোনয়ন বাতিল নকৰা বুলিও ক্ষোভ প্ৰকাশ কৰে বিজেপি কৰ্মীৰ লগতে স্থানীয় লোকসকলে ।

লহকৰ জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী বাবুল আলীয়ে মনোনয়নৰ লগত দাখিল কৰা শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ বহিঃৰাজ্যৰ অস্তিত্বহীন অনুষ্ঠানৰ বুলিও দাবী কৰে প্ৰতিবাদী বিজেপি কৰ্মীৰ লগতে স্থানীয় লোকে । আনকি বাবুল আলীয়ে দাখিল কৰা মনোনয়নত উল্লেখ কৰা জন্মৰ তাৰিখ আৰু শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰত উল্লেখ থকা জন্মৰ তাৰিখৰ মাজত অমিল থকা বুলিও অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে ।

প্ৰমাণপত্ৰ জালিয়াতিৰে মনোনয়ন দাখিল কৰা কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে ধিং আৰক্ষী থানাত দুটাকৈ গোচৰ ৰুজু হৈ থকাৰ কথাও উল্লেখ কৰি প্ৰাৰ্থীগৰাকীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী স্থানীয় লোকে ।

উল্লেখযোগ্য যে, ৰাজ্যিক নিৰ্বাচন আয়োগৰ ৱেবচাইটৰ পৰা লাভ কৰা তথ্য অনুসৰি কংগ্ৰেছ প্ৰাৰ্থী বাবুল আলীয়ে মনোনয়নত নিজৰ জন্মৰ তাৰিখ ১৭ ফেব্ৰুৱাৰী ১৯৮৫ চন বুলি উল্লেখ কৰিছে । সেইমৰ্মে বাবুল আলীৰ বয়স হ'ব লাগে চল্লিশ বছৰ । কিন্তু মনোনয়নৰ সৈতে দাখিল কৰা শপতনামাত বাবুল আলীয়ে নিজৰ বয়স ৩৫ বছৰ বুলিহে উল্লেখ কৰিছে ।

উল্লেখ্য যে, জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিবলৈ প্ৰাৰ্থীগৰাকীৰ সৈতে ফোনযোগে যোগাযোগ কৰা হৈছিল যদিও ফোন গ্ৰহণ নকৰাত প্ৰতিক্ৰিয়া সংলগ্ন কৰাটো সম্ভৱ হোৱা নাই । লহকৰ জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী বাবুল আলীৰ বিৰুদ্ধে উত্থাপন হোৱা জালিয়াতিৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগে পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক: ভুৱা শিক্ষাগত প্ৰমাণপত্ৰৰে মনোনয়ন দাখিল ! আৰক্ষী থানাত ৰুজু গোচৰ - PANCHAYAT ELECTIONS 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.